দিছপুৰত হিমন্ত আউট হ'ব,হাগ্ৰামা ইন হ'ব:হাগ্ৰামা মহিলাৰী
ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে তৃতীয় পৰ্য়ায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ এফালে যদি মহাজোঁটবন্ধনক উদ্দেশ্যি তীব্ৰ বাক্যবাণেৰে থকা-সৰকা প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আনফালে আকৌ বিজেপি মিত্ৰজোঁটক ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছ মহাজোঁটৰ ৷ তাৰমাজতে আকৰ্ষণীয় হৈ পৰিছে হিমন্ত-হাগ্ৰামাৰ যুঁজ ৷ শনিবাৰে ধুবুৰীৰ গৌৰীপুৰত মহাজোঁটৰ প্ৰাৰ্থী নিজানুৰ ৰহমানৰ হৈ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৈয়ে দিলে 2মে'ৰ পিছত দিছপুৰত হিমন্ত আউট হ'ব আৰু হাগ্ৰামা মহিলাৰী ইন হ'ব ৷
তৃতীয় পৰ্যায়ত তয়াময়া ৰণত নামিব কোন কোন মহাৰথী ?
মঙলবাৰে পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ'ব ৰাজ্যৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ । নামনি অসমৰ ৪০ টা সমষ্টিত তৃতীয় পৰ্যায়ৰ এই নিৰ্বাচন অনুষ্ঠিত হ'ব । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ই ভি এমত ৰাজনৈতিক ভৱিষ্যৎ আৱদ্ধ হ'ব বহু ৰথী-মহাৰথীৰ ।
ধুবুৰীত বিজেপিৰ শক্তি প্ৰদৰ্শন
দেওবাৰে ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন । অন্তিম দিনা ধুবুৰী সমষ্টিত বিশাল ৰেলী উলিয়াই শক্তি প্ৰদৰ্শন কৰিলে বিজেপি প্ৰাৰ্থী তথা ডাঃ দেৱময় সান্যালে । ধুবুৰী জিলা বিজেপিৰ কাৰ্য্যালয়ৰ পৰা ৰেলী উলিয়াই সমষ্টিৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায় ডাঃ সান্যালে । ধুবুৰী সমষ্টিত মহাজোঁটৰ প্ৰাৰ্থী নজৰুল হকৰ সৈতে মূল প্ৰতিদ্বন্দিতা হ’ব বুলি মন্তব্য কৰে ডাঃ দেৱময় সান্যালে ৷ লগতে ধুবুৰী সমষ্টিত তেওঁৰ জয় নিশ্চিত বুলি মন্তব্য কৰে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে ৷
হিমন্ত বিশ্ব শৰ্মা বিসম্বাদত পি এইচ ডি কৰা নেতা : গৌৰৱ গগৈ
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বকোত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন ৷ বকোৰ সোঁণতলীত মহাজোঁটৰ সমৰ্থিত প্ৰাৰ্থী নন্দিতা দাসৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷
গৌৰীপুৰৰ মহাজঁটোৰ নিৰ্বাচনী সভাত গৌৰৱ গগৈ
ধুবুৰীৰ গৌৰীপুৰত মহাজোঁটৰ বিশাল নিৰ্বাচনী সভা। মহাজোঁটৰ প্ৰাৰ্থী নিজানুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় গৌৰৱ গগৈ আৰু হাগ্ৰামা মহিলাৰীয়ে।