অতি শীঘ্ৰে বড়ো মাধ্যমৰ বিদ্যালয়ৰ বাবে অনুষ্ঠিত হ'ব বিশেষ টেট ৷ বড়ো মাধ্যমৰ বিদ্যালয়সমূহত খালী হৈ থকা শিক্ষক পদসমূহ পূৰণৰ বাবে অনুষ্ঠিত কৰা হ'ব বিশেষ টেট ৷ শনিবাৰে বিটিআৰত উপস্থিত হৈ এই কথা ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷
ৰাজ্যত ভংগ প্ৰতিবন্ধী সুৰক্ষা আইন ৷ প্ৰতিবন্ধী সুৰক্ষা আইনৰ নামত বেচৰকাৰী সংস্থাৰ ব্যাপক লুণ্ঠনৰ অভিযোগ ৷ 2013 চনৰ পৰাই চলি আহিছিল এই লুণ্ঠন ৷
অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে অযুক্তিকৰ বিষয়ত আন্দোলন কৰি নতুন প্ৰজন্মক আৱদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰাৰ অভিযোগ জিতু বৰগোঁহাইৰ ৷
ৰাজধানী দিল্লীত সাংবাদিকে আলফাৰ সৈতে শান্তি আলোচনা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত সৰৱ হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা সাৰ্বভৌমত্বৰ দাবীত অটল থকাৰ বাবেই এই আলোচনা এতিয়াও সম্ভৱপৰ হৈ উঠা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
গঁড়ৰ খৰ্গৰ চোৰাং বেহাত জড়িত হৈ পৰিছে খোদ বন সুৰক্ষা কৰ্মী ৷ গঁড়ৰ খৰ্গৰ চোৰাং বেহাত জড়িত থকাৰ অভিযোগত জড়িত থকাৰ অভিযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ দুজন বন কৰ্মীক আটক কৰিছে বন বিভাগে ৷
প্ৰায় ডেৰ বছৰ ধৰি কাৰাবন্দি হৈ থকা ৰাইজৰ দলৰ সভাপতি তথা ১০৮ নং শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পাছতে এতিয়া সমগ্ৰ অসমবাসীৰ মাজতে উৎসাহৰ ঢল উঠিছে সমান্তৰালকৈ সামাজিক মাধ্যমটো অখিল গগৈৰ বিষয়টো ব্যাপক চৰ্চা লাভ কৰিছে। অসমত 'কা' (CAA) বিৰোধী আন্দোলন চলি থকাৰ সময়তে ২০১৯ চনৰ ডিচেম্বৰ মাহৰ ১১তাৰিখে মাওবাদীৰ লগত সম্পৰ্ক থকা গোচৰত গ্ৰেপ্তাৰ কৰিছিল কৃষক নেতা অখিল গগৈক। আৰু জেলৰ ভিতৰৰ পৰা শিৱসাগৰ সমষ্টিৰ পৰা শিৱসাগৰবাসীয়ে বিধায়ক হিচাপে নিৰ্বাচিত কৰি বিধানসভাৰ মজিয়ালৈ পঠিয়ালে অখিল গগৈক। সুদীৰ্ঘ ৫৬৭টা দিনৰ পাছত অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পিছত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তিনিচুকীয়া জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । এটাৰ পাছত আন এটা ভুৱা গোচৰ ৰুজু কৰি সুদীৰ্ঘ কাল কাৰাবন্দি কৰি ৰাখিছিল চৰকাৰে ৷ আগন্তুক দিনত বিজেপি চৰকাৰক উৎখাত কৰিবলৈ অসমৰ ৰাইজক আহ্বান জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি পাপু দত্ত আৰু কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীয়ে ৷
ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ, মেলেৰীয়া আৰু ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা ৷ এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM) অসমৰ যুটীয়া সঞ্চালক (মেলেৰীয়া) তথা NVBDCP ৰ SPO ডাঃ হৰপাল সিং চূড়ীয়ে ৷
শোণিতপুৰ জিলাৰ ক'ভিড -১৯ (Covid 19)ৰ পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে শনিবাৰে জিলাখনত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta) ৷ জিলাখনৰ উপায়ুক্তকে ধৰি শীৰ্ষ বিষয়া সকলৰ সৈতে এক পৰ্যালোচনাত মিলিত হয় মন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta) ৷ ইফালে শীৰ্ষ বিষয়া সকলে দিয়া তথ্যৰ ভিত্তিত 2000 হাজাৰৰো অধিক শিশু কৰ'ণা (Corona)ত আক্ৰান্ত হৈছে ৷ যদিও স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে শোণিতপুৰ জিলাত ক’ভিড (Covid 19) পৰিস্থিতি ক্ৰমান্বয়ে উন্নতৰ দিশে আহিছে বুলি মন্তব্য কৰে । নিশা 7 বজাৰ পৰা 9 বজালৈ অনুষ্ঠিত হোৱা বৈঠকৰ পিছত তেওঁ সাংবাদিকৰ আগত কয় যে, আজিৰ দিনটোত শোণিতপুৰ জিলাত 1297 গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ৷ ইয়াৰে ভিতৰত 1202 জন চিকিৎসালয়ত ভৰ্তি হোৱা বিপৰীতে 195 জন হোম আইচ'লেশ্যনত আছে ৷
তিনিগৰাকী 'প্ৰটেকটেড উইটনেছ' ৰ প্ৰমানহীন অভিযোগেৰে কৃষক নেতা অখিল গগৈক যোৱা ডেৰ বছৰে বন্দী কৰি ৰখা হৈছিল কাৰাগাৰত। এই গোপন সাক্ষীৰ মতে অখিল গগৈয়ে এটা দশকৰ আগৰ পৰাই উৰিষ্যা আৰু ঝাড়খণ্ড ৰ মাওবাদী সংগঠনৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক ৰাখি ৰাষ্ট্ৰ বিৰোধী কামকাজত লিপ্ত হৈ আহিছে। কিন্তু সেই গুৰুতৰ অভিযোগ ৰ বিপৰীতে নেছনেল ইনভেষ্টিগেচন এজেন্সী চমুকৈ এন আই এ ই কোনো তথ্য প্ৰমান আদালতত দাখিল কৰিব নোৱাৰিলে।
নগাঁৱত শ্ৰমিক হিচাপে ৰখা শিশুক অকথ্য নিৰ্যাতন। মালিকৰ নিৰ্যাতন সহিব নোৱাৰি ঘৰৰ পৰা পলায়ন শিশুটিৰ। নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁৱৰ এটি পৰিয়ালত আছিল শিশুটি। শনিবাৰে হয়বৰগাঁৱত অসহায় অৱস্থাত উদ্ধাৰ হয় শিশুটি। শিশুটি উদ্ধাৰৰ পিছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা। ঘটনাসন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।