অসম

assam

By

Published : Jun 20, 2021, 1:03 PM IST

ETV Bharat / state

1 বজাৰ দহটা শীৰ্ষ বাতৰি...

1 বজাৰ দহটা শীৰ্ষ বাতৰি...

TOP TEN AT 1 PM
1 বজাৰ দহটা শীৰ্ষ বাতৰি

জৰাজীৰ্ণ অৱস্থাত কলাগুৰুৰ সমাধিস্থলী

১৯৬৯ চনৰ ২০ জুনত অৰ্থাৎ আজিৰ দিনটোত অসমৰ কলা সংস্কৃতিৰ মহীৰূহ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল । কিন্তু সকলোৱে মাত্ৰ এটা দিনত মনত ৰাখে , তাৰ পিছত পুনৰ আনটো বছৰ লৈ পাহৰি যায় । তেতিয়াৰ পৰাই ৰজাঘৰীয়া আৰু প্ৰজা ঘৰে এই গৰাকী মহান সৈনিক শিল্পীক সকলোৱে সুঁৱৰি আছে । কৰ্মস্থান সাংস্কৃতিক নগৰী তেজপুৰত এই মহান শিল্পী গৰাকীৰ শেষকৃত সম্পন্ন কৰা হৈছিল ব্ৰহ্মপুত্ৰৰ পাৰত তল কলিবাৰিত । কিন্ত বহু বছৰ পিছত অসম চৰকাৰে এই গৰাকী মহান শিল্পীৰ সমাধিস্থলী সংৰক্ষণ কৰিছিল যদিও বৰ্তমান এই ঠাই সংৰক্ষণৰ অভাৱত জৰাজীৰ্ণ অৱস্থাত উপনীত হৈছে ।

পৰীক্ষা বাতিলৰ বাবেই লখিমপুৰত মেধাৱী ছাত্ৰীৰ আত্মহনন..!

লখিমপুৰত কৰুণ ঘটনা । মেধাৱী ছাত্ৰীয়ে বাছি ল'লে আত্মহননৰ পথ । হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC) বাতিল কৰা বাবেই ছাত্ৰীগৰাকীয়ে এই চৰম পথ বাছি লোৱাৰ সন্দেহ ৰাইজৰ । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ ।

ক'ল ইণ্ডিয়া কৰ্তৃপক্ষৰে মিলিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

শনিবাৰে মাৰ্ঘেৰিটাৰ ক'ল ইণ্ডিয়াৰ দিহিং গেষ্ট হাউচত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ ইয়াৰ পাছতে উত্তৰ-পূৱৰ কয়লা ক্ষেত্ৰ বন্ধ হৈ থকা বিষয়টোৰ সন্দৰ্ভত ক'ল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী ৷ পৰিৱেশ সংক্ৰান্তীয় দিশসমূহ অধ্যয়নৰ বাবে দিল্লীত অহা মাহত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত ‌হ'ব বুলি জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে কয়লা ক্ষেত্ৰ পুনৰ মুকলি হোৱাতো বিচাৰে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

কিয় আঁঠুকাঢ়ি সেৱা ল’লে শিক্ষা মন্ত্ৰীয়ে ?

1978 চনতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংগ্ৰহ কৰিলে তেওঁৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰমাণ পত্ৰ ৷ যোৰহাটৰ শংকৰদেৱ চেমিনাৰী বিদ্যালয়ৰ পৰা 43 বছৰৰ পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মন্ত্ৰী গৰাকী ৷

ড৹ মামণি ৰয়ছম গোস্বামীৰ এসময়ৰ সহায়িকা এতিয়া শয্যাশায়ী

জটিল ৰোগত আক্ৰান্ত, এসময়ত ড৹ মামণি ৰয়ছম গোস্বামীৰ লগত ছাঁৰ দৰে লাগি থকা নিলিমা দাস ৷ ধনৰ অভাৱত বিচনাতেই পৰি থাকিব লগাত পৰিছে নিলিমা দাসে ৷ নিলিমা দাসৰ দুদৰ্শা দেখিও উপায়হীন হৈ পৰিছে পৰিয়ালৰ লোক ৷

নলবাৰীত আঁচনি ৰূপায়নৰ বুজ ল’লে অজন্তা নেওগে

নলবাৰীৰ নাট্যমন্দিৰত হুইল চেয়াৰ বিতৰণ অনুষ্ঠানত অংশ গ্ৰহণ নলবাৰীৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ ৷ নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন, সাংসদ দিলীপ শইকীয়া, উপায়ুক্ত গীতিমণি ফুকনৰ লগতে বিভিন্ন বিভাগৰ বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত নলবাৰীত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি সম্পৰ্কে আলোচনা কৰে ৷

অভয়াখুটিৰ দুই নাবালিকা ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী

কোকৰাঝাৰ জিলাৰ অভয়াকুটিত যোৱা ১১ জুনত দুগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা জঘন্য কাণ্ডৰে জড়িত হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবীত শনিবাৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু আৰু বড়ো মহিলা সমন্বয়ৰক্ষী সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

অনুচ্ছেদ ৩৭০ বাতিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখতাৰ আব্বাছ নকভিৰ

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ আব্বাছ নকভিৰ মতে জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ ফলত জম্মু-কাশ্মীৰ আৰু লাডাখৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উন্নয়নৰ পথ প্ৰশস্ত হৈছে । জম্মু-কাশ্মীৰ আৰু লাডাখৰ লোকসকল এতিয়া উন্নয়নমূলক প্ৰক্ৰিয়াৰ অংশ ।

কামৰূপ মহানগৰত টীকাকৰণ কেন্দ্ৰ বৃদ্ধিৰ নিৰ্দেশ উপায়ুক্তৰ

টীকাকৰণ তীব্ৰতৰ কৰাৰ উদ্দেশ্যে শনিবাৰে কামৰূপ(ম) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ অধ্যক্ষতাত সকলো চক্ৰ বিষয়া, শিক্ষা বিভাগ, সমাজ কল্যাণ বিভাগ আৰু ৰাষ্ট্ৰীয় চহৰীয়া জীৱিকা অভিযানৰ বিষয়াসকলৰ এখন গুৰূত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।

চৰাইদেউত নতুনকৈ গাঁওবুঢ়া নিযুক্তি

শনিবাৰে চৰাইদেউ জিলাত উপস্থিত হৈ অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে সোণাৰি, মাহমৰা আৰু সাপেখাতী ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ প্ৰায় 10 গৰাকী গাঁওবুঢ়াক উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত নিযুক্তি পত্ৰ প্ৰদান কৰে ৷

ABOUT THE AUTHOR

...view details