ভেংকায়া নাইডুৱে উদ্বোধন কৰিলে মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰ
ব্ৰিটিছৰ দিনতে নিৰ্মিত গুৱাহাটীৰ ঐতিহাসিক পুৰণি উপায়ুক্তৰ বাংলোত সজীৱ হৈ থাকিব অসমৰ গৌৰৱোজ্বল বহু ইতিহাস । ব্ৰহ্মপুত্ৰৰ কিম্বদন্তি আৰু শৌৰ্যৰ নামত উৎসৰ্গিত ঐতিহ্য কেন্দ্ৰটো ৰাইজৰ বাবে মুকলি কৰে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে ।
গুৱাহাটীৰ বিমান বন্দৰত উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুক উষ্ম আদৰণি
দেওবাৰে পুৱা গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু ৷ ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উষ্ম আদৰণি জনায় উপ-ৰাষ্ট্ৰপতিগৰাকীক । তিনিটা কাৰ্যসূচী লৈ গুৱাহাটীত উপস্থিত উপ-ৰাষ্ট্ৰপতিগৰাকী ।
Jaisi Karni Waisi Bharnii : প্ৰশান্ত ফুকন
বিধায়ক শ্বেৰমান আলিক গ্ৰেপ্তাৰৰ পাচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিব্ৰুগড়ৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনে । "Jaisi Karni Waisi Bharnii" বুলি মন্তব্য কৰি বিধায়কগৰাকীয়ে কয় যে, শ্বেৰমান আলিৰ শেহতীয়া প্ৰতিক্ৰিয়া আৰু বক্তব্যসমূহে তেওঁ কিমান চেৰাই গৈছে তাকেই প্ৰমাণ কৰিছে ।
Police Medal for Outstanding Service বঁটা লাভ কলিয়াবৰৰ দুই আৰক্ষী বিষয়াৰ
অসম আৰক্ষী দিৱস(Assam Police Day) ৷ ৰাজ্যৰ প্ৰায় 3.3 কোটি জনতাৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দি থকা আৰক্ষী বিষয়াসকলৰ বাবে এই দিৱসটো উদযাপন কৰা হয় ৷ জনসাধাৰণৰ সুৰক্ষাৰ হকে ৰাজ্যৰ প্ৰতিটো কোণতে নিয়োজিত এই খাকী পোছাক পৰিহিত বিষয়াসকলৰ অৱদান অতুলনীয় ৷
বন্ধ বাঘবৰ : শ্বেৰমান আলীৰ গ্ৰেপ্তাৰৰ বিৰোধীতাৰে প্ৰতিবাদ
গৰুখুটিৰ ঘটনাৰ পিছত অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাকে ধৰি 855 গৰাকী শ্বহীদক ঘাতক আখ্যা দিয়াৰ অভিযোগত বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক শনিবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰ পাচতেই উত্তপ্ত হৈ পৰে বাঘবৰ সমষ্টি ৷