ভাৰতত জৰুৰী অৱস্থা: ৰাষ্ট্ৰৰ ক'লা অতীতৰ এক অৱলোকন
অন্ধকাৰ সদৃশ সময় । দেশত জৰুৰী অৱস্থা ঘোষণা । নিজ দেশতে মৌলিক অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল ভাৰতৰ নাগৰিক । কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ অবিবেচক সিদ্ধান্তৰ পৰিণতি ভূগিলে দেশৰ জনগণে । তদানীন্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদলৈ প্ৰেৰণ কৰা এখন পত্ৰত ইণ্ডিৰা গান্ধীয়ে উল্লেখ কৰিছিল যে, "আমি কেতবোৰ তথ্য লাভ কৰিছো, যি ভাৰতৰ নিৰাপত্তাৰ প্ৰতি আসন্ন বিপদৰ সংকেত দিছে" । অৱশেষত ১৯৭৫ চনৰ ২৫ জুনৰ নিশা প্ৰধানমন্ত্ৰী ইণ্ডিৰা গান্ধীৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে দেশত ঘোষণা কৰিছিল আভ্যন্তৰীণ জৰুৰীকালীন অৱস্থা । ভাৰতত ২১ মাহ পৰ্যন্ত জৰুৰী অৱস্থা বাহাল আছিল ।
শিশু ধৰ্ষণ-হত্যাৰ তদন্তৰ বুজ ল’বলৈ ভূৰাগাঁৱত মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা শুকুৰবাৰে ৰাতিপুৱা ১০:২০ বজাত মৰিগাঁও জিলাৰ ভূৰাগাঁৱত উপস্থিত হয় । উল্লেখযোগ্য যে, বিগত ২০ জুনত ভূৰাগাঁও থানাৰ বালিডোংগাত এটি ৯ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰাৰ লগতে হত্যা কৰি মৰাপাট খেতিত পেলাই থৈছিল । ইপিনে ঘটনাৰ ৫ দিন উকলি যোৱাৰ পাচতো ঘটনা সংঘটিত কৰা দুৰ্বৃত্তটোক চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে । সেয়ে শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘটনাৰ তদন্ত প্ৰক্ৰিয়াৰ বুজ লোৱাৰ উদ্দেশ্য ভূৰাগাঁও থানাত উপস্থিত হৈ স্থানীয় ৰাইজ ,ভুক্তভোগী পৰিয়াল আৰু তদন্তকাৰী বিষয়া সকলৰ লগত আলোচনাত মিলিত হয় ।
কাশ্মীৰৰ সীমানিৰ্ধাৰণ: এনডিএ চৰকাৰ আৰু আঞ্চলিক দলসমূহৰ বাবে এক কাঁইটীয়া বিষয়
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত সীমানিৰ্ধাৰণৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰাৰ আহ্বান জনাইছিল যদিও নেশ্যনেল কনফাৰেঞ্চ (national conference)ৰ উপ-সভাপতি ওমৰ আব্দুল্লাই ইয়াৰ বিৰোধিতা কৰিছে ৷ যাৰ ফলত কেন্দ্ৰীয় চৰকাৰ আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহৰ মাজত এক জটিল বিষয় হ'ব বুলি বহুজনে মত প্ৰকাশ কৰিছে ৷
এটা চৰকাৰী বিভাগে মূহুৰ্ততে হত্যা কৰিলে শতাধিক দুষ্প্ৰাপ্য বগলী
টংলা চহৰত একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে এজোপা বাঁহ গছত আশ্ৰয় লৈ থকা শতাধিক বগলীক অতি নিৰ্মম ভাৱে হত্যা কৰাৰ অভিযোগে তীব্ৰ সম্প্ৰতি চাঞ্চল্য সৃষ্টি কৰিছে ।
ক'ভিডৰ ডেল্টা প্লাছ প্ৰকাৰক লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন ৰাহুল গান্ধীৰ
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে চৰকাৰক প্ৰশ্ন কৰে যে কৰ'ণা ভাইৰাছৰ 'ডেল্টা প্লাছ' প্ৰকাৰৰ বিস্তাৰ পৰীক্ষা আৰু প্ৰতিৰোধ কৰিবলৈ বৃহৎ পৰিমাণৰ পৰীক্ষা কিয় কৰা হোৱা নাই আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিষেধকবোৰ (Vaccine) কিমান কাৰ্যকৰী । বহু বিশেষজ্ঞই ইতিমধ্যে উদ্বেগ প্ৰকাশ কৰি কয় যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা ঘোষণা কৰা ডেল্টা প্লাছ প্ৰকাৰটোৱে দেশত কৰ'ণাৰ তৃতীয় ঢৌ আৰম্ভ কৰিব পাৰে ।