অসম

assam

ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি - top 10 news

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

Top 10 News @7pm
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Jun 5, 2021, 7:05 PM IST

টকা লৈ কোনে দিছিল কংগ্ৰেছৰ টিকট ?

ৰাজ্যৰ শেহতীয়া বিধান সভা নিৰ্বাচনত বিধ্বস্ত হৈছিল কংগ্ৰেছ দল ৷ দলটোৱে নিজৰ পৰাজয়ৰ গ্লানি আঁতৰাবলৈ নৱগঠিত আঞ্চলিক দলক দোষ প্ৰদান কৰাৰ চেষ্টা কৰিছিল যদিও, শেহতীয়াকৈ দলটোৰ এগৰাকী নেতাই অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷ ইটিভি ভাৰতৰ এক্সক্লুচিভ প্ৰতিবেদন ৷

প্ৰকৃতিৰ নামত জীৱন উচৰ্গিত এগৰাকী বিশেষ ব্যক্তি

জীৱনৰ অধিক সময় পৰিৱেশ গঢ় দিয়াত ব্যস্ত ৬০ উৰ্দ্ধৰ এজন লোক ৷ ব্যক্তিগত প্ৰচেষ্টাত তেওঁ গঢ় দিবলৈ সক্ষম হৈছে এখন উদ্যান ৷ যিখন উদ্যানলৈ আগমন ঘটে বহু বন্য জীৱ-জন্তুৰ ৷ সবিশেষ চাওক এই প্ৰতিবেদনত...

ক'ভিডত আক্ৰান্ত হৈ জিএমচিএইছত ভৰ্তি শিল্পী নীলপৱন বৰুৱা

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি বিশিষ্ট শিল্পী নীলপৱন বৰুৱা । ক'ভিড (Covid 19) ত আক্ৰান্ত শিল্পীগৰাকীক পুৱা জি এম চি এইছ (GMCH) ৰ মাল্টি স্পেছিয়েলিটি ইউনিটত ভৰ্তি কৰোৱা হয় । শ্বাস-প্ৰশ্বাসত অসুবিধা পোৱাত তেওঁক লগে লগে চিকিৎসালয়লৈ অনা হয় ।

ৰূপহীহাটত চুপাৰী ফেক্টৰীত আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ অভিযান

নগাঁও জিলাৰ ৰূপহীহাটৰ চুপাৰী ফেক্টৰীত অভিযান চলালে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । শুকুৰবাৰে নিশাই আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই বাৰ্মিজ চুপাৰী মজুত ৰখাৰ সন্দেহত বৃহৎ পৰিমাণৰ চুপাৰী জব্দ কৰাৰ পিছত শনিবাৰ পৰ্যন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান । শনিবাৰে স্থানীয় দণ্ডাধীশৰ উপস্থিতিত ৰূপহীহাটৰ ফাকলী, নতুন বজাৰ আদি স্থানৰ কেবাটাও ফেক্টৰীত অভিযান চলায় নগাঁও আৰক্ষীৰ এটা বৃহৎ দলে ।

পৰেশ বৰুৱাক মূল সুঁতিলৈ আহিবলৈ আহ্বান প্ৰমোদ বড়োৰ

বিটিআৰৰ বিৰোধী দল বিপিএফে সদনত উপস্থিত নথকা বিষয়টোতো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷ তেওঁ এই সন্দৰ্ভত ৰাজ্যপালক অভিযোগ দিয়া কথাও জানিবলৈ দিয়ে ।

বিজেপিৰ সভাপতিৰ আসনক লৈ কি মন্তব্য কৰিলে বিধায়ক ভৱেশ কলিতাই ?

বিজেপিৰ সভাপতিৰ আসনক লৈ ৰঙিয়াত বিধায়ক ভৱেশ কলিতাই আগবঢ়ালে মন্তব্য । সভাপতি নহয়, দলে যি দায়িত্ব দিয়ে সেয়া নিষ্ঠা সহকাৰে পালন কৰিবলৈ সাজু প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ সমষ্টিৰ বিধায়ক ভৱেশ কলিতা । সাংবাদিকৰে সৈতে হোৱা এক কথোপকথনত বিজেপিৰ জ্যেষ্ঠ নেতা ভৱেশ কলিতাই এইদৰে মন্তব্য কৰে ।

পুনৰুদ্ধাৰ হ’ল ভেংকয়া নাইডুৰ ব্যক্তিগত টুইটাৰৰ ব্লু টীক

উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৰ টুইটাৰ একাউণ্টৰ পৰা ‘ভেৰিফাইড ব্লু টিক’ আঁতৰাই পৰৱৰ্তী সময়ত পুনৰুদ্ধাৰ কৰে টুইটাৰে ৷ দীৰ্ঘসময় ধৰি তেওঁক ব্যক্তিগত একাউণ্টটো নিস্ক্ৰিয় হৈ থকা বাবে ব্লু টীক আঁতৰাইছিল টুইটাৰে ৷

টুইটাৰ (twitter) কতৃপক্ষক ভাৰত চৰকাৰৰ অন্তিম জাননী
টুইটাৰ (twitter) কোম্পানীক ভাৰত চৰকাৰে দিলে অন্তিম জাননী । সামাজিক মাধ্যমৰ নতুন নিয়ম অনুসৰণৰ বাবে টুইটাৰ (twitter)ক চৰকাৰে শনিবাৰে দিলে এই অন্তিম জাননী । নতুন নিয়ম অনুসৰি টুইটাৰে ভাৰতীয় বিষয়াক নিয়োগ কৰিব লাগিব ।

মাউতৰ মৃত্যুত শেষ শ্ৰদ্ধাঞ্জলি জনালে পল্লট ব্ৰহ্মদাথনে

মাউতৰ মৃত্যুত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে এটা হাতীয়ে ৷ কোট্টায়ামৰ 78 বৰ্ষীয় মাউত দামোদৰন নায়াৰ ওৰফে ওমানা চেটন বিগত 25 বছৰে ‘পল্লট ব্ৰহ্মদাথন’ নামৰ হাতীটোৰ মাউত আছিল ৷ দামোদৰন নায়াৰৰ মৃত্যুত চেলুট জনাই শেষ বিদায় দিলে ব্ৰহ্মদাথনে ৷

১১ এচিএছ বিষয়াক আইএএছলৈ মনোনিত

কৰ্মৰত হৈ থকা ১১ গৰাকী এচিএছ বিষয়াক আইএএছ পদমৰ্যদালৈ মনোনিত কৰিছে ৰাজ্যচৰকাৰে । এই ১১ গৰাকী বিষয়া হ'ল ক্ৰমে অশোক কুমাৰ বৰ্মন, বন্দনা চৌধুৰী, দেৱজ্যোতি দত্ত, পাৰ্থপ্ৰতীম মজুমদাৰ, অভিজিত বৰুৱা, মৃদুল কুমাৰ মহন্ত, নন্দিতা দত্ত, ৰিতুৰাজ বৰা, ভাৰতভুষণ দেৱচৌধুৰী, শেৱালী দেৱী শৰ্মা আৰু পবিত্ৰৰাম খাউণ্ড ।

ABOUT THE AUTHOR

...view details