ডিব্ৰুগড়ত ভাতৃৰ বাবে হেৰুৱালে টিকট !
অৱশেষত বিজেপিয়ে ঘোষণা কৰিলে ৭০ টা বিধানসভা সমষ্টিৰ চূড়ান্ত প্ৰাৰ্থীৰ তালিকা । ডিব্ৰুগড়ৰ ৭ টা বিধানসভা সমষ্টিৰ ভিতৰত চাবুৱা আৰু নাহৰকটীয়া সমষ্টিত সলনি হ'ল প্ৰাৰ্থী । চাবুৱাত জ্যেষ্ঠ ভাতৃৰ বাবে কনিষ্ঠ ভাতৃয়ে হেৰুৱালে টিকট ।
এইবাৰ নিৰ্বাচনত মোৰ কোনো প্ৰত্যাহ্বান নাই: ৰমাকান্ত দেউৰী
2021 ৰ বিধানসভা নিৰ্বাচনৰ বাবে মৰিগাঁও সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে পুনৰ টিকট লাভ কৰিলে বৰ্তমানৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ 80 নং মৰিগাঁও বিধানসভা সমষ্টিৰ বাবে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে ৰাজ্যিক নেতৃত্বই ৰমাকান্ত দেউৰীৰ নাম ঘোষণা কৰাৰ পিচতে আনন্দ-উল্লাসত মচগুল হৈ পৰে বিজেপিৰ কৰ্মকৰ্তাসকল ৷
প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱা পাচতে কি ক'লে ৰাজ্যিক বিজেপিৰ নেতৃত্বই ...
অনুষ্ঠানিকভাৱে বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ তালিকা ৷ এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ কেন্দ্ৰীয় মহা সচিব অৰুণ সিঙে ঘোষণা কৰিলে প্ৰাৰ্থীৰ তালিকা ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সৈতে ইটিভি ভাৰতৰ সাংবাদিকৰ বিশেষ সাক্ষাৎকাৰ ৷
মোৰ শত্ৰু AIUDF নহয়,বিজেপিহে: মুনিন মহন্ত
জন সাধাৰণৰ মিলিত শক্তিৰে পৰাভূত হ'ব বিজেপি ৷ জনতাৰ চিন্তাধাৰা যি ফালে যায় তাক কোনেও ৰুধিব নোৱাৰে ৷ ইতিমধ্যে জনতাৰ মাজত বিজেপি কি সেই সম্পৰ্কে ধাৰণা স্পষ্ট হৈছে ৷ শুকুৰবাৰে ইটিভি ভাৰতৰ আগত এই মন্তব্য কৰে 80 নং মৰিগাঁও বিধানসভা সমষ্টিৰ মহাজোঁট বন্ধনৰ প্ৰাৰ্থী তথা জ্যেষ্ঠ বাওঁপন্থী নেতা মুনিন মহন্তই ৷
ডিব্ৰুগড়ৰ এজন বিধায়কে নাপালে পুনৰ টিকট
লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ন বৰুৱাই এইবাৰ টিকটৰ পৰা বঞ্চিত হ'ল । টিকট লাভ কৰা বিধায়ক সকলক আজি সমষ্টিয়ে সমষ্টিয়ে দলীয় কৰ্মী সকলে উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয় ।