অসম বিধানসভাৰ পঞ্চদশ অধিৱেশন: শপত গ্ৰহণ নৱ নিৰ্বাচিত বিধায়কসকলৰ
বিধানসভাৰ মজিয়াত শপত গ্ৰহণ নৱ নিৰ্বাচিত বিধায়কসকলৰ ৷ আজি পুৱা 9.30ত আৰম্ভ হয় অসম বিধানসভাৰ পঞ্চদশ অধিৱেশন ৷ অধিৱেশনত অধ্যক্ষৰ আসন অলংকৃত কৰে প্ৰ’টেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে
আজিৰ পৰা বন্ধ হ'ল মাজুলী-নিমাতী ফেৰী সেৱা
ৰাজ্য চৰকাৰৰ নিৰ্দেশনা মৰ্মে আজিৰ পৰা আন্তঃজিলা যাতায়ত বন্ধ হোৱাৰ সমান্তৰালকৈ বন্ধ হৈ পৰিছে মাজুলী-নিমাতী ফেৰী সেৱাও । আগন্তুক ১৫ দিনৰ বাবে বন্ধ থাকিব মাজুলী-নিমাতী ফেৰী সেৱা ।
২০২২ চনত নিৰ্মাণ সম্পূৰ্ণ হ’ব ভালুকপুং-চাৰিদুৱাৰ-টাৱাং পথ
ভাৰত-চীন সীমান্তত দুৰ্গম পথসমূহ সীমান্ত পথ সুৰক্ষা সংস্থা চমুকৈ বি আৰ অ’ ই যুদ্ধকালীন প্ৰস্তুতিৰে চলাইছে নতুনকৈ নিৰ্মানৰ কাম । ভালুকপুং-চাৰিদুৱাৰ-টাৱাং পথ 2022 চনত নিৰ্মাণ সম্পূৰ্ণ হ’ব । মুঠ 2,000 কিলোমিটাৰ পথ এই সংস্থাই নিৰ্মাণ কৰি আছে ।
ৰিতুল শইকীয়াৰ মুকলি সন্দৰ্ভত পত্নীৰ প্ৰতিক্ৰিয়া
আলফা স্বাধীনে অ’এনজিচিৰ কৰ্মচাৰী ৰিতুল শইকীয়াক মুক্তি কৰি দিয়া খবৰ পাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰিতুল শইকীয়াৰ পত্নীয়ে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আগন্তুক 4 দিনৰ ভিতৰত ৰিতুল শইকীয়াক মুকলি কৰি দিয়া হ’ব ৷ এই খবৰ পাই উৎফুল্লিত হৈ মুখ্যমন্ত্ৰী শৰ্মা আৰু আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক ধন্যবাদ জনায় অপহৃত ৰিতুল শইকীয়াৰ পত্নীয়ে ৷
আন্তঃজিলা যাতায়তৰ বাবে ই-পাছৰ ব্যৱস্থা নগাঁও জিলা প্ৰশাসনৰ
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে আজিৰে পৰা সমগ্ৰ ৰাজ্যতে আগন্তুক 15 দিনৰ বাবে প্ৰযোজ্য হোৱাকৈ আন্তঃজিলা যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিছে ৷ কিন্তু জৰুৰীকালীন সেৱাৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থা গ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসনে ৷