অসম

assam

ETV Bharat / state

1 বজাৰ শীৰ্য 10 টা বাতৰি

1 বজাৰ শীৰ্য 10 টা বাতৰি

top ten at 1 pm
1 বজাৰ শীৰ্য 10 টা বাতৰি

By

Published : Jul 9, 2021, 1:00 PM IST

কাজিৰঙাত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ

ক্ৰমাৎ বৃদ্ধি পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ (Brahmaputra River Water level) ৷ জলপৃষ্ঠ বৃদ্ধি হৈ অহাৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ-ঠাইসমূহ বাঢ়নি পানীয়ে বুৰাই পেলাইছে ৷ অৱশ্যে কাজিৰঙাৰ জীৱকূলৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ-ঠাইসমূহ এতিয়ালৈকে সুৰক্ষিত হৈ আছে ৷

বটদ্ৰৱাত পথৰ দাঁতিত পেলাই যোৱা আঘাতপ্ৰাপ্ত লোকৰ মৃতদেহ উদ্ধাৰ

বটদ্ৰৱা (Batadrava)ত পথ দুৰ্ঘটনা (Road Accident)ত গুৰুতৰভাৱে আহত লোকক চিকিৎসালয়লৈ নিম বুলি কৈ পথৰ দাঁতিত পেলাই থৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এখন ছুইফটি ডিজাইয়াৰ বাহনে সংঘটিত কৰিছিল এই পথ দুৰ্ঘটনা ৷ বাহনখনৰ চালকে আহত লোকজনক চিকিৎসালয়লৈ নিয়াৰ দায়িত্ব বহন কৰি পলাই যায় ৷ এটি জিৰণি চৰাত উদ্ধাৰ হয় আঘাতপ্ৰাপ্ত লোকজনৰ মৃতদেহ ৷

কাজিৰঙাৰ বনশিবিৰৰ পৰা সন্ধানহীন এজন বনকৰ্মী

বকোৰ 2 নং নাৰেংগাৰ বনকৰ্মী ৱাহিদুৰ ৰহমান সন্ধানহীন ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ৰ বাগৰি বনাঞ্চলৰ আমকাঠনি বনশিবিৰৰ পৰা মঙলবাৰে নিশাৰ ভাগত সন্ধানহীন হৈছে বনকৰ্মী (Forester)জন ৷ ঘটনাক লৈ ৱাহিদুৰৰ পৰিয়ালত হাহাকাৰ ৷

কমলপুৰত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

বৃহস্পতিবাৰে নিশা বাইহাটা চাৰিআলিৰ কমলপুৰত এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ (Dead Body) উদ্ধাৰ ৷ তেজেৰে লুতুৰী-পুতুৰী হৈ থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো ৷ ঘটনা সন্দৰ্ভত কমলপুৰ আৰক্ষী (Kamalpur Police)ৰ তদন্ত অব্যাহত ৷

প্ৰতাৰকৰ ৰূপত এন জি অ’

ৰাজ্যৰ দিব্যাংগ সকলক কাৰিকৰী শিক্ষা প্ৰদানৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ৷ 2019 বৰ্ষত দৰঙত অসম স্কিল ডেৱলপমেণ্টৰ অধীনত উক্ত প্ৰতিষ্ঠানটোৱে প্ৰশিক্ষণৰ ব্যবস্থা কৰা একাংশ দিব্যাংগ প্ৰশিক্ষাৰ্থীযে আজিলৈ বছৰীয়া পৰিতোসিকৰ লগতে সংস্থাপনৰ ব্যৱস্থা কৰি নিদিয়াত ক্ষোভ প্ৰকাশ কৰে দিব্যঙ্গ প্ৰশিক্ষাৰ্থী সকলে।

বেঁকী নৈৰ গৰাখহনীয়াত গৃহহীন 7 টাকৈ পৰিয়াল

কলগাছিয়াৰ খাৰবাল্লীতো বেঁকী নৈ (Beki River)ৰ তীব্ৰ গৰাখহনীয়া ৷ বিধ্বংসী গৰাখহনীয়াত আশ্ৰয়হীন হৈছে অঞ্চলটোৰ 7 টাকৈ পৰিয়াল । কান্দোনত ভাগি পৰিছে ভুক্তভোগীসকলে ।

বনমন্ত্ৰীৰ কৰ্মদক্ষতাক লৈ প্ৰশ্ন: মুখ্যমন্ত্ৰীয়ে কৰিব হাতীৰ মৃত্যুৰ তদন্ত

নগাঁৱৰ তপত জুৰিত ১৮ টাকৈ হাতীৰ মৃত্যু হোৱা ঘটনাৰ আজিও নহ’ল উচ্চ পৰ্যায়ৰ কোনো তদন্ত । বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ কৰ্মদক্ষতাক প্ৰশ্ন খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । হাতীৰ মৃত্যুৰ তদন্ত নিজেই কৰিব মুখ্যমন্ত্ৰীয়ে ।

মৰাণ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত জ্বলিল অধ্যক্ষাৰ প্ৰতিকৃতি

পুনৰ বিতৰ্কত সোমাই পৰিছে মৰাণ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁ‌ৱৰ ৷ শিশু নিৰ্যাতনৰ পাছত এইবাৰ ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগত অভিযুক্ত হৈছে অধ্যক্ষা গৰাকী ৷

প্ৰাক্তন বিধায়কৰ হাতীৰ আক্ৰমণত কিশোৰ নিহত

ৰাজ্যজুৰি অব্যাহত থকা ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে প্ৰাক্তন বিধায়ক জিতেন গগৈৰ পোহনীয়া হাতীৰ আক্ৰমণত কিশোৰ নিহত ৷ ঘটনাক লৈ বোকাখাতত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷

নাৰী দেহ ব্যৱসায় : বিলাসী অট্টালিকাৰ পৰা আটক 11 গৰাকী

ক'ভিড সৃষ্ট লকডাউনৰ পৰিৱেশৰ মাজতেই ৰাজ্যৰ বহু চহৰত মুকলিকৈ চলি আছে নাৰী দেহ ব্যৱসায়ীৰ চক্ৰ(sex racket) । অৱশ্যে, আৰক্ষীৰ তৎপৰতাত উৎখাত হৈছে ইটোৰ পিছত সিটো দেহ ব্যৱসায়ীৰ ঘাটি । শেহতীয়াকৈ নগাঁও আৰক্ষী(nagaon police)ৰ জালত পৰিল দেহ ব্যৱসায়ৰ সৈতে জড়িত আন এটা বৃহৎ চক্ৰ ৷ ঘটনাৰ কেন্দ্ৰবিন্দু নগাঁও চহৰৰ লক্ষীনগৰৰ এটা বিশাল অট্টালিকা । অট্টালিকাটোত ভাৰাতীয়া হিচাপে আছে কেইবাগৰাকীও পুৰুষ মহিলাৰ লগতে কলেজীয়া ছাত্ৰ ছাত্ৰীও ।

ABOUT THE AUTHOR

...view details