অসম

assam

ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা খবৰ - TOP NEWS AT 11AM

11 বজাৰ শীৰ্ষ দহটা খবৰ

TOP NEWS AT 11AM
11 বজাৰ শীৰ্ষ দহটা খবৰ

By

Published : Sep 6, 2020, 11:36 AM IST

চিকিৎসক ৰাহুল বসুমতাৰীৰ হত্য়াকাৰী আৰক্ষীৰ জালত

যোৰহাট আৰক্ষীৰ বৃহৎ সফলতা ৷ ২৪ ঘন্টাৰ ভিতৰতে আৰক্ষীৰ জালত জে কে এছ মেম'ৰিয়েল হোমিঅ'পেথিক মহাবিদ্যালয়ৰ কণিষ্ঠ চিকিৎসক ডাঃ ৰাহুল বসুমতাৰীৰ হত্যাকাৰী ৷ আটকাধীন লোকজনৰ নাম দিগন্ত তাঁতী ৷ যোৰহাটৰ টোকলাই চাহ গবেষণা কেন্দ্ৰৰ সমীপৰ পৰা আৰক্ষীয়ে আটক কৰিছিল লোকজনক ৷

বন বিভাগৰ অভিযানত নগাঁৱত জব্দ অবৈধ কাঠফলা মিল

নগাঁৱত জব্দ হৈছে কাঠফলা অবৈধ মিল ৷ বন সুৰক্ষা বিষয়া শ্বামিম আখতাৰৰ নেতৃত্বত শনিবাৰে বন বিভাগৰ এটা দলে অভিযান চলাই জব্দ কৰিলে দুটাকৈ অবৈধ কাঠফলা মিল ৷

বাঘজানৰ জুই নিৰ্বাপনৰ বাবে অনা নাই কোনো তান্ত্ৰিকঃ স্পষ্ট কৰিলে অইল ইণ্ডিয়াই

বাঘজানৰ জুই নিৰ্বাপনৰ বাবে অনা হোৱা নাই কোনো তান্ত্ৰিক । এই বিষয়ে স্পষ্ট কৰিলে অইল ইণ্ডিয়া কৰ্তৃপক্ষই ৷ অইল ইণ্ডিয়াৰ বিভাগীয় ফেচবুক পেজযোগে এই বিষয়ে সদৰি কৰে কৰ্তৃপক্ষই ৷

আঞ্চলিকতাবাদৰ ভেটি টনকিয়ালৰ কৰাৰ লক্ষ্যৰে দৰঙত অজিত কুমাৰ ভূঞা

দৰঙত আঞ্চলিকতাবাদৰ ভেটি টনকিয়াল কৰাৰ লক্ষ্যৰে শনিবাৰে জিলাখনৰ ছিপাঝাৰত উপস্থিত হয় প্ৰবীন সাংবাদিক তথা ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞা । জাতীয়তাবাদৰ অন্যতম বৰঘৰ সদৃশ ছিপাঝাৰত উপস্থিত হৈ সাংসদ অজিত কুমাৰ ভূঞাই দুখনকৈ ক্ষুদ্র জনজাগৰণ সভাত মিলিত হয় ।

জনগোষ্ঠীসমূহক জনজাতিকৰণৰ আশ্বাস সাংসদ নৱ শৰণীয়াৰ

আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে এতিয়া সাজু বিটিচিৰ প্ৰতিটো ৰাজনৈতিক দল ৷ ৰাজনৈতিক নেতাসকলে জনসাধাৰণক আশ্বস্ত কৰিবলৈ এতিয়া অধিক সক্ৰিয়তাৰে নামি পৰিছে ৰাজনৈতিক ক্ষেত্ৰখনত ৷ গণ সুৰক্ষা পাৰ্টীৰ নেতা তথা সাংসদ নৱ শৰণীয়ায়ো এতিয়া তৎপৰতাৰে সোমাই পৰিছে জনসাধাৰণৰ মাজত ৷ দি গৈছে এটাৰ পিছত আন এটা প্ৰতিশ্ৰুতি ৷

প্ৰশাসনে বন্ধ কৰিলে চৰকাৰী চিকিৎসকৰ ব্যক্তিগত চেম্বাৰ

ব্যক্তিগত চেম্বাৰ খুলি চিকিৎসাৰ নামত ব্যবসায় চলাই অহা চিকিৎসক সকলৰ বিৰুদ্ধে অধিক সৰৱ হৈছে নলবাৰী প্ৰশাসন ৷ শনিবাৰে নলবাৰী প্ৰশাসনে অভিযান চলাই ছীল কৰিলে ৰাকেশ জৈন নামৰ চিকিৎসক এগৰাকীৰ ব্যক্তিগত চেম্বাৰ ৷ অভিযোগ অনুসৰি, ৰাকেশ জৈন নামৰ চিকিৎসক গৰাকীৰ ভুল চিকিৎসাৰ বলী হৈ জিলাখনৰ এগৰাকী শিশুৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছিল ৷ যাৰবাবে নলবাৰীৰ শংকৰপুৰৰ অনিল চন্দ্ৰ ৰায় নামৰ লোক এজনে ডাঃ ৰাকেশ জৈনৰ লগতে তেখেতৰ ব্যক্তিগত চেম্বাৰখনৰ বিৰুদ্ধে নলবাৰী থানাত দাখিল কৰিছিল এক অভিযোগ ৷

শিশু নিগ্ৰহত জড়িত ডাঃ সিদ্ধি প্ৰসাদ দেউৰী আৰু মিতালী কোঁৱৰ আৰক্ষীৰ জালত

ৰহাত আৰক্ষীৰ তালাচীত আটক বনকৰা শিশুক উতলা গৰম পানী ধালি অত্যাচাৰ চলাই পলাতক হৈ থকা ডিব্ৰুগড়ৰ হাইপ্ৰফাইল দম্পতী ৷ ইয়াৰ পূৰ্বে ডিব্ৰুগড় আৰক্ষীয়ে তেওঁলোকৰ পুত্ৰ আৰু জীয়ৰীক আটক কৰিছিল যদিও মূল অভিযুক্ত এই দুই দম্পতি আছিল পলাতক অৱস্থাত ৷

ৰাজ্যত আহোমক লৈ গঠন হ'ব নতুন ৰাজনৈতিক দল !

ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ বাবে ডাঙৰ খবৰ ৷ ৰাজ্যত পুনৰ গঠন হ’বলৈ গৈ আছে আন এটা নতুন ৰাজনৈতিক দল । ইতিমধ্যে গ্ৰহণ কৰা হৈছে প্ৰস্তুতি ৷ কেৱল আহোম সকলক লৈ গঠন হ’ব এই নতুন আঞ্চলিক ৰাজনৈতিক দলটো । শাসনাধিষ্ঠিত বিজেপি দলক আগন্তুক 2021 নিৰ্বাচনত উৎখাত কৰাৰ স্বাৰ্থত ৰাজ্যত বিকল্প নতুন ৰাজনৈতিক দল গঠনৰ জোৱাৰ উঠাৰ সময়তে কেৱল আহোম সকলক লৈ গঠন হ’ব এক সুকীয়া ৰাজনৈতিক দল ।

গেছভৰ্তি চিলিণ্ডাৰত নহয়, বিস্ফোৰণ হ’ল স্তভত !]

যোৰহাটত এগৰাকী মহিলাই ভাত ৰান্ধি থকাৰ অৱস্থাতেই পচণ্ড শব্দৰে বিস্ফোৰিত হ’ল ৰন্ধন গেছৰ স্তভ ৷ বিস্ফোৰণত ঘৰখনৰ এজন লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে ৷

বৰপেটাৰোডত ব্ৰাউন ছুগাৰ সহ দুজন যুৱকক আটক

শনিবাৰে বৰপেটা ৰোডত অভিযান চলাই ব্ৰাউন ছুগাৰ সহ দুজন যুৱকক আটক কৰিলে আৰক্ষীয়ে ৷ আটকাধীন যুৱক দুজনৰ নাম ইমৰান আলী আৰু কমফেদ আলী ৷ যুৱকদ্বয়ে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শিমলাগুৰিৰে AS 15 R 3625 নম্বৰৰ এখন পালছাৰ বাইকেৰে ব্ৰাউন ছুগাৰ কঢ়িয়াই গৈ আচিল বৰপেটা ৰোড অভিমুখে ৷ এক গোপন সূত্ৰৰ ভিত্তিত বৰপেটা ৰোড আৰক্ষীয়ে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা অভিযানত যুৱকদ্বয়ৰ পৰা 53 টা ব্ৰাউন ছুগাৰ ভৰ্তি কন্টেনাৰ জব্দ কৰে ৷

লগতে পঢ়ক : ৰাজ্যত আহোমক লৈ গঠন হ'ব নতুন ৰাজনৈতিক দল !

ABOUT THE AUTHOR

...view details