ন্যায়ৰ অপেক্ষাত 15 বছৰ অতিক্ৰম কৰিলে কাৰ্বি-ডিমাছা সংঘাতৰ ভুক্তভোগীয়ে
2005 চনৰ 17 অক্টোবৰত কাৰ্বি আৰু ডিমাছা সম্প্ৰদায়ৰ মাজত হোৱা ভাতৃঘাটি সংঘাতৰ সুযোগ লৈ সংঘটিত হৈছিল পশ্চিম কাৰ্বি আংলঙৰ ছাৰচিম-প্ৰিচেকত এক শিহৰণকাৰী গণহত্যাৰ ঘটনা । এই গণহত্যাত অচিনাক্ত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাইছিল শিশু-মহিলাকে ধৰি 41 গৰাকীকৈ নিৰীহ লোকে । দেওবাৰে আয়োজন কৰা শোঁক দিৱস কাৰ্যসূচীৰ জৰিয়তে মৌন প্ৰাৰ্থনা-শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙসহ কাৰ্বি পৰিষদৰ বৃহৎ সজাতি দলৰ লগতে বিভিন্ন দল সংগঠন আৰু অন্য ৰাজনৈতিক দলসমূহে ।
পহিলা ডিচেম্বৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব অসম ৰাজ্যিক চিৰিয়াখানা
প্ৰায় সাত মাহৰ অন্তত পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান ৷ দুটাকৈ বাঘৰ পোৱালী, এটা বাঘৰ পোৱালী আৰু এটা জলহস্তীৰ পোৱালী হ'ব আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷
অসমৰ সংৰক্ষিত বনাঞ্চলত চকু মিজো আগ্ৰাসনকাৰীৰ
লক ডাউনৰ সুযোগ লৈ মিজোৰামৰ মামিট জিলাৰ সীমান্তৱৰ্তী মিজো লোক সকলে ৰাতাবাৰী সমষ্টিৰ বৰভুবি এলেকাত সিংলা সংৰক্ষিত বনাঞ্চলত অসমৰ মাটি দখল কৰি জুম খেতি কৰাৰ লগতে পুখুৰী খান্দিছিল ৷ আনকি অসমৰ মাটিত ঘৰ পৰ্যন্ত নিৰ্মাণ কৰিছিল । তাৰোপৰি এম জি এনৰেগা আঁচনিৰ এখন ছাইনব'ৰ্ড অসমৰ মাটিত লগাই দিছিল মিজো লোকসকলে ।
NEET পৰীক্ষাত দেশৰ ভিতৰত 1546 স্থান লৈ উত্তীৰ্ণ গোৱালপাৰাৰ ছাত্ৰ
দেশৰ ভিতৰত 1546 স্থান লৈ NEET পৰীক্ষাত উত্তীৰ্ণ গোৱালপাৰাৰ ছাত্ৰ ৷ গৃহ জিলাৰ লগতে শিক্ষানুষ্ঠানত শিক্ষাৰ্থী গৰাকীক সম্বৰ্ধনা জ্ঞাপন ৷
মৰিগাঁৱত নৱজাতকৰ মৃতদেহ উদ্ধাৰ
কাতি বিহুৰ আনন্দ উল্লাসৰ মাজতে মৰিগাঁৱত নৱজাতকৰ মৃতদেহ উদ্ধাৰ ৷ মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বঘৰাৰ মৰিগাঁও- জাগীৰোড পথৰ দাঁতিত মৃতদেহটো উদ্ধাৰ ৷ কোনো লোকে নিশাৰ ভাগত শিশুটিক পথৰ দাঁতিত পেলাই থোৱাৰ যোৱাৰ সন্দেহ ৷