অসম

assam

ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি - ETV bharat top news

5 বজাৰ শীৰ্ষ দহটা বাতৰি

5 বজাৰ শীৰ্ষ দহটা বাতৰি
5 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Aug 13, 2022, 6:07 PM IST

মহানগৰীত প্ৰভাত ফেৰীত মুখ্যমন্ত্ৰী

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস (75th Years of Independence) পালনৰ বাবে সাজু হৈছে দেশবাসী । সমগ্ৰ দেশে আজাদী কা অমৃত মহোৎসৱৰ (Azadi ka Amrit Mahotsav) লগত সংগতি ৰাখি পালন কৰিছে হৰ ঘৰ ত্ৰিৰংগা (Har Ghar Tiranga) কাৰ্যসূচী । ইয়াৰে অংশৰূপে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে মহানগৰীত শনিবাৰে পুৱা চৰকাৰী উদ্যোগত ৰূপায়িত হয় প্ৰভাত ফেৰী । এই প্ৰভাত ফেৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Chief Minister Himanta Biswa Sarma at Prabhat Pheri)অংশগ্ৰহণ কৰে।

দুলীয়াজানত গেছ পৰিবাহী পাইপ ফুটি অহৰহ ওলাইছে গেছ

দুলীয়াজানত ভয়ংকৰ ঘটনা । ভয়াৱহভাৱে অসম গেছ কোম্পানী লিমিটেডৰ গেছ পৰিবাহী পাইপৰ পৰা নিৰ্গমন হৈছে গেছ (Gas pipe bursts in Duliajan)। দুলীয়াজানৰ ডিৰিয়াল চাহ বাগিচাৰ ধোঁৱা লাইনত সংঘটিত হৈছে এই ঘটনা । প্ৰথমে প্ৰচণ্ড শব্দ আৰু তাৰ পিছত পাইপৰ পৰা নিৰ্গমন হৈছে গেছ ।

পুনৰ ক'ভিডত আক্ৰান্ত ছোনিয়া গান্ধী

দুমাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ক'ভিডত আক্ৰান্ত হৈছে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী(Sonia Gandhi Covid positive) ৷ শনিবাৰে গান্ধীৰ ক'ভিড পৰীক্ষা কৰাৰ সময়তে তেওঁ ক'ভিডত আক্ৰান্ত হোৱাটো পোহৰলৈ আহে ৷ সম্প্ৰতি চৰকাৰৰ কোভিড নীতি অনুসৰণ কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে নিজকে জনসমাগমৰ পৰা আতঁৰাই ৰাখিছে ৷ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এক টুইটযোগে এই কথা সদৰি কৰিছে ৷

প্ৰধানমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাই বৰপেটাত দোভাগ নিশা উত্তোলন ৰাষ্ট্ৰীয় পতাকা

প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই বৰপেটাৰ পাঁচআলি চ'কত নিশা ১ বজাত উত্তোলন জাতীয় পতাকা(National flag hoisted in Barpeta) ৷ স্বেচ্ছাসেৱী অনুস্থান ৰংঘৰ বৰপেটাৰ উদ্যাগত চহৰখনৰ মাজমজিয়াত জাতীয় পতাকা উত্তোলনৰ এই কাৰ্যসূচীত অংশ ললে বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা, ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দলেৰ লগতে বৰপেটা চহৰৰ বহু লোকে ৷

মৃত্যুৰে যুঁজিছে ছলমান ৰুশ্বডিয়ে, উদ্বিগ্ন বিশ্বৰ সাহিত্যজগত

শুকুৰবাৰে দৰ্শকৰ সন্মুখতে মঞ্চত দুৰ্বৃত্তই আক্ৰমণ কৰে ছলমান ৰুশ্বডিক । নিউয়ৰ্কত এক অনুষ্ঠানৰ মাজতে সংঘটিত হয় এই ঘটনা (Salman Rushdie attack in New York)। সাহিত্যিকগৰাকীৰ ছুৰীৰে আক্ৰমণ কৰা লোকজনক আটক । সম্প্ৰতি সংকটজনক অৱস্থাত আছে বুকাৰ বঁটা বিজয়ী ৰুশ্বডি ।

তিনিচুকীয়াত আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী

ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ মাজতে একাংশই নিচা জাতীয় দ্ৰব্য সৰবৰাহৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰিছে । ইয়াৰ মাজতে তিনিচুকীয়াত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগসহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয়(Drugs Peddlers arrest in Tinisukia)।

বিদ্যালয়ৰ ভূমি বেদখলৰ বিৰুদ্ধে শিক্ষাৰ্থী, বিদ্যালয় কৰ্তৃপক্ষ, ৰাইজৰ প্ৰতিবাদ

১৭৯০ নং চৰ দিগজানি প্ৰাথমিক বিদ্যালয়ৰ ভূমি বেদখল(Digjani Primary School land encroachment)। বেদখলকাৰীৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰী, বিদ্যালয় কৰ্তৃপক্ষ আৰু ৰাইজৰ প্ৰতিবাদ । অতি সোনকালে বেদখলকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী।

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱত উত্তপ্ত পৰিস্থিতি । নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৰোগীৰ পৰিয়ালৰ প্ৰতিবাদ (Protest at Nagaon Bhogeswari Phukanani Civil Hospital)। চিকিৎসাৰ নামত চিকিৎসক আৰু নাৰ্চে গাফিলতিৰ অভিযোগ ।

কাৰাগাৰৰ পৰা ওলাল যুৱনেতা আংতং ইংতি

এপিএইছএলিচি মুখপাত্ৰ আংতং ইংতি কথাৰৰ আঞ্চলিকতাবাদৰ এক বলিষ্ঠ কণ্ঠ হিচাপে পাহাৰৰ ৰাজনীতিত এক সুকীয়া পৰিচয় আছে ৷ শুকুৰবাৰে কোনো গোচৰৰ শুনানিত হাজিৰ হোৱাৰ বাবে ডিফু আদালতত উপস্থিত হোৱাৰ পিছতে আৰক্ষীয়ে হঠাতে গ্ৰেপ্তাৰ কৰে এপিএইচএলচিৰ মুখপাত্ৰগৰাকীক(APHLC spokesperson Angtong Ingti Kathar) ৷

ভাৰতবৰ্ষক ভালপোৱা সকলোকে জাতীয় পতাকা উৰুৱাবলৈ আহ্বান মন্ত্ৰী তেলীৰ

মৰাণত ঘৰে ঘৰে ত্ৰিৰংগ পতাকা(Har Ghar Tiranga) অনুষ্ঠানত অংশ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰতবৰ্ষক ভালপোৱা প্ৰতিগৰাকী লোককে ১৫ আগষ্টত ৰাষ্ট্ৰীয় পতাকা উৰুৱাবলৈ জনালে আহ্বান(Rameswar Teli urges to hoist national flag) ।

ABOUT THE AUTHOR

...view details