শ্বহীদ মংগৰাম দেৱবৰ্মাৰ পৰিয়াললৈ ক্ষতিপূৰণ প্ৰদান
কাশ্মীৰৰ বাৰামুলা অঞ্চলত নিহত শ্বহীদ মংগৰাম দেৱবৰ্মা ৷ শোকসন্তপ্ত পৰিয়ালক ৫ লাখ টকাৰ সাহায্য প্ৰদান ৷
আগৰতলাৰ উডলেণ্ড হোটেলত ট্ৰেড ইউনিয়নৰ সংঘাত
দেওবাৰে উদয়পুৰত বিএমএছ ত্ৰিপুৰাৰ বাৰ্ষিক সন্মিলন অনুষ্ঠিত হয় । উল্লেখযোগ্য় যে,সন্মিলনৰ সময়চোৱাতে নতুন ৰাজ্যিক সমিতি ঘোষণা কৰা হয় ৷ ইয়াৰ পিছতেই সৃষ্টি হয় সমস্যাৰ ৷ নতুন সমিতি ঘোষণা কৰাৰ পিছতে, নেতাসকলৰ এটা অংশই সভাকক্ষ পৰিহাৰ কৰে, যাৰ ফলত তীব্ৰ হাই-উৰুমিৰ সৃষ্টি হয় ।
ফুলনিত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা
ফুলনিত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা ৷ বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বড়োসকলক একগোট হৈ বিজেপিৰ পৰিবৰ্তে কংগ্ৰেছ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় ৷
ডিফুত নিৰ্বাচন সন্দৰ্ভত উপায়ুক্তৰ সংবাদমেল
দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সন্দৰ্ভত সোমবাৰে ডিফুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনী বিষয়া জিণ্টু বৰাৰ উপস্থিতিত উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই সম্বোধন কৰে এক সংবাদমেল ৷
আজি ৬ বজাত অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ
মঙলবাৰে ৬ বজাত অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ পহিলা এপ্ৰিলত ৰাজ্যৰ ৩৯ টা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৩৪৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৩,৪৪,৬৩১ গৰাকী ভোটাৰে ।