হিমন্ত বিশ্ব শৰ্মা বিসম্বাদত পি এইচ ডি কৰা নেতা : গৌৰৱ গগৈ
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বকোত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন ৷ বকোৰ সোঁণতলীত মহাজোঁটৰ সমৰ্থিত প্ৰাৰ্থী নন্দিতা দাসৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷
হাগ্ৰামাক চিৰদিনৰ বাবে হুজুৰে বন্দী কৰিছে: হিমন্ত বিশ্ব শৰ্মা
দেওবাৰে বিজনী বিধান সভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়ৰ হৈ বিশাল ৰোড শ্ব' কৰি নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কংগ্ৰেছ এতিয়া এ আই ইউ ডি এফৰ বি টীম । হিমন্তক ২৪ ঘন্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে বাধা দিছে কিন্তু হাগ্ৰামাক চিৰদিনৰ বাবে হুজুৰে বন্দী কৰিছে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ।
কংগ্ৰেছ প্ৰাৰ্থী অসীমা বৰদলৈৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ
নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত কংগ্ৰেছ প্ৰাৰ্থী অসীমা বৰদলৈৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ ৷ নিৰ্বাচনকলৈ যথেষ্ট আশাবাদী অসীমা ৷ 21 ত নিৰ্বাচিত হৈ জনতাৰ সেৱা আগবঢ়াই যোৱাৰ সংকল্প কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ ৷
অৱশেষত দলগাঁৱত ট্ৰেংকুইলাইজ কৰা হ’ল দ্বিতীয়টো গঁড়
অৱশেষত দেওবাৰে বিশেষজ্ঞ দলে দলগাঁৱৰ বৰুৱাঝাৰ গাঁৱত ট্ৰেংকুইলাইজ কৰিবলৈ সক্ষম হ'ল দ্বিতীয়টো গঁড় ৷ দুটা গঁড়ে আতংকৰ সৃষ্টি কৰিছিল দলগাঁৱৰ কেইবাখনো গাঁৱত । গঁড় দুটাৰ এটা শনিবাৰে ট্ৰেংকুইলাইজ কৰা হৈছিল ৷
ছত্তিশগড়ৰ সংঘৰ্ষত ২১ গৰাকী জোৱান সন্ধানহীন:মুখ্যমন্ত্ৰী বাঘেল
ছত্তিশগড়ৰ বিজাপুৰ জিলাৰ জংঘলত মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত পাঁচজন নিৰাপত্তা বাহিনীৰ জোৱান নিহত হয় । ঘটনাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাঘেলে । তেওঁ জনোৱা মতে ৰায়পুৰলৈ স্থানান্তৰিত হোৱা ৭ গৰাকী আহত জোৱান বিপদমুক্ত আনহাতে ২১ জন এতিয়াও সন্ধানহীন আৰু উদ্ধাৰকাৰী দলে তেওঁলোকক বিচাৰি অভিযান অব্যাহত ৰাখিছে ।