অসম

assam

By

Published : Jul 24, 2021, 9:02 AM IST

ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-news-at-9-am
পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

ডিব্ৰুগড়ত আৰক্ষীৰ চকুত ধূলি মাৰি নিয়োজিত শিশু শ্ৰমিক

ডিব্ৰুগড়ৰ চাহ ফেক্টৰীত শিশু শ্ৰমিক নিয়োগৰ অভিযোগ উত্থাপন কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৱে ৷ আছুৰ অভিযানত পোহৰলৈ আহিছে শিশু শ্ৰমিক নিয়োগৰ ঘটনা ৷

মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ হোৱা শিশুৰে মুখ্যমন্ত্ৰীৰ মত-বিনিময়

অসম আৰক্ষীৰ (Assam Police) বিশেষ অভিযানত ছিক্কিমৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ হৈছে 42 টাকৈ শিশু ৷ শুকুৰবাৰে শিশু কেইটাৰে মত-বিনিময় কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই (Himanta Biswa Sarma) ৷

গৃহমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে বৈঠকত মিলিত অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয়

মুখ্যমন্ত্ৰী কনৰাড চাংমা (Conrad Sangma)ৰ সৈতে এক গুৰুত্বপূ্ৰ্ণ বৈঠকত মিলিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) ৷ দুয়োখন ৰাজ্যৰ সীমা সমস্যা সন্দৰ্ভত বিতং আলোচনা কৰে মুখ্যমন্ত্ৰীদ্বয়ে ৷ শনিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে শ্বিলং আৰু অসমত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Amit Shah) ৷ শ্বিলঙত এক বৈঠকত উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মাজত চলি থকা সীমা সমস্যা (Border Dispute) সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰিব গৃহমন্ত্ৰীগৰাকীয়ে ৷

অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা চিকিৎসাধীন

বৃহস্পতিবাৰে শাৰীৰিক অসুস্থতাত ভোগা জগদীস ভূঞাক গুৱাহাটীৰ জিএনআৰচি(GNRC) হাস্পতালত ভৰ্তি কৰোৱা হয় । মগজুৰ ৰক্তক্ষৰণ হোৱা জগদীশ ভূঞাৰ(jagadish bhuyan) বৰ্তমান স্বাস্থ্য যথেষ্ট উন্নত বুলি চিকিৎসকে জানিবলৈ দিয়ে।


আত্মসমৰ্পন কৰা নাই যুদ্ধ বিৰতিহে ঘোষণা কৰিছো: এম বাথা

সদলবলে ওদালগুৰিত আত্মসমৰ্পন কৰাৰ পাছতে মুখ্যমন্ত্ৰীক সাক্ষ্যাৎ এনএলএফবিৰ(NLFB) মুৰব্বী এম বাথাৰ ৷ সংবাদমাধ্যমে আত্মসমৰ্পন বুলি প্ৰচাৰ কৰিলেও তেওঁ যুদ্ধবিৰতিহে ঘোষণা কৰিছে বুলি মন্তব্য বাথাৰ ৷ চৰকাৰক জনোৱা দাবী সম্পূৰ্ণ হলেহে সম্পূৰ্ণ অস্ত্ৰ-শস্ত্ৰ জমা দিব বুলি মন্তব্য বাথাৰ ৷


উত্তৰ গুৱাহাটীৰ পৰ্যটন ক্ষেত্ৰত নতুনকৈ সংযোজন এবিধ দুঃসাহসিক ক্ৰীড়া

উত্তৰ গুৱাহাটীৰ বাকাত অচিৰেই এবিধ দুঃসাহসিক ক্ৰীড়া আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে কেইজনমান যুৱকে ৷ অসমৰ পৰ্যটন ক্ষেত্ৰখনত এই ক্ৰীড়াবিধ এক ব্যতিক্ৰমী সংযোজন হিচাপে পৰিগণিত হ'ব বুলি আশা ব্যক্ত কৰিছে যুৱক কেইজনে ৷


কোকৰাঝাৰত কেফেটেৰীয়া পদ্ধতিৰে কঠীয়া ৰোপণ

কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ উন্নয়ন খণ্ডৰ অধীনৰ লাউৰিপাৰা গাঁৱৰ খেতিপথাৰত শুকুৰবাৰে অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য পৰিবৰ্তন প্ৰকল্পৰ অধীনত কেফেটেৰীয়া পদ্ধতিৰে কঠীয়া ৰোপণ কৰা হয় ৷ এই কঠীয়া ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কৃষি উন্নয়ন বিষয়া বিজিত গৌৰা নাৰ্জাৰীয়ে ৷

জলসম্পদ বিভাগৰ পৰ্যালোচনা সভাত মন্ত্ৰী পীযুষ হাজৰিকা

জলসম্পদ বিভাগৰ (Irregation Department) অভিযন্তাসকলক সামাজিক দায়বদ্ধতা মানি কাম কৰিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ (Piyush Hazarika)। অসমৰ মূল সমস্যা বানপানী আৰু খহনীয়া প্ৰতিৰোধ জলসম্পদ বিভাগৰ বিষয়াসকলৰ ওপৰতে বহুখিনি নিৰ্ভৰ কৰে বুলি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

পেলনীয়া বটলক নতুন ৰূপ দিলে ৰঙিয়াৰ জ্যোতিস্মিতাই

ৰঙিয়াৰ এগৰাকীৰ ব্যতিক্ৰমী চিন্তা ৷ ছাত্ৰীগৰাকীয়ে পেলনীয়া বটলত আঁকিছে বিভিন্ন ছবি ৷ কৰ'ণা, লকডাউনে জুৰুলা কৰিছে জনজীৱন । অনিশ্চয়তাৰ মাজলৈ ধাৱমান হৈছে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত । ঘৰতেই থাকি বহুতেই মোবাইলত ফেচবুক বা টুইটাৰ খুলিছে অথবা চিনেমা টি ভি চাই সময় অতিবাহিত কৰিছে ।

নলবাৰীত ক'ভিড ভেকচিন চেণ্টাৰত উত্তপ্ত পৰিস্থিতি

নলবাৰী ছোৱালী হাইস্কুলৰ ভেকচিন চেণ্টাৰত শুকুৰবাৰে সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতি ৷ একাংশ নীতি-নিয়ম নমনা লোকৰ বাবেই এই পৰিস্থিতি সৃষ্টি হোৱাৰ অভিযোগ ৰাইজৰ ৷

ABOUT THE AUTHOR

...view details