অসম

assam

ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 বাতৰি... - Top 10 at 1 pm

1 বজাৰ শীৰ্ষ 10 বাতৰি...

1 বজাৰ শীৰ্ষ 10 বাতৰি...
1 বজাৰ শীৰ্ষ 10 বাতৰি...

By

Published : Mar 22, 2021, 1:00 PM IST

পশ্চিম বংগত নিৰ্বাচনী হিংসা:তৃণমূলৰ কৰ্মীক বিজেপি কেডাৰে হত্যা কৰাৰ অভিযোগ

পশ্চিম বংগত সংঘটিত হৈছে নিৰ্বাচনী হিংসাৰ ঘটনা ৷ এগৰাকী তৃণমূল কংগ্ৰেছ দলৰ কৰ্মীক বিজেপি দলৰ কেডাৰে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

লাহৰীঘাটত কংগ্ৰেছৰ কোনো প্ৰত্যাহ্বান নাই : প্ৰাৰ্থী ডাঃ আশ্বিফ নাজাৰ

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰাৰ্থী সকলৰ মাজতো বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ ব্যতিক্ৰম নহয় ৮১ নং লাহৰীঘাট বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ডাঃ আশ্বিফ নাজাৰো ৷ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ডাঃ আশ্বিফ নাজাৰে দেওবাৰে অংশগ্ৰহণ কৰে এক নিৰ্বাচনী সভাত ৷ ৮১ নং লাহৰীঘাটত এইবাৰ কংগ্ৰেছৰ বাবে কোনো নাই প্ৰত্যাহ্বান ৷

বিহালীলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জো পি নাড্ডা

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৬ দিন বাকী । যাৰবাবে হাইভল্টেজ নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে বিজেপি-কংগ্ৰেছৰ শীৰ্ষ নেতাসকল ৷

সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰদ্যুত বৰদলৈয়ে

বঢ়মপুৰ সমষ্টিত সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ১০নং লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে ৷ ‘কা’ আইনৰ বিৰোধিতা কৰাৰ বাবেই বিজেপিয়ে বস্তাৰ গেলা আলুৰ দৰে প্ৰফুল্ল কুমাৰ মহন্তক দলিয়াই পেলাইছে বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ।

হাইলাকান্দিত ভয়ংকৰ পথ দুৰ্ঘটনা

হাইলাকান্দিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা । ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে এখন অল্ট’ বাহনে ৷ দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হৈছে এজন লোক, আহত হৈছে আন চাৰিজন ৷

বিহালী বাঘমাৰীত কংগ্ৰেছ মহাজোঁটৰ অধিকাৰ সমাৰোহ

দেওবাৰে মহাজোঁটৰ প্ৰাৰ্থী বিবেক দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে বিহালীত উপস্থিত হয় চি পি আই (এম এল) লিবাৰেচন দলৰ সৰ্বভাৰতীয় সম্পাদক দিপাংকৰ ভট্টাচাৰ্য, চি পি আই (এম এল) দলৰ কেন্দ্ৰীয় সদস্য মহম্মদ চেলিম, প্ৰাক্তন মন্ত্ৰী নুৰজামাল চৰকাৰ, প্ৰাক্তন বিধায়ক বৰ্ণবাস তাঁতি, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰূপক শৰ্মা আৰু প্ৰেমলাল গঞ্জু লগতে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক প্ৰণৱ চৌধুৰী ৷

কৰিমগঞ্জত নিৰ্বাচনী হিংসা

কৰিমগঞ্জৰ পাথাৰকান্দিত নিৰ্বাচনী হিংসা । কংগ্ৰেছ প্ৰাৰ্থী শচিন শাহুৰ বহনলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ দুৰ্বৃত্তৰ। ন্যায়ৰ দাবীত বৈঠাখাল এলেকাত সমৰ্থকৰ সৈতে ঘাইপথত ধৰ্ণাত বহিল কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ।

জন প্ৰতিনিধিৰ প্ৰৱেশ নিষিদ্ধ বালিপৰাৰ মোলানপুখুৰীত

বালিপৰাৰ মোলানপুখুৰীবাসীয়ে আঁৰিলে ন' ৰ'ড ন' ভোট বেনাৰ ৷ পকী পথ নিৰ্মান নকৰা পৰ্যন্ত জনপ্ৰতিনিধিৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ল ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিত ৷

বিদ্ৰোহী নেতাই বিবুধিত পেলাইছে ত্ৰিপুৰা বিজেপিক

ত্ৰিপুৰাৰ শাসনাধীন বিজেপি চৰকাৰ সন্মুখীন হৈছে এক নতুন প্ৰত্যাহ্বানৰ ৷ দলৰ মাজতে নেতাৰ বিদ্ৰোহে বিপাঙত পেলাইছে ত্ৰিপুৰা বিজেপিক ৷

ৰাজ্যত চি পি আই(এম)ৰ ভূত আছে:বিপ্লৱ কুমাৰ দেৱ

দেওবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে দলীয় এক সভাত অংশগ্ৰহণ কৰে ৷ এই সভাতেই তেওঁ ৰাজ্যত এতিয়াও ভূত আছে বুলি মন্তব্য কৰে ৷ তেওঁ কয় যে, ৰাজ্যত এডিচি নিৰ্বাচনৰ পূৰ্বে চি পি আই(এম)ৰ গভীৰ কাৰ্য কলাপৰ ওপৰত নজৰ দিয়া উচিত ৷

ABOUT THE AUTHOR

...view details