আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত জ' বিডেন
আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ডেম'ক্ৰেটিক দলৰ প্ৰাৰ্থী জ' বিডেন ৷ শনিবাৰে পেনছিলভেনিয়াত জয়ী হোৱাৰ পাচতে চূড়ান্ত হ'ল বিডেনৰ জয় ৷
জ' আমি কৰি দেখুৱালো : কমলা হেৰিছ
"জ' আমি কৰি দেখুৱালো ৷ আপুনি যুক্তৰাষ্ট্ৰৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হ'বলৈ গৈ আছে ৷" জ' বিডেন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাক লৈ এইবুলি কৈ যুক্তৰাষ্ট্ৰৰ নৱনিৰ্বাচিত উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে আনন্দ প্ৰকাশ কৰে ৷
মই সকলো আমেৰিকানৰ ৰাষ্ট্ৰপতি হ'ম : জ' বিডেন
"মোৰ বাবে ভোট কৰক বা নকৰক মই নিজকে সকলো আমেৰিকানৰ ৰাষ্ট্ৰপতি বুলি ভাবিম ৷" সংযুক্ত ৰাষ্ট্ৰৰ 46 তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ এই মন্তব্য জ' বিডেনৰ ৷ সংযুক্ত ৰাষ্ট্ৰক নেতৃত্ব দিবলৈ নিৰ্বাচন কৰাৰ বাবে ৰাষ্ট্ৰবাসীক ধন্যবাদ জ্ঞাপন বিডেনৰ ৷
৯ নৱেম্বৰত অৰ্ণৱ গোস্বামীৰ ন্যায়িক জিম্মা সন্দৰ্ভত গ্ৰহণ কৰা হ'ব শুনানি
ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক আৰক্ষীৰ জিম্মাৰ সলনি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ বাবে দণ্ডাধীশৰ নিৰ্দেশৰ ওপৰত আৰক্ষীৰ সংশোধনী আবেদনৰ শুনানি অহা ৯ নৱেম্বৰত মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ আলিবাগ সত্ৰ ন্যায়ালয়ে প্ৰদান কৰিব।
মিছিগানৰ হাউচ অফ ৰিপ্ৰেজেনটেটিভছলৈ নিৰ্বাচিত কৰ্ণাটকৰ ব্যক্তি
মিছিগানৰ হাউচ অফ ৰিপ্ৰেজেনটেটিভছলৈ নিৰ্বাচিত হৈছে কৰ্ণাটকৰ বেলাগাভীৰ শ্ৰীনিবাস থানেদাৰ। প্ৰায় ৬ গৰাকী প্ৰতিদ্বন্দীক পৰাজিত কৰি ৯০% শতাংশ ভোটত জয়লাভ কৰি হাউছ অফ ৰিপ্ৰেজেনটেটিভছলৈ নিৰ্বাচিত হৈছে শ্ৰীনিবাস।