অসম

assam

ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 বাতৰি... - top ten 1pm

1 বজাৰ শীৰ্ষ 10 বাতৰি...

1 বজাৰ শীৰ্ষ 10 বাতৰি...
1 বজাৰ শীৰ্ষ 10 বাতৰি...

By

Published : Mar 20, 2021, 1:06 PM IST

সাংসদ তপন গগৈ পুনৰ ক’ৰণাত আক্ৰান্ত

বিগত বৰ্ষৰ ছেপ্তম্বৰত আক্ৰান্ত হোৱা সাংসদ তপন গগৈ পুনৰ আক্ৰান্ত হৈছে ক’ৰণাত । সম্প্ৰতি তেওঁ সোণাৰিৰ বাসগৃহত হৈ আছে কোৱাৰেণ্টিন ৷

তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিল সন্দৰ্ভত ধুবুৰী জিলা উপায়ুক্তৰ সংবাদমেল

ধুবুৰী জিলা উপায়ুক্তৰ সংবাদমেল । ধুবুৰী নিৰ্বাচনী জিলাৰ তিনি সমষ্টিত মুঠ ২৭ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল । ধুবুৰীত তুংগত নিৰ্বাচনী প্ৰচাৰ ৷

প্ৰতিশ্ৰুতি পূৰ্ণ কৰিব নোৱাৰি হতাশগ্ৰস্ত মোদী:APCCৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ

প্ৰত্যেকবাৰে বৰাকত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ন ন প্ৰতিশ্ৰুতি প্ৰদান কৰে শাসকীয় চৰকাৰখনে ৷ কিন্তু আজি পৰ্যন্ত কোনো এটা প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম নহ’ল ৷ বৰাক তথা সমগ্ৰ অসমৰে উন্নয়নত চূড়ান্তভাৱে ব্যৰ্থ হৈছে শাসকীয় চৰকাৰখন ৷ যাৰ বাবে হতাশগ্ৰহস্ত হৈ পৰিছে প্ৰধানমন্ত্ৰী মোদী ৷ এই মন্তব্য APCCৰ ৰাষ্ট্ৰীয় মুখপাত্ৰৰ ৷

যোগ সাধনাৰে নিদ্ৰাহীনতা দূৰ কৰক

যোগ সাধনা অনুযায়ী টোপনি হ’ল নিজকে আৰোগ্য কৰি ৰাখিবৰ বাবে এনে এক প্ৰাকৃতিক ধ্যান, যাক আমাৰ এই গ্ৰহটোৰ প্ৰতিটো জীৱই প্ৰত্যেক নিশাই পালন কৰে নাইবা কৰা উচিত ৷ “বডী ক্লক”টো এনেকৈ বিকশিত হৈছে যে ইয়াক আমাৰ শৰীৰটোৰ ক্ৰীয়া কলাপবোৰ সুকলমে চলাই নিবৰ বাবে তথা পুনৰুজ্জীৱিত কৰি তুলিবলৈ পৰ্যাপ্ত পৰিমাণৰ ‘নিদ্ৰা সময়’ তথা গুণগত নিদ্ৰাৰো প্ৰয়োজন হয় ৷

চন্দ্ৰ ব্ৰহ্মক নিজ দলৰ মানুহেই ভাল নাপায়: প্ৰাৰ্থী ৰঞ্জয় কুমাৰ ব্ৰহ্ম

শুকুৰবাৰে চিৰাঙৰ ৩১ নং চিদলী (জনজাতি) বিধান সভা সমষ্টিৰ পৰা জনতা দল ইউনিটেডৰ প্ৰাৰ্থিত্ব লাভ কৰি মনোনয়ন পত্ৰ দাখিল কৰে প্ৰাৰ্থী ৰঞ্জয় কুমাৰ ব্ৰহ্ময়ে ৷ পুৱা প্ৰায় ১০ বজাত জনতা দল ইউনিটেডৰ বহু সমৰ্থক লৈ মনোনয়ন পত্ৰ দাখিল কৰে চিৰাং জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া গৌতম তালুকদাৰৰ ওচৰত। মনোনয়ন পত্ৰ দাখিল কৰিয়েই প্ৰাৰ্থী গৰাকীয়ে তীব্ৰ সমালোচনা কৰিলে বিপিএফ-ইউপিপিএল দলক ।

বাক্সাৰ শালবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

বাক্সাৰ শালবাৰীত শুকুৰবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোত শালবাৰী বজাৰৰ ১২ খনকৈ দোকান সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ৷

কংগ্ৰেছ মুক্ত কৰিবলে গৈ কংগ্ৰেছ সংস্কৃতি যুক্ত হল বিজেপি: শান্তনু কলিতা

শুকুৰবাৰে বৰক্ষেত্ৰীত মনোনয়ন দাখিল কৰে বিজেপিৰ টিকট বঞ্চিত প্ৰাৰ্থী শান্তনু কলিতা আৰু ধৰ্মপুৰত বিজেপিৰ টিকট বঞ্চিত প্ৰাৰ্থী জ্যোতিৰ্ময় শৰ্মাই ৷

সমদল কৰি ফণীভূষণ চৌধুৰীৰ মনোনয়ন দাখিল: হেজাৰ হেজাৰ কৰ্মীৰ অশংগ্ৰহণ

শুকুৰবাৰে বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন আছিল ৷ অন্তিমটো দিনতে বিজেপি-অগপৰ সমৰ্থকেৰে বঙাইগাঁৱত মনোনয়ন দাখিল কৰে ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ অগপ দলৰ প্ৰাৰ্থী মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷ বঙাইগাঁও জিলা অগপ কাৰ্যালয়ৰ পৰা উলিওৱা সমদলত হেজাৰ হেজাৰ কৰ্মীয়ে অশংগ্ৰহণ কৰে ৷

পলিঅ' প্ৰতিষেধক লোৱাৰ পিছতে এটি শিশুৰ মৃত্যুৰ অভিযোগ

পলিঅ' প্ৰতিষেধক লৈ এটি শিশুৰ মৃত্যুৰ অভিযোগ ৷ ইয়াক লৈ মৰাণ ৰাজ্যিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি ৷ ৰাইজে ঘেৰাও কৰিলে চিকিৎসালয় ৷

বোকাজানত মৰণাস্ত্ৰসহ আটক এজন

অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী এলেকাত বোকাজান মহকুমা আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা অস্ত্ৰ-শস্ত্ৰসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন যুৱকজন মণিপুৰ ইম্ফলৰ কানচিপুৰৰ বাসিন্দা খুপচেই ছিংচনৰ পুত্ৰ লেনথাং ছিংচন(৩৯) বুলি চিনাক্ত কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details