অসম

assam

ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি

5 বজাৰ শীৰ্ষ দহটা বাতৰি

5 বজাৰ শীৰ্ষ দহটা বাতৰি
5 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Sep 15, 2022, 5:20 PM IST

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে ডিব্ৰুগড়ত তীব্ৰ প্ৰতিবাদ

অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত এতিয়াও ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ দল-সংগঠন সমূহ । কেবিনেটত লোৱা হঠকাৰী সিদ্ধান্তত আজি জাঙুৰ খাই উঠিছে ৰাজ্যৰ ছয় জনগোষ্ঠীয় সংগঠন ।

ৰাজহুৱা খণ্ড ধ্বংসকাৰী ঠিকাদাৰৰ ভূমিকাত মুখ্য়মন্ত্ৰী: ৰাইজৰ দল

ৰাজহুৱা খণ্ডৰ সম্পত্তি পুঁজিপতিক বিক্ৰী কৰি দেশৰ অৰ্থনীতি গতাই দিয়াৰ চক্ৰান্ত ৰচনা কৰিছে বিজেপি চৰকাৰে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি ৰাইজৰ দলৰ নেতা দুজনে কয় যে মুখ্যমন্ত্ৰীয়ে ভাৰতীয় সংবিধানৰ প্ৰস্থাৱনাত উল্লেখিত সমাজবাদ শব্দক উলাই কৰি সংবিধানক অপমান কৰিবলৈও কুণ্ঠাবোধ কৰা নাই ৷

তেজপুৰত ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেলৰ গণ বিক্ষোভ

ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেল, শোণিতপুৰ জিলা সমিতিয়ে আজি তেজপুৰ জয়মতী পথাৰৰ পৰা ক'ৰ্ট চাৰিআলিলৈ এক গণ বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে (Voters Party International protest at Tezpur) । বিভিন্ন অঞ্চলত থলুৱা লোকক উচ্ছেদ কৰি সেই ভূমি পুঁজিপতিক গটোৱাৰ বিৰুদ্ধে আজি এই প্ৰতিবাদ সাব্যস্ত কৰে ।

তিনিচুকীয়াত বিজেপিৰ বিৰুদ্ধে সোচ্ছাৰ অসমৰ ৬ জনগোষ্ঠী

জনজাতিকৰণক লৈ উত্তাল ৰাজ্য (Protests in Assam demanding ST)। অসমৰ ৬ জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে গৰজি উঠিল ৰাজ্যৰ দল-সংগঠন । তিনিচুকীয়াত দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, জনজাতি পৰিক্ৰমা মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ ।

যাত্ৰীবাহী বাছ দুৰ্ঘটনাত নিহত 6জন, আহত 25 জন


ৰাজৌৰীত অঘটন ৷ দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী বাছ ৷ ফলত থিতাতে নিহত হয় 6 আৰু আহত হয় 25 জনতকৈয়ো অধিক (Six died in Rajaouri road accident) ৷

শিৱসাগৰত বিদ্যুৎ কৰ্মচাৰীৰ প্ৰতিবাদ

শিৱসাগৰ বিদ্যুৎ সংমণ্ডলত শক্তি বিভাগৰ আউটচ'ৰ্চ কৰ্মচাৰীৰ প্ৰতিবাদ (APDCL outsource workers protest)। নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদানৰ দাবী কৰ্মচাৰীসকলৰ । আগন্তুক দিনত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ ।

Delhi Liquor Policy scam : বিজেপিয়ে মুকলি কৰিলে ষ্টিং অপাৰেচনৰ ভিডিঅ'

দিল্লী চৰকাৰৰ নতুন আবকাৰী নীতিৰ (Delhi Govt liquor policy) কেলেংকাৰীক লৈ বিৰোধীৰ ৰাজনীতি অব্যাহত আছে । এইবাৰ বিজেপি আন এক গুৰুতৰ অভিযোগ । কেলেংকাৰীৰ ধন গোৱা আৰু পাঞ্জাৱৰ নিৰ্বাচনত ব্যৱহাৰ হৈছিল । কেজৰিৱাল চৰকাৰৰ মাত্ৰ এটাই নীতি আছে । সেয়া হৈছে কেলেংকাৰীৰ নীতি ।

জৈৱিক প্ৰমাণ পত্ৰ এজেন্সী স্থাপনৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ

ত্ৰিপুৰাই ইয়াৰ জৈৱিক কৃষিৰ ক্ষেত্ৰখন সম্প্ৰসাৰিত কৰিছে । জৈৱিক কৃষিৰ অধীনত আমাৰ 2,000 হেক্টৰ এলেকা আছিল । চৰকাৰে ২১,০০০ হেক্টৰ এলেকালৈ জৈৱিক কৃষি সম্প্ৰসাৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে (organic cultivation in Tripura) ।

আকৌ কেন্দ্ৰৰ প্ৰৱঞ্চনা: জনজাতিৰ মৰ্যাদা নোপোৱাত প্ৰতিবাদ আটাছুৰ

কেন্দ্ৰীয় কেবিনেটে বুধবাৰে ছত্তিশগড়, হিমাচল প্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু উত্তৰ প্ৰদেশৰ অনুসূচিত জনজাতিৰ শ্ৰেণীত কেইবাটাও জনজাতীয় সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱত অনুমোদন জনায় (Union Cabinet led PM Modi granted ST) । ইয়াৰ পাছতেই অসমত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইয়াৰ বিৰুদ্ধে আজি শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰে আটাছুৱে ৷

হৰি নামৰ ধ্বনিৰে মুখৰিত লেতেকুপুখুৰীৰ বাকৰি

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি (426th Death anniversary of Madhavdev observe) । আজি সমগ্ৰ ৰাজ্যবাসীয়ে স্মৰণ কৰিছে গুৰুজনাক ।

ABOUT THE AUTHOR

...view details