অসম

assam

ETV Bharat / state

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - top ten at 11 AM

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

By

Published : Jan 31, 2021, 11:05 AM IST

ভুৱা তথ্য প্ৰচাৰ কৰাৰ অভিযোগত ৰাজদ্বীপ আৰু শশী থাৰুড়ৰ বিৰুদ্ধে গোচৰ ৰুজু

গণৰাজ্য দিৱসত ট্ৰেক্টৰ ৰেলীৰ সৰ্ন্দভত ভুৱা বাতৰি পৰিবেশন কৰা আৰু অপপ্ৰচাৰ চলোৱা লোকৰ বিৰুদ্ধে সৰৱ হৈছে দিল্লী আৰক্ষী ৷ ইতিমধ্যে দিল্লী আৰক্ষীয়ে জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ চাৰদেশাই আৰু সাংসদ শশী থাৰুড় সহ প্ৰায় ছয় গৰাকী ব্যক্তিৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে ৷
দেশৰ 17 কোটি শিশুক আজি প্ৰদান কৰা হ’ব পলিঅ’ প্ৰতিষেধক

ৰাষ্ট্ৰীয় পলিঅ' টীকাকৰণ দিৱসৰ লগত সংগতি ৰাখি 31 জনুৱাৰী তাৰিখে দেশৰ প্ৰতিগৰাকী শিশুৰ বাবে প্ৰতিষেধক প্ৰদানৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰথম মহিলা সবিতা কোবিন্দে পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ কৰে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণত নিহত বনকৰ্মী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত অগৰাতলী ৰেঞ্জৰ চিগা নামৰ অঞ্চলত গঁড়ৰ আক্ৰমণত নিহত বনকৰ্মী ৷ নিহত বনকৰ্মীজনৰ নাম মহেশ্বৰ হাজৰিকা ৷

ট্ৰেক্টৰ ৰেলী হিংসাৰ পিচত দিল্লী আৰক্ষীৰ জালত 84 জন

গণৰাজ্য দিৱসত উলিওৱা ট্ৰেক্টৰ ৰেলীৰ পাচতে লালকিল্লাৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা কৃষকৰ বিৰুদ্ধে 38টা গোচৰ ৰুজু কৰি 84 জনক আটক কৰিছে দিল্লী আৰক্ষীয়ে ৷

অইলৰ দুই অপহৃত বিষয়াক লৈ আলফা(স্বা)ৰ প্ৰেছ বিবৃতি

কুইপ’ তৈল প্ৰতিষ্ঠান আৰু আলফা (স্বা)আৰু NSCNৰ মাজৰ সংঘাত নিস্পত্তি কৰি দুয়োগৰাকী বিষয়াক মুকলি কৰি নিয়াৰ বিপৰীতে অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে বিলম্বিত কৌশল প্ৰয়োগ কৰি তেওঁলোকৰ উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এই অভিযানত দুয়োগৰাকী বিষয়াক জীৱন্তে উদ্ধাৰ কৰাৰ বিপৰীতে হত্যা কৰি ইয়াৰ সম্পূৰ্ণ দায়িত্ব আলফা(স্বা)ৰ ওপৰত জাপি দিব বিচৰা বুলি অভিযোগ উত্থাপন কৰিছে আলফা(স্বা)য়ে ৷

বাইহাটা চাৰিআলিত পথ দুৰ্ঘটনা: নিহত এজন

15 নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনে মহতিয়ালে দুই বাইক আৰোহীক । গুৰুতৰভাবে আহত এজনক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ এজনক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচ লৈ প্ৰেৰণ।

গুৱাহাটীৰ গৱেষণা প্ৰতিষ্ঠানৰ উদ্ভাৱনে আকৰ্ষণ কৰিছে বিশ্বৰ ক্ৰীড়া সমাজক

গুৱাহাটীত থকা 'নেচনেল ইনষ্টিটিউট অফ ফাৰ্মাছিউটিকেল এডুকেছন এণ্ড ৰিচাৰ্ছ' চমুকৈ নিপাৰ আৰু 'নেচনেল ড'প টেষ্টি লেবৰেটৰী'ৰ বিজ্ঞানী সকলৰ P-0H Prerenylamine ৰেফাৰেন্স মেটেৰিয়েলৰ উদ্ভাৱন ৷ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ প্ৰতিক্ৰিয়া ৷

ডিব্ৰুগড়ত 514 টা পৰিয়ালক মাটিৰ পট্ৰা প্ৰদান

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ভূমিহীন খিলঞ্জীয়া সকলৰ বাবে ভূমি পট্টা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । ডিব্ৰুগড় জিলাৰ প্ৰতিটো সমষ্টিতে আনুষ্ঠানিকভাৱে প্ৰশাসনে হিতাধিকাৰীক ভূমি পট্ৰা প্ৰদান কৰিছে ।

কিয় দিছিল নাম কৰ্তনৰ নিৰ্দেশঃ পুণৰ NRC কৰ্তৃপক্ষক জাননী উচ্চতম ন্যায়ালয়ৰ

এটা বিতৰ্কিত নিৰ্দেশৰ বাবে পুণৰবাৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষ । আশ্চৰ্যকৰভাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছতো ৰাজ্যিক সমন্বয়ক গৰাকীয়ে সকলো জিলাৰ উপায়ুক্তলৈ জাৰি কৰিছিল এক নিৰ্দেশ ।

কেৱল ভোটৰ বাবেই ১৭ হাজাৰ কোটি টকাৰ হিতাধিকাৰী ৰাজনীতি শাসকীয় চৰকাৰৰ

বিগত তিনি মাহত বিভিন্ন আঁচনি যেনে অৰুণোদয়, ছাত্ৰীক স্কুটী প্ৰদান, স্বয়ম, হোষ্টেল মাচুল ৰেহাই আৰু বিনামূলীয়া পাঠ্যপুথি, কনকলতা মহিলা সৱলীকৰণ আচনি, আনন্দৰাম বৰুৱা বঁটা আদিৰ নামত প্ৰায় পাঁচ হাজাৰ কোটি টকা ব্যয় কৰিছে বিজেপি মিত্ৰজোটৰ চৰকাৰখনে । নিৰ্বাচন পৰ্যন্ত এই ব্যয়ৰ পৰিমাণ হব ১২ হাজাৰ কোটি টকা । স্কুটী বিতৰণৰ নামত কেৱল জানুৱাৰী মাহতেই ব্যয় হৈছে এশ কোটি টকা ।

ABOUT THE AUTHOR

...view details