অসম

assam

ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি - top 10 news

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

Top 10 news at 7pm
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Jun 9, 2021, 7:09 PM IST

এক গুলিত তিনি চিকাৰ শোণিতপুৰ আৰক্ষীৰ

শোণিতপুৰৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযান ৷ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা ৷ তদুপৰি আৰক্ষীয়ে এই অভিযানত আটক কৰিবলৈ সক্ষম হৈছে 8 জনকৈ লোকক ৷

নগাঁৱত যুৱকৰ কামনাৰ বলি মুকবধি যুৱতী

নগাঁৱৰ ৰাঙলু উৰিয়াগ্ৰান্টত এগৰাকী মুকবধিৰ যুৱতী কামনাৰ বলি হ'ল একেখন গাঁৱৰে জিয়া উদ্দিন নামৰ এজন যুৱকৰ ৷ আঠমাহৰ অন্তসত্বা যুৱতীগৰাকী হঠাৎ অসুস্থ হৈ পৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ বিশেষভাৱে সক্ষমতাৰ সুযোগ লৈ যুৱকজনে যুৱতী গৰাকীক প্ৰায়ে কৰি আহিছিল ধৰ্ষণ ৷

খাৰুপেটীয়া আৰক্ষীৰ জালত চিকিৎসক আক্ৰমণকাৰী

এক এজাহাৰ ভিত্তিত মঙলবাৰে নিশা আৰক্ষীৰ জালত পৰে ৰাহুল আমিন নামৰ এজন যুৱক । যুৱকজনে খাৰুপেটীয়াত এগৰাকী চিকিৎসক আৰু তেওঁৰ পত্নীক আক্ৰমণ কৰিছিল । খাৰুপেটীয়াস্থিত আফ্ৰিন হেল্থ কেয়াৰ চেন্টাৰত সংঘটিত হৈছিল উক্ত ঘটনাটো ।

হঠাৎ অসুস্থ বিধায়ক ছিদ্দিক আহমেদ

প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমানৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক ছিদ্দিক আহমেদৰ স্বাস্থ্যৰ অৱনতি ৷ সোমবাৰৰ পৰা জ্বৰত ভুগি থকা বিধায়কগৰাকীক বুধবাৰে ভৰ্তি কৰোৱা হয় শিলচৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৷

হাবিৰ পৰা মহানগৰীৰ ৰাজপথ পালেহি গজৰাজ

ক্ৰমাগতভাৱে বৃদ্ধি পোৱা অৰণ্য ধ্বংসৰ ফলত প্ৰায়ে বনাঞ্চলৰ পৰা জনাঞ্চললৈ বন্যহস্তীৰ জাক ওলাই আহে আৰু জনাঞ্চলত তাণ্ডৱ সৃষ্টি কৰে বন্যহস্তীয়ে ৷ বুধবাৰে মহানগৰীৰ সাতগাঁওস্থিত সেনা চাউনিৰ সমীপত এটা বনৰীয়া হাতীয়ে তাণ্ডৱ সৃষ্টি কৰে । সাতগাঁও সেনা চাউনীৰ সমীপৰ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি আহি সেনা চাউনি হৈ সাতগাঁও বজাৰত প্ৰৱেশ কৰে হাতীটোৱে ।

যোৰাবাটত বিদ্যুৎ সংমণ্ডলৰ কামৰ বুজ ল'লে মন্ত্ৰী বিমল বৰাই

দায়িত্বভাৰ লৈয়ে অধিক তৎপৰ হৈ পৰিছে সাংস্কৃতিক, ক্ৰীড়া তথা শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰা । নিজে পৰিদৰ্শন কৰি বিভাগীয় কাম-কাজৰ বুজ লোৱা দেখা গৈছে মন্ত্ৰী বৰাক ৷ শেহতীয়াকৈ যোৰাবাটৰ সৰুতাৰিত উপস্থিত হয় শক্তিমন্ত্ৰী বিমল বৰা ৷

ন্যায়িক জিম্মালৈ প্ৰেৰণ উদালি কাণ্ডৰ ৯ অভিযুক্তক

বিগত সপ্তাহত সমগ্ৰ ৰাজ্য কঁপাই গৈছিল হোজাই জিলাৰ লংকাৰ ক’ভিড কেয়াৰ কেন্দ্ৰৰ চিকিৎসক আক্ৰমণৰ ঘটনাই । বিগত সপ্তাহৰ মঙলবাৰে লংকাৰ উদালী ক’ভিড কেয়াৰ কেন্দ্ৰত এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসক, চিকিৎসা কৰ্মীৰ ওপৰত জঁপিয়াই পৰিছিল অঞ্চলটোৰ একাংশ লোক । বুধবাৰে হোজাই আৰক্ষীৰ চাৰিদিনৰ ৰিমাণ্ড শেষ হোৱাত এগৰাকী মহিলাসহ 11 অভিযুক্তক 14 দিনৰ ন্যায়িক জিম্মা(judicial custody)লৈ প্ৰেৰণ কৰিছে হোজাই আৰক্ষীয়ে ৷

নিয়ম ভংগকাৰীক ফুলাম গামোচা পিন্ধালে প্ৰশাসনে !

জাৱৰ পেলাই পৰিবেশ বিনষ্ট কৰা লোকৰ বিৰুদ্ধে নাজিৰা মহকুমা প্ৰশাসনে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । প্ৰশাসনে জাৰি কৰা নিয়ম উলংঘা কৰাৰ অভিযোগত এগৰাকী ব্যৱসায়ীক ফুলাম গামোচা পিন্ধাই ৰাইজৰ আগত শাস্তি বিহিলে প্ৰশাসনৰ লোকেসকলে ৷

হাফলঙত সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ

অৱশেষত হাফলঙৰ ওয়াইংদিছা গাঁৱত উদ্ধাৰ হ'ল ফিৰঞ্জিত কেম্প্ৰাইৰ মৃতদেহ । চামপাৰিদিছা গাঁৱৰ ফিৰঞ্জিত কেম্প্ৰাই যোৱা ৫ জুনৰ পৰাই সন্ধানহীন হৈ আছিল । ফিৰঞ্জিত কেম্প্ৰাই দ্বাদশ শ্ৰেণীৰ ছাত্ৰ আছিল ।

ভাৰতৰ প্ৰথম সৌৰ মহাকাশ অভিযানত ARIESয়ে সহায় কৰিব ISROক

ভাৰতে সূৰ্যৰ অধ্যয়নৰ বাবে প্ৰথম সৌৰ অভিযান আদিত্য এল-১(Aditya L-1) আৰম্ভ কৰিব । ৱেব ইণ্টাৰফেচৰ জৰিয়তে ভাৰতৰ প্ৰথম সৌৰ মহাকাশ অভিযানৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ এটা সামূহিক সেৱা কেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াক উত্তৰাখণ্ডৰ নাইনিতালৰ আৰ্যভট্ট গৱেষণা পৰ্যৱেক্ষণ বিজ্ঞান প্ৰতিষ্ঠানত(ARIES) স্থাপন কৰা হৈছে ।

ABOUT THE AUTHOR

...view details