কপিলী-বৰপানীৰ খহনীয়াই ভাবুকি মাতিছে কামপুৰলৈ
কপিলী নদীয়ে কামপুৰৰ বকুলগুৰিত আৰু বৰপানী নদীয়ে কচুৱা ৰমণী পথাৰত ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে । প্ৰতিজন বিধায়কে খহনীয়া প্ৰতিৰোধৰ প্ৰতিশ্ৰুতি দিয়ে ৷ কিন্তু আজি পৰ্যন্ত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে কোনো এজন বিধায়কে । ফলত আতংকত দিন কটাইছে ৰাইজে ।
কলিয়াবৰত বৃহৎ পৰিমাণৰ সুৰা জব্দ: আটক এজন
কলিয়াবৰত নতুনকৈ যোগদান কৰা আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া (Kaliabor Police Station Office Incharge) ৰাজীৱ বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলাই এই অভিযান ।
কৃষি আইন প্ৰত্যাখ্যানৰ প্ৰস্তাৱ গ্ৰহণৰ সম্ভাৱনা
আজিৰে পৰা আৰম্ভ হৈছে মহাৰাষ্ট্ৰ বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন(Monsoon Session) । এই অধিৱেশনতে মহাৰাষ্ট্ৰ কেবিনেটে অনুমোদন জনোৱা ৩টা প্ৰস্তাৱ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । এই তিনিটা প্ৰস্তাৱৰ এটা হৈছে কেন্দ্ৰই প্ৰণয়ন কৰা তিনিখন কৃষি আইন(Farm Bill) প্ৰত্যাখ্যান কৰা ।
সমগ্ৰ বিশ্বতে ভাৰতৰ সন্মান যথেষ্ট বৃদ্ধি পাইছে: ৰাজনাথ সিং
আউটাৰ ৰিং ৰোড আৰু ভিক্ট’ৰিয়া ষ্ট্ৰীট ফ্লাই অভাৰৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ পৰ্যালোচনা কৰিবলৈ লক্ষ্ণৌ ভ্ৰমণলৈ যোৱা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, জনসাধাৰণৰ আশীৰ্বাদৰ বাবে সমগ্ৰ বিশ্বতে ভাৰতৰ সন্মান যথেষ্ট বৃদ্ধি পাইছে ।
শ্ৰীনগৰত ড্ৰোণৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ সিদ্ধান্ত
শ্ৰীনগৰত ড্ৰোণৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ সিদ্ধান্ত জম্মু আৰু কাশ্মীৰ প্ৰশাসনৰ ৷ জম্মুৰ বায়ু সেনা কেন্দ্ৰত সন্দেহজনক ড্ৰোণ আক্ৰমণৰ পাচতে এই সিদ্ধান্ত জম্মু আৰু কাশ্মীৰ প্ৰশাসনৰ ৷