অসম

assam

ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা খবৰ

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা খবৰ

top ten at 1 pm
দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা খবৰ

By

Published : Feb 15, 2021, 1:00 PM IST

পত্নীৰ বাবে টিকটৰ প্ৰয়োজন বিজেপি সাংসদৰ !

নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিনহে বাকী ৷ তৎপৰ প্ৰতিটো সৰু-বৰ ৰাজনৈতিক দল ৷ আৰম্ভ হৈছে নিৰ্বাচনী টিকট দাবীক কেন্দ্ৰ কৰি একপ্ৰকাৰ শীতল যুঁজ ৷ গেৰুৱা দলৰ অধিকাংশ প্ৰতিনিধিয়ে এতিয়া নিজৰ বাবে নহ’লেও পত্নীৰ বাবে টিকট বিচাৰি ভিৰ কৰা পৰিলক্ষিত হৈছে ৷

বৃন্দাবনত শীঘ্ৰেই প্ৰতিষ্ঠা হ'ব নামঘৰ: বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাক বামুণীমৈদাম শ্ৰীমন্ত শংকৰদেৱ সমাজৰ সম্বৰ্ধনা জ্ঞাপন ৷ সম্বৰ্ধনা গ্ৰহণ কৰি শীঘ্ৰেই বৃন্দাবনত নামঘৰ প্ৰতিষ্ঠা হোৱাৰ কথা জানিবলৈ দিয়ে বুঢ়াসত্ৰীয়া গৰাকীয়ে ৷ দেশৰ পবিত্ৰ তীৰ্থক্ষেত্ৰ বৃন্দাবনত নামঘৰ প্ৰতিষ্ঠাৰ কাম ইতিমধ্যে বহুখিনি আগবাঢ়ি যোৱা বুলি মন্তব্য বশিষ্ঠ শৰ্মাৰ ৷

দিল্লীঘাটত চলিছে অবৈধ কয়লাৰ খনন

অবৈধ কয়লাখননে চৰাইদেউৰ দিল্লীঘাট দলঙলৈ কঢ়িয়াই আনিছে অশনি সংকেত । চকুমুদা কুলিৰ ভাওত এতিয়া স্থানীয় প্ৰশাসন ।

ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল এচিড আক্ৰমণকাৰী

আৰক্ষীৰ জালত পৰিল ডিব্ৰুগড়ৰ এচিড আক্ৰমণৰ মূল অভিযুক্ত ৷ 50 বছৰীয়া অভিযুক্ত বুদ্ধদেৱ দাস ওৰফে এপেল দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ডিব্ৰুগড় আৰক্ষী ।

২৫ ফেব্ৰুৱাৰীত বটদ্ৰৱালৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

২৫ ফেব্ৰুৱাৰীত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ শ্বাহে থান দৰ্শন কৰাৰ লগতে বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব ৷

সোমবাৰে কোচি ৱাটাৰ মেট্ৰ’ মুকলি কৰিব কেৰালাৰ মুখ্য়মন্ত্ৰীয়ে

সোমবাৰে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে ভিডিঅ’ কনফাৰেঞ্চ যোগে কোচি ৱাটাৰ মেট্ৰ’ প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ আৰম্ভ কৰিব । এই প্ৰকল্পত ভিট্টিলাৰ পৰা কাক্কানাড় ইনফো পাৰ্কলৈ পথ অন্তৰ্ভুক্ত হ’ব । এই ৱাটাৰ মেট্ৰ’ মাৰ্চ মাহৰ পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হ’ব ।

বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান

দেওবাৰে ৰাজ্যৰ বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ তদুপৰি আগন্তুক 2021ত পুনৰ বিজেপি চৰকাৰ হ'ব বুলি কৈ 55 বছৰে শাসন কৰা কংগ্ৰেছে অসমৰ বাবে যি কাম নকৰিলে সেই কাম বিজেপি

গণ সুৰক্ষা পাৰ্টীৰে কোনো সম্পৰ্ক নাই অবড়ো সুৰক্ষা সমিতিৰ

অবড়ো সুৰক্ষা সমিতিৰ উদ্যোগত গঠন হোৱা নৱ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীৰ সৈতে সম্পৰ্ক নাই অবড়ো সুৰক্ষা সমিতিৰ ৷ গণ সুৰক্ষা পাৰ্টীৰ পৰিৱৰ্তে বিধানসভা নিৰ্বাচনত বিটিচিৰ ১২টা সমষ্টিত অবড়ো সুৰক্ষা সমিতিৰ বেনাৰত ঠিয় কৰোৱা হ'ব প্ৰাৰ্থী ৷ দেওবাৰে বৰপেটাৰ হাউলীৰ এইচ বি গেষ্ট হাউচত সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক মাধৱ ৰাজবংশীয়ে ৷

বৰপেটা সত্ৰৰ নতুন ডেকা সত্ৰীয়া গৌতম পাঠক

দেওবাৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া পদৰ নিৰ্বাচনৰ ভোট গণনা সমাপ্ত ৷ গৌতম পাঠক বৰপেটা সত্ৰৰ নতুন ডেকা সত্ৰীয়া হিচাপে নিৰ্বাচিত হয় ৷ ৭,০৫৫ গৰাকী ভোটাৰৰ ভিতৰত ৬৪.৬৪ শতাংশ ভোটাৰে সাব্যস্ত কৰিছিল ভোটদান ৷

পাকিস্তানৰ সিন্ধু প্ৰদেশত 13 মাহত 125 গৰাকী মহিলাৰ আত্মহত্যা

মিথিত আয়োজিত এক কৰ্মশালাত মনোবিজ্ঞানী, নাগৰিক সমাজ আৰু বেচৰকাৰী সংগঠনসমূহে জিলাখনত আত্মহননৰ পথ বাছি ল’বলৈ বাধ্য হোৱা মহিলাসকলৰ বৰ্ধিত প্ৰৱণতাৰ সৈতে সম্পৰ্কিত কাৰণ আৰু সমস্যাৰ বিষয়ে আলোচনা কৰাৰ সময়ত এই কথা পোহৰলৈ আহিছিল ৷

ABOUT THE AUTHOR

...view details