অসম

assam

ETV Bharat / state

দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি

দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি

top-10-news-of-3-pm
দুপৰীয়া 3 বজাৰ শীৰ্ষ 10 বাতৰি

By

Published : Jan 15, 2021, 3:01 PM IST

লাইকা-দধিয়াবাসীৰ কাষত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ

অসমৰ খিলঞ্জীয়া লোকৰ জীৱন সুনিশ্চিত কৰাৰ দায়িত্ব চৰকাৰৰ । অসমৰ ভূমিপুত্ৰ সকলক দিবলৈ মাটি নাই বিদেশীক দিবলৈ মাটি আছে । ভোগালী বিহুৰ দিনাই লাইকা-দধিয়াবাসীৰ কাষত উপস্থিত হৈ এই মন্তব্য কৰে লুৰীনজ্যোতি গগৈয়ে ।

বিশ্বনাথত বনৰীয়া ম’হে প্ৰাণ কাঢ়িলে দুজনৰ

বৃহস্পতিবাৰৰ লেখীয়াকৈ শুকুৰবাৰে পুৱাৰ ভাগতো বিশ্বনাথত বনৰীয়া ম’হে প্ৰাণ কাঢ়িলে আন এজন লোকৰ ৷ মৃত লোকজন শলমাৰীৰ শুকুৰ আলী বুলি চিনাক্ত ৷ অৱশ্যে বন বিভাগৰ গুলীবৰ্ষণত মৃত্যু হয় বনৰীয়া ম’হটোৰ ৷

শান্তি চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু আলোচনাপন্থী আলফা নেতা ৰাজু বৰুৱা

নলবাৰীত আলোচনা পন্থী আলফা নেতা ৰাজু বৰুৱাৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ চৰকাৰে বিচাৰিলে শান্তি চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু ৷ আলোচনা ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে বুলি মন্তব্য নেতা গৰাকীৰ ৷

অসম বাংলাদেশ সীমান্তত প্ৰতিদিন চলিব পেৰেড

পাঞ্জাবৰ ৱাগা সীমান্তৰ দৰে অসম বাংলাদেশ সীমান্তত প্ৰতিদিনে চলিব পেৰেড । অসমৰ শিল্প আৰু বাণিজ্য বিভাগৰ আযুক্তৰ নিৰ্দেশত ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে ভূমি । কৰিমগঞ্জৰ জিলা উপাযুক্ত আনবামুথান এমপিয়ে জনাইছে এই কথা ৷

সত্ৰীয়া পৰম্পৰাৰে বৰপেটাত ভোগালী বিহু উদযাপন

সত্ৰীয়া ৰীতি নীতি তথা পৰম্পৰাৰে আজি বৰপেটা সত্ৰত জ্বলোৱা হ’ল মাঘৰ উৰুকাৰ মেজি ৷ ১৪ জানুৱাৰীত উৰুকা পালন কৰাৰ পাছত ১৫ জানুৱাৰীৰ পুৱা সত্ৰৰ নৈমিত্তিক প্ৰসংগৰে পিছত পূৰ্বপৰা চলি অহা ৰীতিৰে সত্ৰৰ টুপৰ চোতালত বিৰিণাৰে সজা মেজিত অগ্নি সংযোগ কৰা হয় ৷

পহিলা মাঘৰ দিনাই উদুলি-মুদুলি ৰংঘৰৰ পদুলি

শিৱসাগৰত পহিলা মাঘত ৰংপুৰ মেলা ৷ উদুলি মুদুলি ৰংঘৰৰ বাকৰি ৷ জাতি-জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিত জীপাল ৰংঘৰৰ চোতল ৷ বিহু নৃত্য, আও নগা সকলৰ যুদ্ধ নৃত্য, দেউৰী বিহু, হৰিণ নৃত্য, তিৱা নৃত্য আৰু মিচিং জনগোষ্ঠীয় ঐ:নিতমৰে মুখৰিত ৰংঘৰ ।

অহা ২৭ জানুৱাৰীত ৰাজ্যজুৰি স্তব্ধ হ'ব যানবাহন চলাচল

মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই অহা ২৭ জানুৱাৰীত ৰাজ্যজুৰি চকাবন্ধৰ আহ্বান জনাইছে ৷ চৰকাৰী পক্ষই সংগঠনটোৰ দাবীসমূহ মানি নোলোৱাৰ বাবেই এই সিদ্ধান্ত ল'বলৈ বাধ্য হোৱা বুলি মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই জানিবলৈ দিছে ৷

ৰিং বান্ধ নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

কলগাছিয়াৰ লাচাংগা গাঁও পঞ্চায়তত 23 লাখ টকা ব্যয় সাপেক্ষে বেকী নৈত নিৰ্মাণ কৰা ৰিং বান্ধত চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰাৰ চেষ্টা কৰিছে ঠিকাদাৰে ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷

ৰাম মন্দিৰ নিৰ্মাণ: নাৰায়ণপুৰত অৰ্থ সংগ্ৰহৰ কাৰ্যালয় মুকলি

বৃহস্পতিবাৰে নাৰায়ণপুৰত ৰাম মন্দিৰ নিৰ্মাণ অভিযানৰ কাৰ্যালয় মুকলি ৷ কাৰ্যালয়টোৰ জৰিয়তে বৃহত্তৰ নাৰায়ণপুৰ অঞ্চলৰ পৰা প্ৰস্তাৱিত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভক্তৰ পৰা ধন সংগ্ৰহ কৰা আৰু জনসম্পৰ্ক গঢ়ি তোলা হ’ব বুলি উদ্যোক্তাসকলে মন্তব্য কৰে ৷

মাঘৰ পহিলা দিনটোত টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভীৰ

মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সমবেত হৈছে ভক্ত । হাতে হাতে নৈবদ্য, বন্তি লৈ নেদেখা জনৰ ওচৰত আশিস বিচাৰি শৰণাপন্ন হৈছে ভক্ত সকল ।

ABOUT THE AUTHOR

...view details