নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নাওবৈচা সমষ্টিত কংগ্ৰেছ দলত মোক্ষম আঘাত
বৃহস্পতিবাৰে নাওবৈচা সমষ্টিৰ লালুক ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত হয় অগপ-বিজেপি মিত্ৰজোঁটৰ এখন বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভা ৷ এই সভাতে কংগ্ৰেছৰ ৮০০ আৰু ইউডিএফৰ প্ৰায় ৩০০ কৰ্মীয়ে যোগদান কৰে অগপত ৷ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছৰ এই গৰাখহনীয়াই বৰুকৈয়ে বিপদত পেলাব ঢকুৱাখনা ফেৰৎ কংগ্ৰেছ প্ৰাৰ্থী ভৰত চন্দ্ৰ নৰহক ৷
প্ৰধানমন্ত্ৰী গ’ বেক ধ্বনিৰে উত্তাল পাঁচগ্ৰাম কাগজ কল
বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী গ’ বেক ধ্বনিৰে প্ৰতিবাদ মুখৰ হৈ পৰিল পাঁচগ্ৰাম কাগজ কলৰ চৌহদ ৷ বৃহস্পতিবাৰে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী কৰিমগঞ্জ আগমনক লৈ প্ৰতিবাদত বহিল পাঁচগ্ৰাম কাগজ কলৰ কৰ্মচাৰী সকল ৷
মৰিগাঁৱত নিৰ্বাচনকেন্দ্ৰিক গুৰুত্বপূৰ্ণ বৈঠক
মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া সীমা ৰেখা ভূঁঞাৰ সঞ্চালনাত ৭৯ নং জাগীৰোড বিধানসভা সমষ্টিৰ লগতে মৰিগাঁৱৰ তিনি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী সকলৰ সৈতে এখন সভাত মিলিত হয় ৷ জিলাখনৰ নিৰ্বাচনৰ সৈতে জড়িত বিষয়া সকলে বৈঠকত ভাৰতৰ নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্বাচনী বিধিৰ সম্পৰ্কে ৰাজনৈতিক দলৰ প্ৰাৰ্থী তথা প্ৰতিনিধি সকলক বিতং ভাৱে বুজাই দিয়াৰ লগতে প্ৰতিটো নিয়ম মানি চলাৰ বাবে আহ্বান জনায় ৷
বকোৰ ৰাজাপাৰাত ভয়াৱহ পথ দুৰ্ঘটনা
বৃহস্পতিবাৰে বকোৰ ৰাজাপাৰাত নিশা এখন ট্ৰাক আৰু বাইকৰ মুখা-মুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় দুজনকৈ যুৱক ।
কাৰ্বি আংলঙৰ এএছডিচিৰ নির্বাচনী ইস্তাহাৰ মুকলি
কার্বি আংলঙৰ আঞ্চলিক ৰাজনৈতিক দল অটনমাছ স্টেট ডিমাণ্ড কমিটি চমুকৈ এএছডিচিয়ে নির্বাচনী ইস্তাহাৰ মুকলি কৰিছে । বৃহস্পতিবাৰে বিয়লি দলটোৰ ডিফুস্থিত মুখ্য কার্যালয়ত এক সংবাদমেল আয়োজন কৰি আনুষ্ঠানিকভাৱে মুকলি কৰে নিৰ্বাচনী ইস্তাহাৰখন ৷