অসম

assam

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

By

Published : Nov 5, 2020, 1:09 PM IST

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

Top Ten at 1 PM
দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

ভাৰত আহি পালে যুঁজাৰু বিমান ৰাফেলৰ দ্বিতীয়টো গোটৰ তিনিখনকৈ বিমান

বৃহস্পতিবাৰে নিশাৰ ভাগত ভাৰতৰ ভূমিত অৱতৰণ কৰে যুঁজাৰু বিমান ৰাফেলৰ দ্বিতীয়টো গোটৰ তিনিখন বিমান ৷ 28 জুলাইত ভাৰতত উপস্থিত হৈছিল ৰাফেলৰ প্ৰথমলানি বিমান ৷ 2022ৰ মধ্যভাগলৈ আটাইকেইখন ৰাফেল ভাৰতীয় বায়ুসেনাই লাভ কৰিব বুলি প্ৰকাশ কৰিছে বায়ুসেনাৰ সূত্ৰই ৷

6 নৱেম্বৰত ভাৰত-চীন সেনাৰ অষ্টমলানি কামাণ্ডাৰ বৈঠক

পূৱ লাডাখৰ ছুছুলত 6 নৱেম্বৰত অনুষ্ঠিত হ'ব ভাৰতীয় স্থলসেনা আৰু চীনৰ পিএলএৰ মাজৰ ক'ৰ কামাণ্ডাৰ বৈঠক ৷ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত উদ্ভৱ হোৱা পৰিস্থিতি নিয়ন্ত্ৰণৰ এয়া হৈছে দুয়োখন দেশৰ মাজত হোৱা অষ্টমলানি আলোচনা ৷

প্ৰতিৰক্ষা খণ্ডৰ মানৱ সম্পদ সংস্কাৰক লৈ চিডিএছৰ গুৰুত্বপূৰ্ণ ঘোষণা

প্ৰতিৰক্ষা খণ্ডৰ মানৱ সম্পদ সংস্কাৰ সন্দৰ্ভত চিডিএছ জেন. বিপিন ৰাৱাটে জাৰি কৰা নতুন নিৰ্দেশনাত স্থলসেনাৰ কৰ্ণেল বিষয়া আৰু বায়ুসেনা তথা নৌ-সেনাৰ সমপৰ্যায়ৰ বিষয়াৰ চাকৰিৰ উৰ্ধতম সময়সীমা 54 বছৰৰ পৰা 57 বছৰ কৰাৰ লগতে ব্ৰীগেডিয়াৰ আৰু ইয়াৰ সমপৰ্যায়ৰ বায়ু তথা নৌ-সেনা বিষয়াৰ বয়সৰ উৰ্ধতম সীমা 56ৰ পৰা 58 বছৰলৈ ধাৰ্য্য কৰা হৈছে ৷

পিনাকা ক্ষেপণাস্ত্ৰৰ সফল উৰণ পৰীক্ষণ

পিনাকা ক্ষেপণাস্ত্ৰৰ উৰণ পৰীক্ষণ সম্পন্ন ৷ বুধবাৰে সম্পূৰ্ণ সফলতাৰে ডিআৰডিঅ ই তৈয়াৰ কৰা ক্ষেপণাস্ত্ৰৰ উৰণ পৰীক্ষণ সম্পন্ন হয় ৷ বুধবাৰে উৰিষ্যা উপকূলৰ চান্দীপুৰৰ ইণ্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ পৰা মুঠ ছটা ক্ষেপণাস্ত্ৰৰ উৰণ পৰীক্ষণ কৰা হয় ৷

জ্যোৰ্তিবিজ্ঞানৰ সন্দৰ্ভত ভাৰত-স্পেইনৰ মাজৰ বুজাবুজিৰ চুক্তিত অনুমোদন কেবিনেটৰ

জ্যোৰ্তিবিজ্ঞান খণ্ডত অধিক বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে ভাৰতীয় জ্যোৰ্তি-ভৌতিক বিজ্ঞান প্ৰতিষ্ঠান বেংগালুৰু আৰু Instituto de Astrofisica de Canarias তথা the GRANTECAN, S.A. (GTC), ফ্ৰান্সৰ মাজত এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ৷

উত্তৰ-পূৱত অধিক বিনিয়োগৰ লক্ষ্য ইজৰাইলৰ

অসম আৰু মেঘালয় ভ্ৰমণৰ পিচতেই ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰ'ণ মালকাই পত্নী লিয়া মালকাৰ সৈতে আগৰতলাত উপস্থিত হয় ৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবৰ লগতে মুখ্য সচিব মনোজ কুমাৰৰ নেতৃত্বৰ চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় ৷

14 দিনৰ ন্যায়িক জিম্মালৈ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী

অৰ্ণৱৰ লগতে আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে দুই অভিযুক্ত ফিৰোজ শ্বেইখ আৰু নীতিশ চৰ্দাক ৷ তদন্তৰ নামত সাংবাদিকগৰাকীক আটক কৰা সম্পূৰ্ণ প্ৰক্ৰিয়াটোৱেই বে-আইনী বুলি মন্তব্য কৰে অধিবক্তা আবাদ পোণ্ডাই ৷

নৱম মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি স্মৰণ সুধাকন্ঠ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাক

আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ নৱম সংখ্যক মৃত্যুবাৰ্ষিকী ৷ ৰাজ্যজুৰি সুধাকন্ঠ গৰাকীক স্মৰণ গুণমুগ্ধৰ ৷ গুৱাহাটীৰ জালুকবাৰীস্থিত সমাধি ক্ষেত্ৰত সুধাকন্ঠক শ্ৰদ্ধাঞ্জলি ৷

দৰঙত সুধাকণ্ঠৰ স্মৃতি দিৱস উদযাপন

দৰঙৰ নৱগঠিত মানৱতাবাদী সংগঠন 'মানুহে মানুহৰ বাবে,মঙলদৈৰ উদ্যোগত আজি ভাৰতৰত্ন,সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ নৱম সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয় ।

প্ৰ-পত্ৰত বগা ৰং ঘহাই অৰুনোদয় আঁচনিত নাম সন্নিৱিষ্ট কৰাৰ চেষ্টা

বাইহাটা চাৰিআলিত অৰুনোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ প্ৰ-পত্ৰত বগা ৰং ঘহাই অৰুনোদয় আঁচনিত নাম সন্নিৱিষ্ট কৰাৰ চেষ্টা বিজেপি দলৰ দলীয় সদস্যৰ ৷

ABOUT THE AUTHOR

...view details