- গান্ধী জয়ন্তী উপলক্ষে ইটিভি ভাৰত অসমৰ বিশেষ শ্ৰদ্ধাৰ্ঘ্য
- গান্ধী জয়ন্তী উপলক্ষে জাতিৰ পিতা মহাত্মালৈ ইটিভি ভাৰত অসমৰ বিশেষ শ্ৰদ্ধাৰ্ঘ্য ৷ শিল্পী ৰঞ্জন বেজবৰুৱাৰ কণ্ঠত গান্ধীজীৰ প্ৰিয় ভজন 'ৰামধুন' ৷ গান্ধীজীৰ ১৫১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে সমগ্র বিশ্বই সভ্যতাৰ মহানায়কজনলৈ শ্ৰদ্ধা জনোৱাৰ মুহূৰ্তত ইটিভি ভাৰত অসমৰ পৰাও জাতিৰ পিতা মহাত্মালৈ বিশেষ শ্ৰদ্ধা আগবঢ়াই সংস্কৃত গীত পৰিবেশনেৰে সকলোকে মোহাচ্ছন্ন কৰা বিশিষ্ট শিল্পী ৰঞ্জন বেজবৰুৱাৰ কণ্ঠত আগ বঢ়াইছো গান্ধীজীৰ প্রিয় ভজন 'ৰামধুন'।
পুনৰ ডকমকাত জঘন্যকাণ্ড : মৰিয়াই মৰিয়াই জ্বলাই দিলে দুজনক
- পুনৰ কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত হ'ল ডাইনীৰ সন্দেহত সাধাৰণ ৰাইজৰ নৃশংস কাণ্ড ৷ কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত লাংহিনৰ ৰহিমাপুৰত ডাইনীৰ সন্দেহত দুজন লোকক নৃশংসভাৱে হত্যা কৰে গাঁৱৰে একাংশ উন্মত্ত লোকে ৷ ইমানতে শান্ত নাথাকি মৃতদেহ জ্বলাই দিয়াৰ তথ্যও পোহৰলৈ আহিছে।
- ৰাহুল গান্ধীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাজ্যৰ ঠায়ে ঠায়ে কংগ্ৰেছৰ প্ৰতিবাদ
বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে কৰা গ্ৰেপ্তাৰৰ পাচতে ৰাজ্যৰ ঠায়ে ঠায়ে কংগ্ৰেছৰ প্ৰতিবাদ ৷ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে ৷
নলবাৰীত উপস্থিত হৈ আৰক্ষী উপ-পৰিদৰ্শকৰ (SI) কেলেংকাৰী সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই ৷ বৰুৱাই কয় যে, SI কাণ্ডৰ দালাল কুমুদ গোস্বামীয়ে বহু বছৰ ধৰি দালালিৰ কাম কৰি আছে ।
ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলত সঘনাই সংঘটিত হৈছে ভূমিস্খলন , গৰা খহনীয়াৰ ঘটনা ৷ flash flood ৰ বাবে প্ৰতিবছৰে দুৰ্যোগ ভূগি আহিছে ৰাইজে ৷ কিন্তু এই পৰ্যন্ত নাই কোনো স্থায়ী সমাধান ৷ Geological Survey of Indiaৰ এক গৱেষণাত পোহৰলৈ আহিছে এক তথ্য - জলবায়ুৰ পৰিৱৰ্তনে বৃদ্ধি কৰিছে ভূমিস্খলন তথা গৰা খহনীয়াৰ দৰে সমস্যাসমূহ ৷