অসম

assam

By

Published : Jun 15, 2020, 9:02 AM IST

ETV Bharat / state

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 9 AM
পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

পুনৰ নলবাৰীৰ যুৱক আক্ৰান্ত কোভিড-19ত

যুৱকজন কাৰ-কাৰ কেনেকৈ সংস্পৰ্শলৈ আহিছিল তাৰ তথ্য বৰ্তমানলৈ পোৱা হোৱা নাই । ইতিমধ্যেই যুৱকজনক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালৈ 108 যোগে প্ৰেৰণ কৰা হৈছে ৷

নগাওঁ আৰক্ষীৰ অভিযানত কেঁকোসাপ, ব্ৰাউন চুগাৰসহ আটক দুই সৰবৰাহকাৰী

নগাঁৱত আৰক্ষীৰ অভিযান । এগৰাকী এপিএছ বিষয়াৰ নেতৃত্বত পৃথকে পৃথকে চলা অভিযানত জব্দ হয় কেঁকোসাপ, ব্ৰাউন চুগাৰ আৰু বৃহৎ পৰিমাণৰ গাঞ্জাসহ বিভিন্ন নিচাজাতীয় সামগ্ৰী ।

ৰাজ্যত চলিছে চিকিৎসা সন্ত্ৰাসবাদঃ তিনি চিকিৎসকৰ বিৰুদ্ধে দাখিল এজাহাৰ

কোভিড-19 মহামাৰীৰ সময়তো একাংশ চিকিৎসকে ৰাজ্যত চলাই গৈছে সন্ত্ৰাস ৷ শিৱসাগৰত তিনিগৰাকী চিকিৎসকৰ বিৰুদ্ধে দাখিল হৈছে এজাহাৰ ৷

কোৱাৰেণ্টাইন কেন্দ্ৰত পৰ্যাপ্ত সুবিধা নোপোৱাৰ অভিযোগ প্ৰৱাসী শ্ৰমিকৰ

মহামাৰী কৰ'ণা ভাইৰাছে সমগ্ৰ দেশজুৰি দ্ৰুত গতিত বৃদ্ধি পোৱা সময়তে দেওবাৰে পশ্চিম বংগৰ এজন প্ৰৱাসী শ্ৰমিকে কোৱাৰেণ্টাইন কেন্দ্ৰত পৰ্যাপ্ত পৰিমাণৰ সুবিধা নপোৱাৰ অভিযোগ উত্থাপন কৰিছে ।

তেলেংগানাত 23 সাংবাদিক কোভিড-19 পজিটিভ

দেওবাৰে তেলেংগানাত 23 গৰাকী সাংবাদিকৰ দেহত কোভিড-19ৰ উপস্থিতি পোৱা গৈছে ৷ ৰাজ্যখনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে এই তথ্য ৷

অত্যাৱশ্যকীয় সেৱাৰ সৈতে আজিৰে পৰা আৰম্ভ হ'ব মুম্বাই লোকেল ট্ৰেইন

কোভিড-19ৰ বাবে বন্ধ হৈ থকা মুম্বাইৰ জীৱনৰেখা, মুম্বাইৰ যোগাযোগ ব্যৱস্থাৰ অক্সিজেনস্বৰূপ লোকেল ট্ৰেইনৰ যাতায়ত আজিৰে পৰা আৰম্ভ হ'ব ৷

বঙাইগাৱঁত গাওঁ পঞ্চায়তৰ সহযোগত নিৰ্মাণ কোৱাৰেন্টাইন কেন্দ্ৰ

বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি, কোভিড-19 মহামাৰী যাতে বিয়পিব নোৱাৰে, তাৰ বাবে গাৱঁবাসীৰ সহযোগত বঙাইগাওঁ জিলা প্ৰশাসনে পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰিবলৈ বিশেষ আয়োজন কৰিছে ।

গোৰেশ্বৰত গণ সংক্ৰমনৰ দিশে কৰ'ণা, ই-ৰিক্সাই মাতিছে বিপ

এখন ই-ৰিক্সাৰ ফলত কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমনৰ দিশে গতি কৰিছে তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰ নগৰ । ই-ৰিক্সাৰে ঘৰলৈ যোৱা লোক দুজনৰ যোৱাকালি কৰ'ণা পজিটিভ ফলাফল আহিছে ৷

গহপুৰত 51 শিক্ষাৰ্থীক উৎসৱানন্দ গোস্বামী অনুপ্ৰেৰণা বঁটা প্ৰদান

শৈলজা সংকল্পৰ উদ্যোগত গহপুৰ শংকৰদেৱৰ শিক্ষা নিকেতন প্ৰেক্ষাগৃহত 51 জন শিক্ষাৰ্থীক উৎসৱানন্দ গোস্বামী অনুপ্ৰেৰণা বঁটা প্ৰদান কৰা হয় ।

উৰাবাতৰিৰ বিৰুদ্ধে সজাগ হৈছে মেঘালয় প্ৰশাসন

সামাজিক মাধ্যমত বিয়পোৱা দুটা উৰা বাতৰিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে তথ্য আৰু জনসংযোগ বিভাগে ৷ কোভিড 19 সন্দৰ্ভত উদ্দেশ্যপ্ৰণোদিতভাৱে উৰাবাতৰি বিয়পোৱাৰ অভিযোগ ৷

ABOUT THE AUTHOR

...view details