অসম

assam

ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি... - Top ten at 5

পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...

Top ten at 5
পাঁচ বজাৰ শীৰ্ষ দহ বাতৰি...

By

Published : Sep 6, 2020, 4:59 PM IST

শিশু নিৰ্যাতনৰ অভিযুক্তক গ্ৰেপ্তাৰ সন্দৰ্ভত সংবাদমেল সম্বোধন ডিব্ৰুগড় আৰক্ষীৰ

বনকৰা শিশুৰ দেহত গৰমপানী ঢালি নিৰ্মম অত্যাচাৰ চলোৱা ডাঃ সিদ্ধিপ্ৰসাদ দেউৰী আৰু অধ্যক্ষা ড৹ মিতালী কোঁৱৰে বিগত ৩১ আগষ্টতেই এৰিছিল ডিব্ৰুগড় । পৰৱৰ্তী সময়ত শিৱসাগৰ,যোৰহাটৰ নামদেউৰী গাঁও আৰু গুৱাহাটীত আত্মগোপন কৰাৰ পিছত পশ্চিমবংগৰ নিউ জলপাইগুৰিত আত্মগোপন কৰিছিল দম্পতীহালে । এই কথা প্ৰকাশ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ৷

বগা চাহৰ খেতিৰে লাভৱান হৈছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক

বগা চাহ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো আন চাহ প্ৰস্তুততকৈ সম্পূৰ্ণ পৃথক। পুৱা সূৰ্য‍ উদয় হোৱাৰ আগতেই কেৱল কোঁহটো চিঙিব লাগে । কোঁহ চিঙাৰ সময়ত মুখত মাস্ক আৰু হাতত গ্লভ্‌চ পিন্ধিতো অতি প্ৰয়োজন । কোঁহবোৰ চিঙি 'ডায়াৰ'ত দিনটো ৰখাৰ পিছত নিশা দিনৰ তাপমাত্ৰাৰ জোখত 'ডায়াৰ'ত কৃটিমভাৱে শুকুৱাব লাগে । এই বগা চাহৰ বজাৰ দৰ সৰ্বাধিক ।

ব্ৰাউন চুগাৰসহ বৰপেটাত গ্ৰেপ্তাৰ আৰু এজন ড্ৰাগছ ব্যৱসায়ী

বৰপেটা জিলাৰ বিভিন্ন স্থানত 5 দিনৰ ভিতৰত 8 জনকৈ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ ৷ শনিবাৰে সন্ধিয়া হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত আৰক্ষী এটা দলে হাজীপাৰা গাঁৱত অভিযান চলাই কৰায়ত্ব কৰিলে আৰু এজন ড্ৰাগছৰ ব্যৱসায়ী ৷

জনজাতিকৰণৰ দাবীৰে সৰুপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ

শেহতীয়াকৈ বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনত মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ বিধেয়ক গৃহীত হোৱা বিষয়ক লৈ দেওবাৰে সৰুপথাৰত ক্ষোভ প্ৰকাশ কৰিলে চুতীয়া ছাত্ৰ সন্থাই ৷

খাৰুপেটীয়াৰ যুৱকে উদ্ভাৱন কৰিলে বেটাৰী চালিত চাইকেল

প্ৰতি ঘন্টাত ২৫ কিঃমি বেগত চলা চাইকেলখনৰ নিৰ্মাণত খৰচ হৈছে 20 হাজাৰ টকা । কাৰিকৰী প্ৰশিক্ষণ নথকা যুৱকজনে আৰ্থিক সহায় পালে আগলৈ হেলিকপ্তাৰ নিৰ্মাণৰ সপোন দেখিছে ।

চিকিৎসক ৰাহুল বসুমতাৰীৰ ওদালগুৰিৰ বাসগৃহত শোকৰ ছাঁ

কনিষ্ঠ চিকিৎসক ৰাহুল বসুমতাৰীৰ ওদালগুৰিৰ বাসগৃহত বিৰাজ কৰিছে এক শোকাকুল পৰিৱেশ ৷ হত্যাকাণ্ড সংঘটিত হোৱাৰ পূৰ্বে ৰাহুলে মাতৃৰ সৈতে ফোনত কথা বতৰা পতা বুলি জানিবলৈ দিছে ৰাহুলৰ মাতৃ নিৰলা বসুমতাৰীয়ে ৷ দোষীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে চৰকাৰক কাতৰ আহ্বান ৰাহুলৰ মাতৃৰ ৷

শৃংখলা দখলৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব ইংলেণ্ড

তিনিখন মেচৰ টি-20 শৃংখলাত 1-0 ৰ অগ্ৰগতি ইংলেণ্ডৰ ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলা দখলৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব মৰ্গান বাহিনী ৷

কৰিমগঞ্জত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

কৰিমগঞ্জ জিলাৰ বন বিভাগৰ অভিযানত আছিমগজ্ঞৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে বন বিভাগে কাঠ জব্দ কৰিবলৈ সক্ষম হ’ল যদিও চোৰাং কাঠ সৰবৰাহ কৰা ব্যক্তিজন পলায়ন কৰে বুলি জানিবলৈ দিয়ে ৷

জাঁজীৰ দিচাং ধাবাত অগ্নিকাণ্ড

জাঁজীৰ দিচাং ধাবাত দেওবাৰে পুৱতি নিশা সংঘটিত অগ্নিকাণ্ডত 20-25 লাখ টকাৰ সম্পত্তি জাহ যায় বুলি জানিবলৈ দিয়ে ধবা কৰ্তৃপক্ষই ৷

আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ধুবুৰীবাসীৰ

ধুবুৰীত গৰাখহনীয়াৰ কবলত বিস্তৰ অঞ্চল ৷ বছৰ বছৰ ধৰি ভুক্তভোগী ৰাইজে জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষক সমস্যা সমাধানৰ বাবে অবগত কৰাৰ পিছতো সমস্যা সমাধানত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৷ অতিশীঘ্ৰে সমস্যাৰ স্থায়ী সমাধান নকৰিলে নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ ৷

ABOUT THE AUTHOR

...view details