যুদ্ধবিৰতি প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে সামৰিক আলোচনাত মিলিত চীন-ভাৰত
বিবাদমান অঞ্চল সমূহত যুদ্ধবিৰতি প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে আন এটা পৰ্যায়ৰ সামৰিক আলোচনাত ভাগ লৈছে ভাৰত আৰু চীনে ৷ পূৱ লাডাখৰ হট স্প্ৰিংছ, গোগ্ৰা আৰু ডেপচাঙৰ দৰে বাকী থকা বিবাদমান অঞ্চল সমূহত যুদ্ধবিৰতি প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে অনুষ্ঠিত এই আলোচনা চক্ৰ ৷
ব্ৰক্ষ্মপুত্রত পাঁচটা আৰু বৰাকত চাৰিটা গেৰাণ্টি !
কংগ্ৰেছৰ পাঁচটা গেৰাণ্টিৰ অন্যতম আছিল নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বাতিল কৰা । এই 'কা' বাতিলক লৈ কংগ্ৰেছে বৰাক ভেলীত এটা স্থিতি আৰু ব্ৰক্ষ্মপুত্র ভেলীত আন এটা স্থিতি গ্ৰহণ কৰিলে ।
সঁচাকৈয়ে এ আই ইউ ডি এফ নেতাৰ সৈতে যোগাযোগ কৰিছে নেকি বিজেপি নেতাই ?
ভোটগণনাৰ পূৰ্বেই অসমত পুনৰ চৰ্চিত এটা শব্দ - হৰ্ছ ট্রেডিং। সঁচাকৈয়ে চৰকাৰ গঠনত হব নেকি হৰ্ছ ট্রেডিং ? বিজেপিৰ কোন নেতাই যোগাযোগ কৰিছে এ আই ইউ ডি এফৰ নেতাৰ সৈতে ? হঠাৎ ৰাজ্যৰ বাহিৰত কিয় এ আই ইউ ডি এফৰ সকলো প্ৰাৰ্থী ? আশংকা হৰ্ছ ট্ৰেৰ্ডিঙৰ ! আউল লাগিব নেকি মহাজোঁটবন্ধনত ?
জন্মু-কাশ্মীৰত নিহত পাঁচ সন্ত্ৰাসবাদী
জন্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত পাঁচ সন্ত্ৰাসবাদী । দক্ষিণ কাশ্মীৰৰ চোপিয়ান জিলাত জন্মু-কাশ্মীৰ আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত নিহত পাঁচ সন্ত্ৰাসবাদী ।
কৰ্তব্যৰত জোৱানক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ এখন পঞ্চায়তৰ সভাপতি
অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানক প্ৰহাৰ কৰি তিতাবৰৰ বৰহোলাত গ্ৰেপ্তাৰ হ’ল গাওঁ পঞ্চায়তৰ সভাপতি ৷ জুই নিৰ্বাপন কৰিবলৈ উপস্থিত হোৱা অগ্নিনিৰ্বাহক বাহিনীৰ বাহনৰ পানী শেষ হোৱাক কেন্দ্ৰ কৰি কৰ্তব্যৰত জোৱানজনক ৰাজেন শইকীয়াই আক্ৰমণৰ লক্ষ্য কৰি লয় । অগ্নি নিৰ্বাপক বাহিনীৰ জোৱান কৌস্তৱ ফুকনৰ গোচৰৰ ভিত্তিত ৰাজেন শইকীয়াক শুক্ৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷