বটদ্ৰৱাৰ কংগ্ৰেছ প্ৰাৰ্থী শিবামণি বৰাৰ বিৰুদ্ধে এজহাৰ দাখিল
নাগৰিকত্ব সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শিবামণি বৰাৰ বিৰুদ্ধে আৰক্ষী থানাত এজহাৰ দাখিল ।
ডিফুত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে আন্তৰ্জাতিক মল্লযুঁজ প্ৰতিযোগিতা
ডিফুত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হয় আন্তৰ্জাতিক মল্লযুঁজ ৷ এই মল্লযুজঁত হাৰিয়াণাৰ প্ৰদীপ সিঙক পৰাজিত কৰি বিজয়ীৰ খিতাপ লাভ কৰে পঞ্জাৱৰ বগ্গা সিঙে ৷
গুৱাহাটী প্ৰেছ ক্লাবত মুকলি ব্ৰেষ্ট ফিডিং কক্ষ
শনিবাৰে হেল্থ চিটি হাস্পতালৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত ব্ৰেষ্ট ফিডিং কক্ষ উদ্বোধন আৰু বিনামূলীয়া হৃদৰোগ পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয় ৷ বিশেষকৈ বিভিন্ন সময়ত গুৱাহাটী প্ৰেছ ক্লাবলৈ অহা মহিলা সাংবাদিকসকলৰ লগতে বিভিন্ন অনুষ্ঠানৰ বাবে অহা মহিলাসকলে ভূগি অহা কিছু অসুবিধাৰ সমস্যা সামাধানৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবত নিৰ্মাণ কৰা হৈছে ব্ৰেষ্ট ফিডিং কক্ষ ৷
ৰাইজৰ টকাৰে নিৰ্দলীয় প্ৰাৰ্থী হিলাল উদ্দিন লস্কৰ জনসভা
শনিবাৰে হাইলাকান্দিত নিৰ্দলীয় প্ৰাৰ্থী হিলাল উদ্দিন লস্কৰৰ নিৰ্বাচন কেন্দ্ৰীক জনসভা অনুষ্ঠিত হয় ৷ এই বিশেষ সভাখন এতিয়া হৈ পৰিছে চৰ্চাৰ বিষয় ৷ কিয়নো প্ৰাৰ্থী হিলাল উদ্দিন লস্কৰে নিজ টকা খৰচ কৰি নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ বিপৰীতে ৰাইজৰ দান-বৰঙনিৰে আয়োজন কৰা হৈছে এই সভা ৷
চামগুৰিত অনিল শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ
শনিবাৰে অনিল শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ও মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া উপস্থিত হৈ চামগুৰিৰ ভেলেউগুৰি স্থিত নাট্য মন্দিৰত প্ৰচাৰ চলাই ।