অসম

assam

ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি... - top ten at 1 pm

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

top ten at 1 pm
দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Mar 28, 2021, 1:02 PM IST

শিলাদিত্য দেৱক আক্ৰমণৰ অপচেষ্টা দুৰ্বৃত্তৰ

হোজাইৰ বিষ্ণুপল্লীত নিশা শিলাদিত্য দেৱক আক্ৰমণৰ অপচেষ্টা চলোৱাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ বিষ্ণুপল্লী বিষ্ণুমন্দিৰত আয়োজিত দৌল উৎসৱৰ কাৰ্যসূচীৰ সাংস্কৃতিক মঞ্চ মুকলি কৰিবলৈ বিধায়ক শিলাদিত্য দেৱক আয়োজক সমিতিয়ে আমন্ত্ৰণ জনাইছিল ৷

ভাৰতত নতুনকৈ ৬২,৭১৪ গৰাকী কৰ’ণাত আক্ৰান্ত

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতত যোৱা ২৪ ঘণ্টাত ৬২,৭১৪ জন লোক নতুনকৈ COVID-১৯ ত আক্ৰান্ত হৈছে । ফলত ১,১৯,৭১,৬২৪ জনলৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় ।

নিৰ্বাচনী সভাত কিয় খং উঠিল বদৰুদ্দিন আজমলৰ ?

কৰিমগঞ্জৰ বদৰপুৰৰ মালুয়াৰ নিৰ্বাচনী সভাত খোৱাপানীৰ পৰা আদি কৰি অন্যান্য যাৱতীয় ব্যৱস্থা উপলব্ধ নাছিল ৷ তাকে দেখি খং উঠিল এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ ৷

ছয়গাঁৱত অগপত ব্যাপক খহনীয়া

ছয়গাঁৱত অগপত ব্যাপক খহনীয়া ৷ বটাহিদিয়া গাঁও পঞ্চায়তৰ সভাপতিসহ ৯ গৰাকী সদস্যৰ কংগ্ৰেছত যোগদান ৷ সমষ্টিটোৰ ৰাজীৱ ভৱনত শনিবাৰে নিশা প্ৰায় ১১ বজাত আটাইকেইগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে কংগ্ৰেছত যোগদান কৰে ৷

ৰাজনৈতিক হিংসাৰ বলি ৰাষ্ট্ৰীয় লোক সমতা দলৰ প্ৰাৰ্থী

আঙুৰা পঞ্চায়তৰ অন্তৰ্গত দত্তগাঁৱত এখন নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিছিল বিহাৰ বিজেপিৰ মিত্ৰদল ৰাষ্ট্ৰীয় লোক সমতা দলৰ প্ৰাৰ্থী প্ৰণৱ কুমাৰ ৰয়ে ৷ এই জনসভাতেই ৰাজনৈতিক হিংসাৰ বলি হ’ব লগা হৈছিল প্ৰাৰ্থী প্ৰণৱ কুমাৰ ৰয় ৷

ৰহাত ৰণডংকা বজালে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে

শনিবাৰে ৰহা সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী শশীকান্ত দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু ৰাজ্যিক মুখপাত্ৰ তথা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই ৷ প্ৰচাৰ সভাত হিমন্ত বিশ্ব শৰ্মাক বাক্য বানেৰে থকা সৰকা কৰে বিটিছিৰ প্ৰাক্তন প্ৰধান গৰাকীয়ে ।

উত্তৰ-পূৱক চট্টগ্ৰাম আৰু চিলেট বিমানবন্দৰ ব্যৱহাৰৰ প্ৰস্তাৱ বাংলাদেশৰ

ত্ৰিপুৰাৰ লগতে উত্তৰ-পূৱক চট্টগ্ৰাম আৰু চিলেট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ব্যৱহাৰৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে বাংলাদেশে ৷ প্ৰেছ ইনফৰমেশ্যন ব্যুৰ'ৰ এক যুটীয়া বিবৃতিত সদৰী কৰা হৈছে এই কথা ৷ বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে উত্তৰ-পূৱ ভাৰতৰ লোকসকল বিশেষকৈ ত্ৰিপুৰাৰ লোকসকলক চট্টগ্ৰাম আৰু চিলেট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ব্যৱহাৰৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে ৷

কানপুৰৰ চিকিৎসালয়ত অগ্নিকাণ্ড

দেওবাৰে কানপুৰৰ লক্ষ্মীপত সিংঘানীয়া (এলপিএছ) ইনষ্টিটিউট অৱ কাৰ্ডিঅ'লজীত অগ্নিকাণ্ড ৷ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰোগীৰ তাৎক্ষণিক যত্নৰ লগতে ঘটনাটোৰ বিষয়ে তদন্তৰ নিৰ্দেশ প্ৰদান কৰে ৷

ৰাজহুৱা অনুষ্ঠানত নিষেধাজ্ঞা তেলেংগানা চৰকাৰৰ

কৰ’ণা মহামাৰীৰ গণ সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত তেলেংগানা চৰকাৰে 30 এপ্ৰিললৈকে ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান, উৎসৱ পালন আদিৰ লগতে ৰাজহুৱা সভা সমিতি, শোভাযাত্ৰা আদি বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

প্ৰধানমন্ত্ৰীৰ ভাষণক লৈ সমালোচনা: ক্ষমা বিচাৰিলে শশী থাৰুৰে

অৱশেষত ক্ষমা বিচাৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শশী থাৰুৰে । বাংলাদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাষণ প্ৰসংগত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক লৈ কৰা মন্তব্যৰ বাবে তীব্ৰ সমালোচনা কৰিছিল জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে । মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে প্ৰথমবাৰৰ বাবে বিদেশ ভ্ৰমণ কৰিবলৈ গৈছে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

ABOUT THE AUTHOR

...view details