তিনিমাহৰ বাবে স্থগিত আলফা(স্বা)ৰ সামৰিক অভিযান
কৰ’ণাই সৃষ্টি কৰা অনাহুত পৰিস্থিতিৰ বাবে শনিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী তিনিমাহৰ বাবে আলফা(স্বা)এ স্থগিত ৰাখিছে সংগঠনটোৰ সকলো ধৰণৰ সামৰিক অভিযান ৷ শনিবাৰে পুৱা এক বিবৃতিযোগে একপক্ষীয়ভাৱে সামৰিক অভিযান তিনিমাহলৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে নিষিদ্ধ ঘোষিত সংগঠনটোৱে ৷
ঘনশ্যাম দাসক মুখ্যমন্ত্ৰীৰ সচিবৰূপে নিযুক্তি
অসম চৰকাৰে জ্যেষ্ঠ আইএএছ বিষয়া ঘনশ্যাম দাসক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সচিব হিচাপে নিযুক্তি দিয়ে । শুকুৰবাৰে এক নিৰ্দেশনাযোগে এই ঘোষণা কৰা হয় ৷
ভাৰতত এদিনতে ৩.২৬ লাখ লোক কৰ'ণাত আক্ৰান্ত
যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৩,২৬,০৯৮ জন লোক কৰ'ণাত আক্ৰান্ত হৈছে । আনহাতে, মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে ৩,৮৯০ জন ৰোগীয়ে ।
ক'ভিড আক্ৰান্তৰ পদূলিত ওলমিব পোষ্টাৰ
ক'ভিড আক্ৰান্ত বুলি চিনাক্ত হোৱা সকলো লোকৰে ঘৰৰ পদূলিত ওলমিব পোষ্টাৰ । মুখ্য সচিব জিষ্ণু বৰুৱাই এই নিৰ্দেশ জাৰি কৰিছে । ইয়াৰ পিছতেই দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা সকলো জিলালৈ এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে ।
ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি
শনিবাৰে পুৱা 8.33 মিনিটত ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত ৷ এই ভূমিকম্পৰ মূল অভিকেন্দ্ৰ শোণিতপুৰ আৰু ইয়াৰ প্ৰাবল্য 3.9 ৰিখটাৰ স্কেলত বুলি জানিব পৰা গৈছে ৷