বড়োভূমিৰ 5 টা সমষ্টিত নিজাকৈ প্ৰতিদ্বন্দিতা কৰিব বিজেপিয়ে
বিধানসভা নিৰ্বাচনত বড়োভূমিত বিজেপিয়ে যি দলৰ সৈতেই মিত্ৰতা নকৰক কিয়, বি টি আৰৰ কমেও 5 টা সমষ্টিত গেৰুৱা দলটোৱে নিজাকৈ প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হ'ব । বিজেপিয়ে এই কথা ৰাজহুৱাকৈ ইউপিপিএল কিম্বা বিপিএফৰ সৈতে এক নতুন ব্যৱধান সৃষ্টি কৰিব খোজা নাই যদিও ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ সুত্ৰই ইটিভি ভাৰতক জানিবলৈ দিছে এই সিদ্ধান্তৰ কথা ।
কৰুণ : শুই থকা অৱস্থাতেই জীৱন্তে অগ্নিদগ্ধ স্বামী-স্ত্ৰী
ডুমডুমাত ভয়ংকৰ অগ্নিকাণ্ড ৷ জীৱন্তে অগ্নিদগ্ধ হয় দুগৰাকী ৷ অগ্নিদগ্ধ হৈ মৃত্যু হোৱা দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে ।
ৰিপুণ বৰাই পি চিদাম্বৰামৰ পৰা ধমকি খোৱাতো সাধাৰণ কথা : ৰকিবুল হুছেইন
‘‘ডাঙৰ হিচাবে পি চিদাম্বৰামে অসম প্ৰদেশ কংগ্ৰেছৰ নেতা ৰিপুণ বৰাক ধমকি দিছে ৷’’ পি চিদাম্বৰামে ৰিপুণ বৰাক ধমকি দিয়া প্ৰসংগত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰকিবুল হুছেইনে ৷
অসম আৰক্ষীৰ জোৱানৰ প্ৰসংশনীয় কৰ্তব্যনিষ্ঠা
মহানগৰ আৰক্ষীৰ দিশপুৰ থানাৰ যানবাহন শাখাত কৰ্মৰত কনিষ্টবল অমিয় কলিতাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ৷ দিশপুৰত আন্তঃগাঁথনিগত নিৰ্মাণ কাৰ্য হৈ থকাৰ সময়তে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল পাইপেৰে পানী দি পথ চাফা কৰি থকা অমিয় কলিতাৰ এখন ফটো ৷ কলিতাৰ এই কৰ্তব্যনিষ্ঠাক বহুতেই প্ৰসংশা কৰি সামাজিক মাধ্যম ভৰাই পেলাইছিল ৷
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ সুধাংশু ঢুলীয়াৰ
দেওবাৰে মহানগৰীৰ ৰাজভৱনৰ দৰবাৰ হলত অনুষ্ঠিত হৈ যায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ শপত গ্ৰহণ অনুষ্ঠান ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ এন কুটেশ্বৰ সিঙে মুখ্য ন্যায়াধীশ হিচাপে শপত বাক্য পাঠ কৰোৱাই সুধাংশু ঢুলীয়াক ৷ পূৰ্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল ঢুলীয়া ৷
শোৱনী কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ আৰক্ষী বিষয়াৰ মৃতদেহ
কৰিমগঞ্জত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ কৰিমগঞ্জৰ এৰালীগুলস্থিত 15 নং আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী উপ-আৰক্ষী অধীক্ষককৰ মৃতদেহ ৷ দেওবাৰে পুৱা শ্যামাপ্ৰসাদ চক্ৰবৰ্ত্তী নামৰ আৰক্ষী বিষয়াগৰাকীৰ বিছনাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় মৃতদেহ ৷ পুৱা আৰক্ষী বিষয়াজন ওলাই নহাত আৰক্ষীৰ জোৱান সকলে দৰ্জা ভাঙি ভিতৰলৈ সোমাই প্ৰত্যক্ষ কৰে মৃতদেহ ৷
কৰিমগঞ্জত চালকসহ চুৰি লোহা ভৰ্তি ট্ৰাক জব্দ
কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত চালকৰ সহযোগত ৰড চুৰিৰ ঘটনা সংঘটিত হৈছে ৷ জিলা খনত বিভিন্ন সময়ত এনেদৰে চালকৰ সহযোগত লোহাৰ ৰড চুৰিৰ অভিযোগ উত্থাপিত হৈ অহাৰ মাজতে এগৰাকী ৰডৰ দোকানীৰ এক গোচৰৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষীয়ে শনিবাৰে সন্ধিয়াৰ ভাগত চালকসহ ট্ৰাক আৰু চুৰি ৰড জব্দ কৰে ৷
এম্বুলেঞ্চৰ পৰা জব্দ হেৰ’ইন: দুজনক আটক
নগাঁৱৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ সময়তে পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য । এম্বুলেঞ্চৰ সহায়ত ড্ৰাগছ সৰবৰাহৰ তথ্য পোহৰলৈ আহিছে মধ্য অসমৰ নগাঁৱত । দেওবাৰে পুৱা ভকতগাঁৱত এখন এম্বুলেঞ্চৰ পৰা স্থানীয় ৰাইজৰ সহযোগত জব্দ কৰা হয় মাৰাত্মক হেৰ’ইন ।
ত্ৰিপুৰাত এচিড পান কৰি শিক্ষয়ত্ৰীৰ আত্মহত্যা
ত্ৰিপুৰাত অব্যাহত থকা শিক্ষকৰ প্ৰতিবাদৰ মাজতে শনিবাৰে ৰুমী দেৱবৰ্মা নামৰ এগৰাকী শিক্ষয়ত্ৰীয়ে খোৱাইস্থিত নিজ বাসগৃহত এচিড পান কৰি আত্মহত্যা কৰে ৷ ত্ৰিপুৰাত নিজৰ চাকৰি উভটাই বিচাৰি ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰখা প্ৰায় 10,323 গৰাকী শিক্ষকৰ ভিতৰত এগৰাকী আছিল ৰুমী ৷
ডিব্ৰুগড়ৰ লাৰুৱাত ব্ৰহ্মপুত্ৰৰ মথাউৰি নিৰ্মাণত কেলেংকাৰী
ডিব্ৰুগড় জিলাৰ ভিতৰত সৰ্বাধিক বানবিধস্ত অঞ্চল পশ্চিম ৰাজহ চক্রৰ অন্তর্গত লৰুৱা মৌজাত মধুপুৰ অঞ্চলত ব্ৰহ্মপুত্ৰৰ পাৰত প্রায় ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নির্মাণৰ নামত সংঘটিত ব্যাপক অনিয়মে অঞ্চলবাসীক ক্ষোভিত কৰি তুলিছে । স্থানীয় বিধায়ক চক্ৰধৰ গগৈয়ে বিষয়টো সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ নকৰাত মুখ্যমন্ত্রীৰ হস্তক্ষেপ দাবী আৰু উচিত তদন্ত কৰি খৰালিৰ ভিতৰতেই শীঘ্ৰে উন্মুক্ত হৈ ৰোৱা মথাউৰিটো নিৰ্মাণৰ দাবী জনাইছে ৰাইজে ।