আলফাৰ নাম লৈ কোনে চলাইছে ধন সংগ্ৰহ অভিযান ?
নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ নাম লৈ এচাম দুষ্ট চক্ৰই ধন সংগ্ৰহ অভিযান চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ৷ যুদ্ধ বিৰতি(ceasefire) প্ৰক্ৰিয়াৰ অংশ স্বৰূপে সংগঠনটোৱে বৰ্তমান পৰ্যন্ত হিংসাত্মক কাৰ্যসূচী তথা ধন সংগ্ৰহৰ পৰা বিৰত হৈ আছে এনে সময়ত জনমানসত আলফাৰ ভাৱমূৰ্তি ম্লান কৰাৰ অপচেষ্টা চলা বুলি এক বিবৃতি যোগে দাবী উত্থাপন কৰিছে সংগঠনটোৱে ৷
Pegasus কাণ্ড : তালিকাত সমুজ্জ্বল ভট্টাচাৰ্য আৰু অনুপ চেতিয়াৰ নাম
পেগাচাচ (Pegasus)ৰ ফোন টেপিঙৰ তালিকাত ভাৰতৰ বহু প্ৰখ্যাত সাংবাদিক, মানৱাধিকাৰ কৰ্মী, ৰাজনীতিক তথা বিশিষ্ট ব্যক্তিৰ নাম সন্নিবিষ্ট হৈছে । যাক লৈ ইতিমধ্যে দেশজুৰি বিতৰ্ক অব্যাহত আছে ৷ আশ্চৰ্যজনকভাৱে এই তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে অসমৰ দুজন বিশেষ ব্যক্তিৰ ৷ তেওঁলোক দুজন হ’ল আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাৰ্য আৰু আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়া ৷
মুলসূঁতিলৈ ঘূৰি আহিল বাথা
বিদ্ৰোহী সংগঠন নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ বড়োলেণ্ড (NLFB)ৰ মুৰব্বী এম বাথা(M Batha)ই বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ মাজবাটৰ চিকাৰীডাঙত অসম-অৰুণাচল সীমান্তত আত্মসমৰ্পণ কৰে । আত্মসমৰ্পণস্থলীত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ৷
এম বাথাৰ ওভতনি যাত্ৰাত উৎফুল্লিত পত্নী-কন্যা
20 জন কেডাৰসহ ওদালগুৰি জিলাত উপস্থিত এম বাথা ৷ বিদ্ৰোহী সংগঠন এন এল এফ বি (NLFB)ৰ নেতা গৰাকীয়ে আত্মসমৰ্পণ কৰিব আৰক্ষীৰ ওচৰত ৷
মুখ্যমন্ত্ৰীক গো-মাংস ভক্ষণৰ প্ৰস্তাৱ আগবঢ়াই বিপদত যুৱতী
মুখ্যমন্ত্ৰীক গো-মাংস(beef) ভক্ষণৰ প্ৰস্তাৱ আগবঢ়াই বিপদত যুৱতী ৷ বিধান সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে গো-সংৰক্ষণ বিধেয়ক(cattle preservation bill) উত্থাপন কৰাৰ পিছতে সংঘটিত হোৱা এই ঘটনাই ৰাজ্যৰ ৰাজনীতিত বহন কৰিছে বিশেষ তাৎপৰ্য ৷