অসম

assam

ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP TEN AT 1 PM

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP TEN AT 1 PM
1 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Jun 19, 2021, 1:13 PM IST

জনতা ভৱনত পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন

ক'ভিড পৰিস্থিতি আৰু ভেকচিন সন্দৰ্ভত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া । সোমবাৰৰ পৰা প্ৰতিদিনেই ৩ লাখ লোকক ক’ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্য । পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ নগৰাঞ্চলত দিয়া হ'ব প্ৰতিষেধক । টীকাকৰণ কেন্দ্ৰ(Vaccine Centre)তে হ’ব অনলাইন পঞ্জীয়ন(Online registration) । লগতে প্ৰতিষেধক কেন্দ্ৰত নিয়োজিত চিকিৎসাকৰ্মীক দৈনিক ১০০ টকাকৈ দিয়া হ'ব ।

‘উড়ন্ত শিখ’ মিলখা সিঙৰ জীৱনৰ দৌৰ

কিংবদন্তী ভাৰতীয় দৌৰবিদ মিলখা সিং আৰু নাই ৷ 91 বছৰ বয়সত কৰ’ণাৰ সৈতে যুঁজি অৱশেষত শুকুৰবাৰে নিশা প্ৰাণ হেৰুৱালে দূৰন্ত শিখ গৰাকীয়ে ৷ মিলখা সিঙৰ বিয়োগত ইটিভি ভাৰতৰ তেওঁৰ জীৱন সম্পৰ্কত এইয়া এক চমু আলোকপাত...

সম্পূৰ্ণ টীকাকৰণ কৰা কৰ্মীৰে প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বিমান পৰিচালনা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ(Air India Express) সম্পূৰ্ণৰূপে ক’ভিড 19ৰ প্ৰতিষেধক গ্ৰহণ কৰা কৰ্মী(Covid-19 vaccinated crew)ৰ সৈতে পৰিচালনা কৰা দেশৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বিমান হিচাপে পৰিগণিত হয় । এই বিমানখন ১৮ জুনত দিল্লীৰ পৰা ডুবাইলৈ পৰিচালনা কৰা হয় ।

ৰাজ্যত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

ক'ভিড টেষ্ট কৰা ১,৭১,৯২০ গৰাকী লোকৰ ভিতৰত ৩,৭০৬ গৰাকী পজিটিভ। মৃত্যু ৩৩ গৰাকীৰ। ২৪ ঘণ্টাত ৰাজ্যৰ ১,১৬,২৩৭ গৰাকী লোকক ভেকচিন প্ৰদান। মজুত আছে ৫,১৯,৮৬০ পালি ভেকচিন।

দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈ আহিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈ আহিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ ডিব্ৰুগড়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী শৰ্মাই নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ, অসম পেট্ৰ' কেমিকেলচ লিমিটেড আৰু ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যনত উপস্থিত কামৰ বুজ লোৱাৰ লগতে বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হ’ব ৷

পুনৰ 4.2 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য

ৰাজ্যত পুনৰ 4.2 প্ৰাব্যল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভুত । বৃস্পতিবাৰে, পুৱতি নিশাও 4.1 প্ৰাব্যল্যৰ আন এক ভূমিকম্পই জোকাৰি গৈছিল অসম ৷ সঘনাই অহা এনে ভূমিকম্পক লৈ সম্প্ৰতি চিন্তিত হৈছে ৰাজ্যবাসী ৷

শনিবাৰে অনুষ্ঠিত হ’ব তেলেংগানা চৰকাৰৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক

শনিবাৰে লকডাউন তথা ক’ভিড পৰিস্থিতি সন্দৰ্ভত আৰু কৃষি সন্দৰ্ভত তেলেংগানা চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আয়োজিত হ’ব ৷ উল্লেখ্য যে, ৰাজ্যখনত চলি থকা লকডাউন অনাগত শনিবাৰে সমাপ্ত হোৱাৰ কথা আছে ।

অমিত শ্বাহৰ সভাত ক’ভিড নিয়ম উলংঘন: 5 মাহৰ পাচত FIR

১৭ জানুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ এক ৰেলীৰ সময়ত ক’ভিড প্ৰট’কল উলংঘা কৰাৰ পাচতো এজাহাৰ পঞ্জীয়ন নকৰাৰ বাবে বেলাগাভি আৰক্ষী আয়ুক্তক সমালোচনা কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৷ এই পটভূমিত বেলাগাভি আৰক্ষী আয়ুক্তই শুকুৰবাৰে এক শপতনামা দাখিল কৰি কয় যে, সভাখন আয়োজন কৰা ৬ জন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে ।

চাৰণৰ গংগা নদীত ডুবিল নাঁও, কথমপি প্ৰাণ ৰক্ষা আৰোহীৰ

ছপ্ৰা জিলাৰ দৰিগঞ্জ ঘাটৰ সমীপত এখন বালিভৰ্তি নাঁও গংগাত ডুব যায় ৷ প্ৰচণ্ড বজ্ৰপাত আৰু ধুমুহাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, বালিভৰ্তি নাঁওখনৰ আৰোহীয়ে নদীত জঁপিয়াই নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় ৷ প্ৰত্যক্ষদৰ্শীৰ মতে, নাঁওখন আৰাৰ হালধি ছপ্ৰা ঘাটৰ পৰা ডৰিগঞ্জৰ মেহৰৌলী ঘাটঅভিমুখে আহি আছিল ৷ আনহাতে, ঘটনাটোত কোনো লোক হতাহত হোৱাৰ বিষয়ে জানিব পৰা হোৱা নাই ৷

একেলগে কাম কৰিব শেখৰ কাম্মুলা আৰু ধনুষে

তামিল চুপাৰষ্টাৰ ধনুষে তেলেগু চলচ্চিত্ৰ নিৰ্মাতা শেখৰ কাম্মুলাৰ সৈতে আহিবলগীয়া পেন-ইণ্ডিয়া প্ৰজেক্টৰ বাবে লগ হৈছে । শীৰ্ষক বিহীন চলচ্চিত্ৰখনৰ অতি সোনকালে দৃশ্যগ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে ৷ আনহাতে, এই ছবিখন একেসময়তে তামিল, তেলেগু আৰু হিন্দী ভাষাত মুক্তি দিয়া হ'ব ।

ABOUT THE AUTHOR

...view details