অসম

assam

By

Published : Dec 22, 2020, 9:01 AM IST

ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা খবৰ

9 বজাৰ শীৰ্ষ দহটা খবৰ

TOP TEN NEWS AT 9 AM
9 বজাৰ শীৰ্ষ দহটা খবৰ

কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পথ সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলা প্ৰশাসন,আৰক্ষী,পৰিবহন বিভাগ,লোক নিৰ্মাণ বিভাগ,ৰাষ্ট্ৰীয় ঘাইপথ আদি বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

অস্ত্ৰ ত্যাগ কৰি মূলসূঁতিলৈ আহিল 64 গৰাকী বিদ্ৰোহী

অসমত আজিলৈ 2,259 গৰাকী উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰিছে ৷ চলিত বৰ্ষৰ জানুৱাৰী মাহত এনডিএফবিৰ 1,615 গৰাকী কেডাৰৰ লগতে এনএলএফবিৰ 301 গৰাকী, এডিএফৰ 178 গৰাকী, এনএছএলৰ 78 গৰাকী আৰু অন্যান্য 8টা সংগঠনৰ মুঠ 644 গৰাকী কেডাৰে আত্মসমৰ্পণ কৰিছিল ৷

জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন: জম্মু-কাশ্মীৰৰ প্ৰথমটো গণতান্ত্ৰিক অনুশীলন

পূৰ্বৰ জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যদা ভংগ কৰি দুখনকৈ কেন্দ্ৰীয়শাসিত অঞ্চলত ভাগ কৰাৰ পিচতে জম্মু-কাশ্মীৰত অনুষ্ঠিত হয় প্ৰথমটো গণতান্ত্ৰিক অনুশীলন ৷ কোভিডৰ মাজতেই জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন, বিগত 28 নৱেম্বৰত ঘোষণা কৰা হয় ৷

পিডিপিৰ 3 জন সাংগঠনিক বিষয়াসহ 20 জনক নজৰবন্দী প্ৰশাসনৰ

জিলা উন্নয়ন পৰিষদৰ(DDC) নিৰ্বাচনৰ ভোট গণনা পূৰ্বেই PDP ৰ তিনিজন সাংগঠনিক বিষয়াসহ 20 জন ৰাজনৈতিক নেতাক প্ৰশাসনে প্ৰতিৰোধমূলক জিম্মাত ৰাখিছে ৷ DDC নিৰ্বাচনত ভোট গণনাত বিজেপিয়ে কিছু ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰা অভিযোগ উত্থাপন কৰিছিল প্ৰাক্তন মুখ্য মন্ত্ৰী মেহবুবা মুফতিয়ে ৷

বিশ্ব দৰবাৰত জিলিকিল "লাইফ ইন এ পাপেট"

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জ্বিলিকিল অসমৰ "লাইফ ইন এ পাপেট" ৷ আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত ৪ টাকৈ বঁটা আজুৰি আনিলে ছবিখনে ৷

ৰাজ্যৰ ৰাজনীতিত আত্মপ্ৰকাশ আন এক নতুন ৰাজনৈতিক দলৰ

ৰাজ্যত গঠিত হ'ল আন এক নতুন ৰাজনৈতিক দলৰ ৷ 'সংখ্যালঘু পিপুলছ পাৰ্টী' নামেৰে গঠিত হয় দলটো ৷ দলটোৰ আহ্বায়ক অধিবক্তা ৰেজাউল কৰিম ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'তীখৰ উদ্যান'ৰ শুভ উদ্বোধন

২ কোটি টকা ব্যয়ৰে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰা তীখৰ উদ্যানখন সোমবাৰে উদ্বোধন কৰা হয় ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে ভালেমান গণ্য মান্য ব্যক্তিৰ উপস্থিতিত উদ্যানখন শুভ উদ্বোধন কৰে ৷

চামগুৰিৰ আমনিত পথ দুৰ্ঘটনা: আহত দুজন

চামগুৰিৰ আমনিত পথ দুৰ্ঘটনা ৷ ডাম্পাৰ আৰু পাঞ্জাৱ বডি ট্ৰাকৰ মুখামুখি সংঘৰ্ষত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷ গুৰুতৰভাৱে আহত হয় ডাম্পাৰৰ চালক আৰু হেণ্ডিমেন ৷

নাইজেৰিয়াৰ আৱদ্ধ শিক্ষাৰ্থীক মুকলি

জেহাদী সন্ত্ৰাসবাদীসকলে আৱদ্ধ কৰি ৰখা নাইজেৰিয়াৰ মুক্ত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক অৱশেষত মুকলি কৰা হৈছে ৷ শিক্ষাৰ্থীসকলে শনিবাৰে পিতৃ-মাতৃক সাক্ষাৎ কৰে ৷

লুধিয়ানাৰ গণ ধৰ্ষণত জড়িত চাৰি অভিযুক্তক আটক

পঞ্জাৱৰ লুধিয়ানাৰ গণ ধৰ্ষণত জড়িত পাঁচগৰাকী অভিযুক্তৰ ভিতৰত চাৰিগৰাকীক কৰায়ত্ত কৰিছে আৰক্ষীয়ে ৷ সম্প্ৰতি অব্যাহত আছে ঘটনাৰ তদন্ত ৷

ABOUT THE AUTHOR

...view details