চিৰাঙৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং-প’লিং বিষয়া সহ নিৰাপত্তা বাহিনী
চিৰাঙৰ ৭ টা পৰিষদীয় সমষ্টিৰ ৪৬১ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ ভোটগ্ৰহণৰ যাৱতীয় সা-সামগ্ৰী লৈ যাত্ৰা বিষয়া সকল । জিলাখনত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 368188 জন আৰু ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 184683 আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 183505 ৷ জিলাখনৰ মুঠ 461 টা ভোট গ্ৰহণ কেন্দ্ৰত নিৰ্বাচন অনুষ্ঠিত হ'ব ।
যোৰহাটত কেন্দ্ৰীয়ভাৱে পালন প্ৰয়াত তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
যোৰহাটত কেন্দ্ৰীয়ভাৱে পালন কৰা হৈছে প্ৰয়াত ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ যোৰহাটৰ বিধায়ক ৰাণা গোস্বামী, তৰুণ গগৈৰ ভাতৃ দীপ গগৈয়ে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি স্থানত চিতাভষ্ম স্থাপন কৰে ৷
অখিল গগৈক মুক্তি নিদিলে পুনৰ কা আন্দোলনৰ হুংকাৰ
কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত শিৱসাগৰত 18 টাকৈ জাতীয় সংগঠনৰ সংবাদ মেল ৷ যদিহে কৃষক নেতা গৰাকীক মুক্তি নিদিয়ে তেন্তে বিগত বছৰৰ দৰে ১১ ডিচেম্বৰৰ পৰা শিৱসাগৰত দ্বিতীয় লানি কা বিৰোধী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনা, ঐক্য সেনা অসম, অনুসূচীত জাতি ছাত্ৰ সন্থাকে ধৰি ১৮ সংগঠনে ৷
এলিয়েন আছে : ট্ৰাম্পে জানে এলিয়েনৰ বিষয়ে !
এলিয়েনৰ অস্তিত্বক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে ইজৰাইলৰ এগৰাকী প্ৰাক্তন মহাকাশ সুৰক্ষা সচিবে কৈছে যে, 'গেলেটিক ফেডাৰেছন'ৰ অস্তিত্ব আছে । লগতে ইজৰাইল আৰু আমেৰিকাই বছৰ বছৰ ধৰি এলিয়েনৰ সৈতে কাম কৰি আহিছে । ৮৭ বছৰীয়া হেইম এছেদ নামৰ প্ৰাক্তন মহাকাশ সুৰক্ষা সচিবগৰাকীয়ে আমেৰিকা আৰু এলিয়েনৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিৰ বিশদ বিৱৰণ দাঙি ধৰে ।
গণ সুৰক্ষা পাৰ্টীৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ চলিছে : নৱ শৰণীয়া
বঙাইগাঁও প্ৰেছ ক্লাৱত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ সংবাদমেল। কোকৰাঝাৰত আৰক্ষীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ বাবে গ্ৰেপ্তাৰ কৰি গোটেই নিশা কোকৰাঝাৰ থানাত ৰাখে নৱ কুমাৰ শৰণীয়াক ৷ পিছত বুধবাৰে পুৱা জামিনত মুকলি হৈ আহি বঙাইগাঁৱত সংবাদমেলৰ আয়োজন কৰে সাংসদগৰাকীয়ে ।