নাহৰকটীয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ
সোমবাৰে নাহৰকটীয়াত বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ নাহৰকটীয়াৰ আচাবাম চাহ বাগিছাৰ খেলপথাৰত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষনেৰে আজমল তথা কংগ্ৰেছক চোকা ভাষাৰে সমালোচনা ।
ধেমাজিত ৰণ ডংকা বজালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
সোমবাৰে ১১৩নং ধেমাজি বিধান সভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ডাঃ ৰনোজ পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ভোটাৰ ৰাইজক উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ডাঃ ৰনোজ পেগুক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
মহিলা কেৱল হিতাধিকাৰীহে, হ'ব নোৱাৰে ৰাইজৰ প্ৰতিনিধি !
ৰাজ্যত এইবেলি বিধানসভা নিৰ্বাচনৰ বাবে দলসমূহে পুৰুষতকৈ মহিলাসকলক অধিক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷ এইবাৰৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকাই কিন্তু সচেতন ৰাইজক হতাশ কৰা পৰিলক্ষিত হৈছে ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...
হাই প্ৰফাইল ৰাষ্ট্ৰীয় নেতাৰ ৰাজ্যত হাই ভল্টেজ প্ৰচাৰ
সম্প্ৰতি ৰাজ্যত ব্যাপক ভীৰ হাই প্ৰফাইল ৰাজনীতিবিদৰ ৷ সকলোৰে উদ্দেশ্যে মাথো এটাই- ভোটাৰক আকৰ্ষিত কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱা ৷ ৰাজনৈতিক নেতাৰ প্ৰতিশ্ৰুতিৰে কঁপিছে ৰাজ্যৰ আকাশ-বতাহ ৷ নিৰ্বাচন আহে আৰু যায় ৷ চৰকাৰ ভাঙে, আকৌ গঠন হয় ৷ কিন্তু ৰাইজৰহে একো নহয় ৷ 5 বছৰলৈ কোনো জন প্ৰতিনিধিৰ ভ্ৰুক্ষেপ নাথাকে ৰাইজৰ প্ৰতি ৷ আকৌ নিৰ্বাচন আহিল মানেই পুনৰ নতুন উদ্যমেৰে নেতাসকল কাষ চাপে জনতাৰ ৷ একেখন ছবিয়েই প্ৰতিফলিত হৈছে 2021 ৰ নিৰ্বাচনৰ পূৰ্বেও ৷
ত্ৰিপুৰাত কৰনা’ত আক্ৰান্ত হৈ এজনৰ মৃত্যু
সোমবাৰে আগৰতলাত কৰ’ণাৰ দ্বিতীয় প্ৰৱাহত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হয় ৷ আগৰতলাৰ জিবিপি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল লোকজন ৷