অসম

assam

By

Published : Jun 20, 2020, 9:18 AM IST

ETV Bharat / state

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 9AM
পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

চিৰাঙত বিপিএফ দলৰ গুদামঘৰত আৰক্ষীৰ অভিযান

বিটিচি নিৰ্বাচনৰ আচৰনবিধি বলবৎ থকাৰ মাজতে চিৰাঙত বিপিএফ দলৰ গুদামঘৰত আৰক্ষীৰ অভিযান । বৃহৎ পৰিমানৰ টিন, সুতা, কম্বল আৰু আঠুৱা জব্দ । বিটিচি নিৰ্বাচন উপলক্ষে বিপিএফ দলে এই সামগ্ৰী সমূহ মজুত কৰাৰ অভিযোগ ।

মাৰ্ঘেৰিটাত চিকিৎসকৰ বিৰুদ্ধে মেছেজত অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ

মাৰ্ঘেৰিটা কেন্দ্ৰীয় চিকিৎসালয়ৰ চিকিৎসক সঞ্জীৱ সোণোৱাল নামৰ চিকিৎসকজনৰ বিৰুদ্ধে উত্থাপিত হৈছে মেছেজত অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে তদন্ত ৷

গৰীৱ কল্যাণ যোজনাৰ পৰা অসম বাদ পৰাকলৈ প্ৰশ্ন দেৱব্ৰত শইকীয়াৰ

গৰীৱ কল্যাণ যোজনাৰ পৰা অসম বাদ পৰাকলৈ ক্ষোভ প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ তেওঁ প্ৰশ্ন কৰে যে, ডিঙিত সততে অসমীয়া গামোচা তথা অসমলৈ আহিলে অসমীয়াত কথা পাতি অসমীয়া আৱেগ দেখুওৱা প্ৰধানমন্ত্ৰীয়ে গৰীৱ কল্যাণ ৰোজগাৰ যোজনাত অসমৰ নাম কিয় অন্তৰ্ভুক্ত নকৰিলে ?

ধেমাজিত এটা পৰিয়ালক বিচাৰি হাহাকাৰ প্ৰশাসনৰ

ধেমাজিত এটা কোভিড ১৯আক্ৰান্ত পৰিয়ালক বিচাৰি হাহাকৰ স্বাস্থ্য বিভাগ আৰু আৰক্ষী । ভুৱা ঠিকনা দি বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল পৰিয়ালটো । অৱশেষত আৰক্ষীৰ জালত ।

ক'ৰণা ভাইৰাছক ৰাজনৈতিক ভাইৰাছলৈ নিব বিচাৰিছে বিজেপিয়ে: ৰিপুণ বৰা

গহপুৰত প্ৰাক্তন সাংসদ তথা ন কংগ্ৰেছী আৰ পি শৰ্মাৰ বিস্ফোৰক মন্তব্য ৷ নবেম্বৰ-ডিচেম্বৰ মাহত 15ৰ পৰা 25 জন বিধায়কে যোগদান কৰিব কংগ্ৰেছত ।

মাফ কৰা হ'ব বন্ধন বেংকৰ ঋণঃ ৰিপুন বৰা

2021 চনৰ নিৰ্বাচনত কংগ্ৰেছ দল পুনৰ শাসনত আহিলে সকলো মহিলাৰ বন্ধন বে‌ংকত থকা ঋণ চৰকাৰে মাফ কৰি দিয়াৰ লগতে কৃষকৰ ঋণ সমূহো চৰকাৰে সম্পূৰ্ণৰূপে মাফ কৰি দিব ৷ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ ৷

প্ৰতিশ্ৰুতি অনুসৰি ৰিলায়েন্স ঋণ মুক্তঃ আম্বানি

মুকেশ আম্বানীয়ে শুকুৰবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনাই যে, চেয়াৰ হোল্ডাৰক প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি, ৰিলায়েন্স কোম্পানি এতিয়া ঋণ মুক্ত । কোম্পানীটোৱে মাত্ৰ ৫৮ দিনৰ ব্যৱধানত ১৬৮৮১৮ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।


বায়ুসেনাৰ প্ৰস্তুতিৰ পৰ্যবেক্ষণ আৰ কে এছ ভদোৰীয়াৰ

ভাৰতীয় বায়ুসেনাৰ মুখ্য এয়াৰ চীফ মাৰ্শ্বেলে আৰ কে এছ ভদোৰীয়াই বুধবাৰে আৰু বৃহস্পতিবাৰে দুদিনীয়া কাৰ্যসূচীৰে লাডাখ ভ্ৰমণ কৰে। লাডাখত উপস্থিত হৈ বিষয়াগৰাকীয়ে বায়ুসেনাৰ তৎপৰতা সমূহৰ পৰ্যবেক্ষণ কৰে।

ভাৰত চীনৰ সম্বন্ধে আয়োজন কৰা সৰ্বদলীয় বৈঠক সম্পন্ন

মােডীয়ে আহ্বান কৰা সৰ্বদলীয় বৈঠকত সকলো দলৰ নেতা আৰু সভাপতিসকলে অংশগ্ৰহণ কৰি ভাৰত চীন সম্বন্ধে আলোচনাত মিলিত হয় ।

মিছামাৰীৰ সেনা ছাউনীৰ ২৫ জনৰ দেহত ক'ভিড-১৯ পজিটিভ !

মিছামাৰী সেনা ছাউনীত থকা কোৱাৰেইণ্টাইন চেণ্টাৰত থকা ১৮০গৰাকী সেনাৰ ভিতৰত ২৫ জনেই ক'ৰণাত আক্ৰান্ত হোৱা বুলি প্ৰকাশ পোৱাৰ পিছত সেনা ছাউনীৰ ভিতৰত থকা হাজাৰ হাজাৰ ভাৰতীয় সেনা তথা সেনা পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ ।

ABOUT THE AUTHOR

...view details