অসম

assam

By

Published : Sep 8, 2020, 9:15 AM IST

Updated : Sep 8, 2020, 2:24 PM IST

ETV Bharat / state

পুৱা 9 বাজৰ শীৰ্ষ বাতৰি সমূহ

পুৱা 9 বাজৰ শীৰ্ষ বাতৰি সমূহ

Top 10 news at 9 am
পুৱা 9 বাজৰ শীৰ্ষ বাতৰিসমূহ

আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ 94 সংখ্যক জন্মদিন

আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ 94 সংখ্যক জন্মদিন ৷ ওপজা দিন উপলক্ষে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে সুধাগৰাকীৰ সোঁৱৰণত বিভিন্ন কাৰ্যসূচী ৷

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি

আজি 'পত্ৰিকা গেট' উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ আজি কংগ্ৰেছৰ সাংসদীয় ৰণনীতি দলীয় বৈঠক ৷ বিশ্বৰ প্ৰথম সৌৰশক্তি প্ৰযুক্তিবিদ্য়া সমাবেশৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷

স্বাক্ষৰতাৰ হাৰ : শীৰ্ষ স্থান অক্ষুণ্ণ কেৰালাৰ, পঞ্চমত অসম

96.2 শতাংশ স্বাক্ষৰতাৰ হাৰেৰে কেৰালা পুনৰবাৰ দেশৰ সৰ্বাধিক স্বাক্ষৰিত ৰাজ্য হিচাপে পৰিগণিত হ'ল ৷ আনহাতে, এই তালিকাত 66.4 শতাংশ স্বাক্ষৰতাৰ হাৰেৰে অন্তিম স্থান দখল কৰিছে অন্ধ্ৰ প্ৰদেশে ৷ ৰাষ্ট্ৰীয় পাৰিসাংখ্যিক কাৰ্যালয়ৰ (NSO)এক জৰীপত প্ৰকাশ পাইছে এই তথ্য় ৷

জেক ৱেলৰ সৌন্দৰ্যই হাত বাউলি মাতিছে পৰ্যটকক

নামৰূপ সাৰ কাৰখানাৰ ফলত সৃষ্টি হৈছে এই জেক ৱেল ৷ সাৰ কাৰখানাৰ বাবে প্ৰয়োজনীয় পানী দিচাঙৰ পৰা সংগ্ৰহ কৰি পুনৰ নৈখনৰ বুকুতে এৰি দিয়াৰ ফলত সৃষ্টি হৈছিল এই জেক ৱেলৰ ৷ প্ৰচাৰৰ অভাৱত পৰি ৰোৱা এই জেক ৱেলৰ ভিডিঅ’ সম্প্ৰচাৰ হৈছিল ছ’চিয়েল মেডিয়াৰ জৰিয়তে ৷

অসমৰ ভূমিত নগাৰ আগ্ৰাসন সন্দৰ্ভত সৰৱ সদৌ অসম একত্ৰিত যুৱ পৰিষদ

গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে এক সংবাদমেল সম্বোধন কৰে সদৌ অসম একত্ৰিত যুৱ পৰিষদে ৷ সংগঠনটোৱে সংবাদমেলখনৰ জৰিয়তে অসমৰ ভূমিত নগাৰ আগ্ৰাসন সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে ৷

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে কংগ্ৰেছৰ ৰণকৌশল বৈঠক

মঙলবাৰে কংগ্ৰেছে আয়োজন কৰিছে ৰণকৌশল বৈঠক ৷ বৈঠকত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে সভাপতিত্ব কৰাৰ লগতে উপস্থিত থাকিব গুলাম নবী আজাদ আৰু আনন্দ শৰ্মা ৷

হাইপাৰছোনিক প্ৰযুক্তিগত ডেমো বাহনৰ সফল পৰীক্ষণ ডিআৰডিঅ'ৰ

ভাৰতৰ ৰাজহুৱা খণ্ডৰ অন্যতম প্ৰতিষ্ঠান, প্ৰতিৰক্ষা গৱেষণা আৰু গৱেষণা সংস্থাই সোমবাৰে এক বিশেষ সফলতা লাভ কৰে ৷ ভাৰতৰ স্বদেশী প্ৰযুক্তিৰে নিৰ্মাণ কৰা হাইপাৰছোনিক টেকন'লজি ডেমোনষ্ট্ৰেটৰ ভেহিকলৰ সফল পৰীক্ষণ সম্পন্ন কৰে সংস্থাটোৱে ৷

আহিনৰ আঁচলত ধৰি ভুমুকি মাৰিছে শাৰদী ৰাণীয়ে

অপেক্ষাৰ অন্তত বাৰিষাই ধুই নিয়া পৃথিৱীত ৰঙীন আভা বুলাবলৈ পুনৰ আহিল শাৰদী ৰাণী ৷ কিন্তু এইবাৰ নাই পূৰ্বৰ সেই উচাহ-উদ্দীপনা ৷ মহমাৰীৰে জৰ্জৰিত ধৰাত এইবাৰ যেন আধৰুৱা হেঁপাহক শৰৎ ৷

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল কিশোৰ কলিতাৰ 'বীৰাংগনা'

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমীয়া তথ্যচিত্ৰ 'বীৰাংগনা'। অধিবক্তা কিশোৰ কলিতাৰ পৰিচালনাত নিৰ্মিত এই তথ্য চিত্ৰখনে বিশেষ সফলতা লাভ কৰিছে । বিগত সময়ছোৱাত নাৰী সৱলীকৰণৰ বিষয়ত তথ্যচিত্ৰ প্ৰস্তুত কৰি উলিয়াইছিল কিশোৰ কলিতাই ৷

Last Updated : Sep 8, 2020, 2:24 PM IST

ABOUT THE AUTHOR

...view details