অসম

assam

ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 @ 7 PM

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি
সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Mar 14, 2021, 7:13 PM IST

কোনে স্থান পালে বিজেপিৰ তৃতীয় প্ৰাৰ্থী তালিকাত...

দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্য্যলয়ত ৰাষ্ট্ৰীয় সম্পাদক অৰুণ সিঙে সংবাদমেল সম্বোধন কৰি অসমৰ বিধানসভা নিৰ্বাচনৰ বাবে ১৭ জনীয়া তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে ৷

ৰাইজৰ দল আচলতে চোৰৰ হে দল: ভৱেশ কলিতা

বগৰীবাৰীৰ মথাউৰি নিৰ্মাণত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে হৰেশ্বৰ বৰ্মণে দিয়া মন্তব্য উত্তৰ দিবলৈ গৈ, মন্ত্ৰী ভবেশ কলিতাই হৰেশ্বৰ বৰ্মণৰ এছডিআৰএফৰ বিষয়ে থকা জ্ঞানৰ ওপৰত সন্দেহ প্ৰকাশ কৰে।

মৰাণত গেৰুৱা বসন পিন্ধিলে দুই শতাধিক লোকে

নিৰ্বাচনৰ পূৰ্বে মোক্ষম আঘাত নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ । প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবে মৰাণ সমষ্টিৰ জাতীয় পৰিষদৰ বহু কৰ্মীয়ে ইতিমধ্যে দলটোৰ পৰা পদত্যাগ কৰিছে । দেওবাৰে দুয়োটা দলৰে দুই শতাধিক জিলা তথা সমষ্টিৰ নেতা-কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ।

নিৰ্বাচনৰ বাবে সষ্টম হোজাই আৰক্ষী

হোজাইত সুচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্যৰে আৰক্ষীৰ ফুট পে’ট্ৰলিং আৰম্ভ । জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত নিৰ্বাচন যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়, তাৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈছে হোজাই জিলা আৰক্ষী প্ৰশাসন । জিলাখনৰ বিভিন্ন গাঁৱৰ সহজ-সৰল ভোটাৰক ভয়, শংকাৰ পৰা মুক্ত কৰি ৰাখিবলৈ আৰক্ষীয়ে লৈছে এই বিশেষ পদক্ষেপ ।

ড৹ মাধুৰ্য বৰাৰ মৃত্যুৰ তদন্ত বিচাৰি লালুকত প্ৰতিবাদ

অধ্যাপক ড৹ মাধুৰ্য বৰাৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি প্ৰতিবাদমুখৰ হৈ পৰিল লালুক আৰক্ষী থানা ৷ লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে লালুক ঢেকীয়াজুলিবাসীয়ে থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

মাহমৰাত বিজেপি কৰ্মীৰ কংগ্ৰেছত যোগদান

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজ্যৰ অন্য সমষ্টিসমূহৰ দৰে মাহমৰাৰ ৰাজনৈতিক পৰিৱেশ প্ৰতিদিনেই সলনি হৈছে । মন্ত্ৰী যোগেন মহনৰ প্ৰচাৰৰ তৎপৰতাৰ সমান্তৰালভাৱে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সূৰুজ দিহিঙীয়াই দলীয় ভেঁটি সুদৃঢ় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । কংগ্ৰেছৰ নীতি আদৰ্শত আকৃষ্ট হৈ যোগদান কৰে বহু কেইগৰাকী বিজেপি, অগপ কৰ্মীয়ে ।

হাইলাকান্দিত ফ্লায়িং স্কোৱাডে জব্দ কৰিলে লক্ষাধিক টকা

নিৰ্বাচনৰ আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়তে হাইলাকান্দি আৰক্ষীয়ে জব্দ কৰে প্ৰায় ১.৫০ লাখ টকা । দেওবাৰে হাইলাকান্দিৰ লালা অঞ্চলত স্থানীয় আৰক্ষীৰ সহযোগত ফ্লায়িং স্কোৱাডে তালাচী চলাই থকাৰ সময়তে এখন চাৰিচকীয়া বাহনৰ পৰা জব্দ কৰে এই টকাখিনি ৷

ছিকিমৰ ৰাজ্যপাল গংগা প্ৰসাদৰ ষ্টেচ্যু অৱ ইউনিটি দৰ্শন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো প্ৰতিমূৰ্তিটো নিৰ্মাণত অগ্ৰণী ভূমিকা গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনোৱাৰ লগতে কৃতজ্ঞতা প্ৰকাশ কৰে ছিকিমৰ ৰাজ্যপাল গংগা প্ৰসাদে ৷ তেওঁ লগতে কয় যে, ষ্টেচ্যু অৱ ইউনিটিক একতাৰ প্ৰতীক বুলি উল্লেখ কৰি যি সকলে এই প্ৰতিমূৰ্তি নিৰ্মাণত জড়িত আছিল সকলোকে ধন্যবাদ জনায় ।

ৰংগোলী আঁকি বিশ্ব ৰেকৰ্ড গঢ়াৰ দিশে কাছাৰ জিলা প্ৰশাসন

কাছাৰ জিলাত 8 কিল’মিটাৰ দৈৰ্ঘৰ ৰংগোলী অংকন জিলা প্ৰশাসনৰ ৷ হাতিচড়াৰ পৰা ডলুৰ পথত সাজি উলিওৱা হৈছে এই ৰংগোলী ৷ পূৰ্বৰ 4.5 কিল’মিটাৰ দৈৰ্ঘৰ ৰংগোলী অংকনৰ ৰেকৰ্ড ভাঙি নতুনকৈ অংকন কৰা ৰংগোলীৰে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সাজু হৈছে জিলা প্ৰশাসন ৷

যান-বাহন কৰ পৰিশোধৰ অন্তিম দিন ৩১ মাৰ্চ

মহানগৰৰ প্ৰতিগৰাকী সচেতন নাগৰিকৰ লগতে ৰাজ্যৰ প্ৰতিগৰাকী লোককে ৰাজপথৰ সকলো নীতি-নিয়ম মানি চলাৰ উপৰিও যান-বাহনৰ ক্ষেত্ৰত আৰোপ কৰা বকেয়া কৰ আদায় দিবৰ বাবে আহ্বান কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ ৷ যান-বাহনৰ কৰ পৰিশোধৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে ৩১ মাৰ্চ অন্তিম দিন হিচাপে ঘোষণা কৰিছে ৷

ABOUT THE AUTHOR

...view details