মাতৃৰ অসুস্থতা: কাৰ্যসূচী সামৰি ডিব্ৰুগড়লৈ লুৰিণ
গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ ডুলু গগৈ ৷ ইতিমধ্যে সঞ্জীৱনী নাৰ্চিংহোমত উপস্থিত হৈছে এজেপিৰ তিনিচুকীয়াৰ প্ৰাৰ্থী তথা প্ৰাক্তন জ্যেষ্ঠ প্ৰশাসনিক বিষয়া ছমচেৰ সিঙৰ লগতে এজেপিৰ বহু নেতা-কৰ্মী আৰু আছু নেতৃত্ব ৷ কাৰ্যসূচী সামৰি গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ওভতিছে এজেপিৰ সভাপতি গৰাকী ৷
হাগ্ৰামাই সকলোতে জাতি বিক্ৰী কৰিছে: প্ৰমোদ বড়ো
বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৰ বাসুগাঁৱত ৰোড শ্ব' ৷ অসমত সুস্থ চৰকাৰ গঠনত ৰাইজে সহায় কৰিব বুলি মন্তব্য প্ৰমোদ বড়োৰ ৷
ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ শলগুৰিত দৌল উৎসৱ
প্ৰতিবছৰে শলগুৰিবাসীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত-বৈষ্ণৱ সকলে ফাকুৱাৰে ৰাঙলী হৈ হৰিনামৰ ধ্বনিৰে ফাকুৱা খেল পাতে ৷ পূৰ্বতে মাধৱ গোঁসাই, দৌকা চাপৰি সত্ৰ, কৰিতি পাৰ সত্ৰ, বাসুদেৱ থান, বুঢ়া গোঁসাই, শলগুৰি গোঁসাইকে ধৰি সকলোৱে ফাকুৱা পথাৰত গৈ গোঁসাই দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল ৷ এইবেলি ক’ভিডৰ কাৰণে সকলো কাৰ্যসূচী বাতিল কৰা হৈছে ৷
5 বছৰত 10 লাখ নিৱনুৱাক কৰ্ম সংস্থাপনৰ প্ৰতিশ্ৰুতি মুখ্য়মন্ত্ৰী সোণোৱালৰ
বোকাজানত বিজেপিৰ বিশাল নিৰ্বাচনী সভা ৷ বিজেপিয়ে ১০০+ আসন লাভ কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷
সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ
জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যু । সোমবাৰে পুৱা ঘৰৰ সন্মুখৰ নলাত উদ্ধাৰ সাংবাদিকগৰাকীৰ মৃতদেহ । সাংবাদিক গৰাকী হত্যাকাণ্ডৰ বলি হোৱাৰ সন্দেহ পৰিয়ালৰ ৷