দুৰ্বৃত্তৰ আক্ৰমণৰ বলি জ্যেষ্ঠ সাংবাদিক সজল কান্তি বৈদ্য
সোমবাৰে দক্ষিণ ত্ৰিপুৰাৰ বেলোনিয়া মহকুমাত দুৰ্বৃত্তৰ এটা দলে আক্ৰমণ কৰে জ্যেষ্ঠ সাংবাদিক সজল কান্তি বৈদ্যক ৷ জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে নিজ বাহনেৰে বেলোনিয়াৰ সৰামীমা অঞ্চল অভিমুখে গৈ থকা অৱস্থাত মটৰ চাইকেলত অহা দুৰ্বৃত্তৰ এটা দলে আদবাটতে আক্ৰমণ কৰে ৷
ত্ৰিপুৰাত এনএলএফটিৰ প্ৰশিক্ষণ প্ৰাপ্ত কেডাৰ আটক
ত্ৰিপুৰাত এনএলএফটিৰ প্ৰশিক্ষণ প্ৰাপ্ত কেডাৰ আটক ৷ আটক হোৱা উগ্ৰপন্থী জন কিশোৰ দেৱবৰ্মা ৷
লুৰিণ জ্যোতি গগৈৰ মাতৃৰ আশু আৰোগ্য কামনাৰে চাচনীবাসীৰ বন্তি প্ৰজ্বলন
সোমবাৰে হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ পৰে লুৰিণ জ্যোতি গগৈৰ মাতৃ দুলু গগৈ ৷ উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত ডিব্ৰুগড় সঞ্জীৱনী চিকিৎসালয়ত চিকিৎসাধীন হোৱাৰ পিছতেই এক আবেগিক পৰিৱেশ সৃষ্টি হয় চাচনীবাসীৰ মাজত । লুৰিণ জ্যোতি গগৈৰ মাতৃৰ আশু আৰোগ্য কামনাৰে চাচনীৰ বিভিন্ন অঞ্চলৰ লগতে দেওঘৰীয়া গাওঁ আৰু শুকানী গাঁৱৰ ৰাইজে ঘৰে ঘৰে চাকি বন্তি জ্বলাই মাতৃগৰাকীৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায় । মাতৃগৰাকীৰ অসুস্থতাৰ খবৰ লাভ কৰি কান্দোনত ভাগি পৰিছে চাচনীৰ মহিলাসকল ।
কংগ্ৰেছ মহাজোঁটৰ চাবি-কাঠি মোৰ হাতত: আজমল
সোমবাৰে 68 নং দলগাঁও সমষ্টিৰ শিয়ালমাৰীত এআইইউডিএফ-ৰ প্ৰাৰ্থী মজিবুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বদৰুদ্দিন আজমলে ৷ এই নিৰ্বাচনী সভাৰ পৰাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিলে এআইইউডিএফ প্ৰধান গৰাকীয়ে ৷
ৰমাকান্ত দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল সাংসদ প্ৰদান বৰুৱা
সোমবাৰে মৰিগাঁৱৰ 80 নং বিধান সভা সমষ্টিত বিজেপিৰ মনোনীত প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱাই ৷