অসম

assam

ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি... - top ten at 11 am

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

top-ten-at-11-am
এঘাৰ বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Jun 19, 2021, 11:09 AM IST

দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈ আহিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈ আহিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ ডিব্ৰুগড়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী শৰ্মাই নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ, অসম পেট্ৰ' কেমিকেলচ লিমিটেড আৰু ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যনত উপস্থিত কামৰ বুজ লোৱাৰ লগতে বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হ’ব ৷

পুনৰ 4.1 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য

ৰাজ্যত পুনৰ 4.2 প্ৰাব্যল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভুত । বৃস্পতিবাৰে, পুৱতি নিশাও 4.1 প্ৰাব্যল্যৰ আন এক ভূমিকম্পই জোকাৰি গৈছিল অসম ৷ সঘনাই অহা এনে ভূমিকম্পক লৈ সম্প্ৰতি চিন্তিত হৈছে ৰাজ্যবাসী ৷

অব্যাহত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা

দেশত ক’ভিড (Covid 19)ৰ দ্বিতীয় লহৰৰ ভয়াৱহ পৰিস্থিতি অবিৰত থকাৰ সময়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত আস্থা হেৰুওৱা নাই দেশবাসীয়ে ৷ এক সমীক্ষা অনুসৰি বিশ্বৰ শীৰ্ষ তথা প্ৰভাৱশালী নেতাসকলৰ ভিতৰত সম্প্ৰতি 66% ৰেটিং সহ তেওঁ এক নম্বৰ স্থানত আছে।

চিৰাঙত মাইক্ৰ’ফাইনেঞ্চৰ এজেণ্টক পহু খেদা

উজনি অসমৰ পিচত এইবাৰ জাঙুৰ খাই উঠিছে চিৰাঙৰ মাইক্ৰ’ফাইনেঞ্চ ঋণগ্ৰস্ত মহিলাসকল । চিৰাঙত অন কেমেৰাত মাইক্ৰফাইনেঞ্চৰ এজেণ্টক মহিলাৰ পহু খেদা ।

সম্পূৰ্ণ টীকাকৰণ কৰা কৰ্মীৰে প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বিমান পৰিচালনা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ(Air India Express) সম্পূৰ্ণৰূপে ক’ভিড 19ৰ প্ৰতিষেধক গ্ৰহণ কৰা কৰ্মী(Covid-19 vaccinated crew)ৰ সৈতে পৰিচালনা কৰা দেশৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বিমান হিচাপে পৰিগণিত হয় । এই বিমানখন ১৮ জুনত দিল্লীৰ পৰা ডুবাইলৈ পৰিচালনা কৰা হয় ।

অমিত শ্বাহৰ সভাত ক’ভিড নিয়ম উলংঘন: 5 মাহৰ পাচত FIR

১৭ জানুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ এক ৰেলীৰ সময়ত ক’ভিড প্ৰট’কল উলংঘা কৰাৰ পাচতো এজাহাৰ পঞ্জীয়ন নকৰাৰ বাবে বেলাগাভি আৰক্ষী আয়ুক্তক সমালোচনা কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৷ এই পটভূমিত বেলাগাভি আৰক্ষী আয়ুক্তই শুকুৰবাৰে এক শপতনামা দাখিল কৰি কয় যে, সভাখন আয়োজন কৰা ৬ জন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে ।

একেলগে কাম কৰিব শেখৰ কাম্মুলা আৰু ধনুষে

তামিল চুপাৰষ্টাৰ ধনুষে তেলেগু চলচ্চিত্ৰ নিৰ্মাতা শেখৰ কাম্মুলাৰ সৈতে আহিবলগীয়া পেন-ইণ্ডিয়া প্ৰজেক্টৰ বাবে লগ হৈছে । শীৰ্ষক বিহীন চলচ্চিত্ৰখনৰ অতি সোনকালে দৃশ্যগ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে ৷ আনহাতে, এই ছবিখন একেসময়তে তামিল, তেলেগু আৰু হিন্দী ভাষাত মুক্তি দিয়া হ'ব ।

চৰকাৰী আঁচনিৰ হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত বলবৎ হ'ব জনসংখ্যা নীতি

চৰকাৰী আঁচনিৰ হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত এতিয়াৰে পৰা কাৰ্যকৰী কৰা হ'ব ৰাজ্য চৰকাৰৰ জনসংখ্যা নীতি। শুকুৰবাৰে এক সংবাদ মেল যোগে এই কথা সঁদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

চীনক প্ৰত্যুত্তৰ দিবলৈ সাজু ভাৰতীয় সেনা

ভাৰত-চীন সীমান্তত প্ৰতিৰক্ষা বিভাগৰ উল্লেখনীয় সংযোজন ৷ লাডাখ, জম্মু -কাশ্মীৰকে ধৰি অৰুণাচলৰ সীমান্তত ১২ টাকৈ পথৰ নতুন সংযোজন ৷ ভাৰত-চীন সীমান্তত বৃদ্ধি কৰা হৈছে ভাৰতীয় সেনাৰ সংখ্যাও ৷
WTC : বৰষুণৰ বাবে বাতিল প্ৰথম দিনৰ খেল

খেলৰ পাঁচোটা দিনতে বৰষুণৰ আগজাননী দিয়া হৈছে আৰু সেয়ে আইচিচি (ICC)ক ২৩ জুনত এটা ৰিজাৰ্ভ দিন যোগ কৰা দেখা গৈছে । বৰষুণৰ বাবে খেল বাতিল হ’লে খেলখন ড্ৰ' বুলি ঘোষণা কৰা হ’ব আৰু দুয়োটা দলক যুটীয়াভাৱে বিজয়ী কৰি দিয়া হ’ব ৷

ABOUT THE AUTHOR

...view details