অসম

assam

ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 @ 7 PM

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি
সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Mar 13, 2021, 7:14 PM IST

লক্ষ্য নিৰ্বাচন: ভোটাৰক আকৃষ্ট কৰিবলৈ মৰিয়নীত উপস্থিত স্মৃতি ইৰাণী

শনিবাৰে মৰিয়নী সমষ্টিত উপস্থিত স্মৃতি ইৰাণী । কংগ্ৰেছক সমালোচনা বিজেপি নেত্ৰী গৰাকীৰ । জনসভাত সহস্ৰাধিক লোক উপস্থিত ৷

সৰুক্ষেত্ৰীত আদৰণি মুছলিম জাতীয় পৰিষদৰ প্ৰাৰ্থী মতিয়াৰ ৰহমানক

সৰুক্ষেত্ৰীত ভুমুকি মুছলিম জাতীয় পৰিষদৰ প্ৰাৰ্থী মতিয়াৰ ৰহমানৰ । শনিবাৰে দলীয় প্ৰাৰ্থিত্ব লাভ কৰি সৰুক্ষেত্ৰীত উপস্থিত হোৱা মতিয়াৰ ৰহমানক দলীয় সমৰ্থকে বাইক ৰেলী কৰি সৰুক্ষেত্ৰী সমষ্টিৰ গৰৈমাৰীৰ পৰা আদৰণি জনোৱা পৰিলক্ষিত হয় ।

দেওবাৰে অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

দেওবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং অসমলৈ আহিব । মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰ, মিত্ৰজোঁটৰ প্ৰাৰ্থী উৎপল বৰুৱা আৰু ভবেন ভড়ালীৰ হৈ জনসভাত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ।

শিৱসাগৰত উপস্থিত বিজেপি নেত্ৰী স্মৃতি ইৰাণী

আজি অসমলৈ আহিছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী । বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব অসমত । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মৰিয়নী, শিৱসাগৰ আৰু চামগুৰিত নিৰ্বাচনী প্ৰচাৰ চলাব । ভোটাৰৰ মন মোহিত কৰিবলৈ অসমত ৰথী-মহাৰথীৰ ভিৰ পৰিলক্ষিত হৈছে ৷

বংগৰ প্ৰতিটো কোণত পদুম ফুলিব: অনুৰাগ ঠাকুৰ

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছক তীব্ৰ সমালোচনা মন্ত্ৰী অনুৰাগ ঠাকুৰৰ । নন্দীগ্ৰামবাসীয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক এইবাৰ নিৰ্বাচনত পৰাজিত কৰিব । আগন্তুক বিধানসভা নিৰ্বাচনত পশ্চিমবংগৰ প্ৰতিটো কোণত পদুম ফুলিব ।

CAA বাতিলৰ দাবীত আছুৰ বাইক ৰেলী

তেজপুৰৰ পৰা বালিপৰা, জামুগুৰি, ৰঙাপৰা, ঢেকীয়াজুলি হৈ উলিওৱা বিশাল সমদলত অংশ গ্ৰহণকাৰীসকলে CAA আমি নামানো, এই জুই জ্বলিছে, জ্বলিবই, বিজেপি গ’ বেক আদি বিভিন্ন শ্ল’গান দি বালিপৰাৰ আকাশ-বতাহ মুখৰিত কৰি তোলে ৷

কমলপুৰত নগদ ১,৭৫,০০০ টকা জব্দ

শনিবাৰে কমলপুৰতো উঠিল টকাৰ উজান । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত জব্দ হ'ল বৃহৎ পৰিমাণৰ ধন । কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃণাল কুমাৰ দাসৰ নেতৃত্বত আৰু ফ্লাইং স্কোৱাডৰ সহযোগত জব্দ কৰা হয় ১,৭৫,০০০ লক্ষাধিক টকা । বৰমাৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এএছ ২৮ ৯২৩৭ নম্বৰৰ বলেৰ' বাহনখনৰ পৰা কমলপুৰ আৰক্ষীয়ে জব্দ কৰে ধনখিনি ।

COVID-১৯: ভাৰতত নতুনকৈ ২৪,৮৮২ জন আক্ৰান্ত

নতুনকৈ আক্ৰান্ত হোৱা লোকসহ ভাৰতত কৰ'ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা ১,১৩,৩৩,৭২৮ জনলৈ বৃদ্ধি । দেশত বৰ্তমান ২,০২,০২২টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে আৰু ১,০৯,৭৩,২৬০ জন লোক আৰোগ্য হৈ উঠিছে । এতিয়ালৈকে মুঠ ১,৫৮,৪৪৬ গৰাকী লোকে মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে ।

বিহালীত কংগ্ৰেছ মিত্ৰজোঁটৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

২৭ মাৰ্চত অসমত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন ৷ বিহালী বিধানসভা সমষ্টিটোৰ কংগ্ৰেছ আৰু চিপিআইএমএল দলৰ মিত্ৰজোঁটৰ প্ৰচাৰ তুংগত ৷

চাবুৱা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰিয়ংকা সন্ধিকৈ নেওগৰ নিৰ্বাচনী প্ৰচাৰ

121 নং চাবুৱা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰিয়ংকা সন্ধিকৈ নেওগৰ নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰাৰ্থী গৰাকীক নিৰ্বাচনী আয়োগে ট্ৰেক্টৰৰ প্ৰতীক চিহ্ন প্ৰদান কৰিছে ৷ আলফা (স্বাঃ)-এ ফোন কৰি শুভেচ্ছা জ্ঞাপন কৰে প্ৰিয়ংকা সন্ধিকৈ নেওগক ।

ABOUT THE AUTHOR

...view details