SI কেলেংকাৰী প্ৰসংগঃ ৰঙাপৰাত আটক আৰু এজন
ৰাজ্যত অসম আৰক্ষী উপ পৰিৰ্দশক পদৰ পৰীক্ষাৰ কেলেংকাৰীৰ লগত জড়িত এজনৰ পিছত আনজন খলনায়কক গ্ৰেপ্তাৰ কৰি গৈছে অসম আৰক্ষীয়ে ৷ শনিবাৰে ৰঙাপৰাতো আৰক্ষীয়ে আটক কৰিলে জিন্তু নাথ নামৰ আন এজন অভিযুক্ত ৷
ৰাজ্যত শনিবাৰে নিশা অনুভূত ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মণিপুৰৰ টামাংগলং
ৰাজ্যত শনিবাৰে নিশা অনুভূত হোৱা ভূমিকম্পৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত 5.3 ৷ গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা তথ্য অনুসৰি, এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মণিপুৰৰ টামাংগলং জিলাৰ পৰা 28 কিলোমিটাৰ আঁতৰত ৷
খোৱাঙত অচিন ৰোগত আক্ৰান্ত পশুধন
খোৱাঙত অচিন ৰোগত আক্ৰান্ত হৈ বহু সংখ্যক পশুধনৰ মৃত্যু ৷ খোৱাঙৰ কেইবাখনো গাঁৱত বসন্ত ৰোগৰ লগতে ভৰি ফুলাৰ দৰে ৰোগত আক্ৰান্ত হৈ মৃত্য হৈছে এই সমূহ পশুধনৰ ৷ ৰোগৰ লগতে বাঘৰ আতংকই চিন্তাত পেলাইছে কৃষকক ৷ বছৰৰ আৰম্ভণিতে টিকাকৰণৰ ব্যৱস্থা কৰাৰ পাছতো পশুধনসমূহ আক্ৰান্ত হৈছে অচিন ৰোগত ৷
বন্ধুৰ সৈতে মিলি সুৰাসক্ত পুত্ৰৰ মাতৃক প্ৰহাৰ
মাটি বিক্ৰী কৰিবলৈ নিদিয়াৰ বাবেই সুৰাপান কৰি পুত্ৰৰ মাতৃক প্ৰহাৰ ৷ মৰিগাঁৱত বন্ধুৰ সৈতে মিলি সুৰাসক্ত পুত্ৰই পিতৃৰ সন্মুখতে নিজ মাতৃক প্ৰহাৰ কৰি তেজেৰে তুমৰলি কৰি তোলে ৷ অত্যাচাৰী পুত্ৰৰ বিৰুদ্ধে মৰিগাঁও থানাত গোচৰ ৰুজু ৷
চাৰিদুৱাৰৰ তৰাজানত বনৰীয়া হাতীৰ কৰুণ মৃত্যু
তৰাজানগাঁৱৰ এখন ধাননী পথাৰৰ মাজত উদ্ধাৰ হৈছে হাতীটোৰ মৃতদেহটো। বন বিভাগৰ সূত্ৰ মতে, খাদ্যৰ সন্ধানত বালিপৰা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছিল বনৰীয়া হাতীটো।