অসম

assam

ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি - Top news

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

Top 10 News @ 7pm
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : May 24, 2021, 7:02 PM IST

ব্লেক আৰু হোৱাইট ফাংগাছৰ পাছত এইবাৰ আহিছে ‘য়েল্ল’ ফাংগাছ’

দেশৰ কেবাখনো ৰাজ্যত ব্লেক আৰু হোৱাইট ফাংগাছত আক্ৰান্ত ৰোগী পোহৰলৈ অহাৰ পাছত এইবাৰ দিল্লীত পোহৰলৈ আহিছে য়েল্ল’ ফাংগাছ সংক্ৰমণৰ ঘটনা ৷ কি এই য়েল্ল’ ফাংগাছ ? য়েল্ল’ ফাংগাছৰ লক্ষণসমূহ কেনেধৰণৰ? কেনেদৰে নিজক ৰক্ষা কৰিব এই ৰোগৰ পৰা ? সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

অখিল গগৈ এজন মানসিক ৰোগী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

অসম বিধানসভাৰ সদনৰ মজিয়াত কৃষক নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ সন্দৰ্ভত মন্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ক’লে, অখিল গগৈয়ে এতিয়া মানসিক ৰোগত ভুগি আছে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, মানসিক ৰোগত ভুগি বিগত চাৰিমাহে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে অখিল গগৈ ৷

অসমত আৱদ্ধ হৈ আছে কেৰালাৰ ৫৩৬ খন যাত্ৰীবাহী বাছ

বহিঃৰাজ্যৰ পৰা অহা ৫৩৬ খন যাত্ৰীবাহী বাছ যোৱা এমাহে আবদ্ধ হৈ আছে অসমৰ বিভিন্ন ঠাইত । কেৰালাত কৰ্মৰত অসমৰ প্ৰায় তিনি হাজাৰ যুৱক-যুৱতীয়ে বিধানসভা নিৰ্বাচন আৰু ঈদৰ পূৰ্বে অসমলৈ আহিছিল এটা ট্ৰেভেল এজেঞ্চিৰ জৰিয়তে । তাৰ বাবদ এগৰাকী যাত্ৰীয়ে পাঁচ হাজাৰ টকা দিব লগা হৈছিল ট্ৰেভেল এজেঞ্চিক ৷

অসমীয়া ছবি পৰিচালক দাৰা আহমেদ আৰু নাই

অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় পৰিচালক দাৰা আহমেদৰ দেহাৱসান । সোমবাৰে পুৱা গুৱাহাটীৰ এপল’ হাস্পতালত মৃত্যু হয় পৰিচালকগৰাকীৰ । দাৰা আহমেদৰ জ্যেষ্ঠ ভনীয়েক তথা বিশিষ্ট সাহিত্যিক, গীতিকাৰ এলি আহমেদে জনোৱা মতে, দেওবাৰে দুপৰীয়া ভাগত ভাত খাই উঠাৰ পাচতেই হঠাৎ বুকুত বিষ অনুভৱ কৰাত ততালিকে তেওঁক এপল’ হাস্পতালক ভৰ্তি কৰোৱা হয় ৷ চিকিৎসকে লগে লগে আইচিইউত ভৰ্তি কৰে পৰিচালকগৰাকীক ।

দম্পতী হত্যাৰ হত্যাকাৰীক ফাঁচিৰ দাবীত উত্তাল বিলাসীপাৰা

বিগত সপ্তাহৰ মঙলবাৰে নিশা বিলাসীপাৰা মহকুমাৰ লক্ষীগঞ্জ পাইকানডাৰা 2য় খণ্ড গাঁৱত সংঘটিত দম্পতী হত্যাকাণ্ডই উত্তাল কৰিছে বিলাসীপাৰা ৷ 9 বছৰীয়া পুত্ৰ সন্তানৰ সন্মুখতে পিতৃ-মাতৃক হত্যা কৰা ডকাইতৰ দলটোক কৰায়ত্ব কৰি হত্যাকাৰীক ফাঁচিৰ দাবীত সোমবাৰে বিলাসীপাৰা মহকুমাৰ লক্ষীগঞ্জ আৰক্ষী চকী ঘেৰাও কৰে স্থানীয় ৰাইজে ৷

তিনিচুকীয়া সংৰক্ষিত আৰক্ষী নিৱেশত অঘটন

তিনিচুকীয়া জিলা নশৰাই গাঁৱৰ আৰক্ষীৰ সংৰক্ষিত চাউনিত নিৰ্গত বিষাক্ত ক্লৰিণ গেছ ৷ তিনিচুকীয়া সংৰক্ষিত আৰক্ষী নিৱেশত ক্লৰিণ গেছ নষ্ট কৰি থাকোতেই সংঘটিত হয এই অঘটন ৷

বাক্সাত পুনৰ অস্ত্ৰসহ যুৱকক গ্ৰেপ্তাৰ

বাক্সাত পুনৰ অস্ত্ৰসহ এজন যুৱকক কৰায়ত্ত আৰক্ষীৰ ৷ দেওবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি বৰমা আৰক্ষী, সেনা বাহিনী আৰু চিআৰপিএফে যৌথ অভিযান চলাই আলাগঝাৰৰ ভৱেশ বৰ্মন নামৰ এজন যুৱকক কৰায়ত্ত কৰে ৷

বঙাইগাঁৱত মৰিল পুলিচগিৰীৰ কৰি আটক তিনিজন

বঙাইগাঁও জিলাৰ সদৰ থানাৰ অন্তৰ্গত গৰাইমাৰীত সংঘটিত হোৱা মৰেল পুলিচগিৰীৰ ঘটনাৰ অভিযোগত অভিযুক্ত হোৱা তিনিজনত মঙলবাৰে আটক কৰে আৰক্ষীয়ে ৷ ঘটনাৰ সৈতে জড়িত আন বহু কেইজন বৰ্তমানেও পলাতক ৷

পাণ্ডিয়া ব্ৰাদাৰ্চৰ মহানুভৱতা: দান কৰিব 200 টা অক্সিজেন কণচেন্ট্ৰেট’ৰ

ভাৰতীয় ক্ৰিকেটত পাণ্ডিয়া ভাতৃখ্যাত হাৰ্দিক আৰু কুৰ্ণাল পাণ্ডিয়াই পুনৰ এবাৰ ক’ভিড মহামাৰীৰে যুঁজি থকা লোকসকলৰ সহায়ৰ বাবে আগুৱাই আহিছে ৷ দুয়োগৰাকী ক্ৰিকেটাৰে বিভিন্ন ক’ভিড কেয়াৰ কেন্দ্ৰলৈ অক্সিজেন কণচেন্ট্ৰেট’ৰ প্ৰেৰণ কৰি আছে ৷ ভাৰতীয় ক্ৰিকেট দলৰ তৰফৰ পৰা এদিনীয়া আৰু টি-20 মেচ খেলা কুৰ্ণাল পাণ্ডিয়াই সোমবাৰে টুইটাৰ যোগে এই কথা সদৰি কৰিছে ৷

অৱশেষত আৰক্ষীৰ জালত অযোধ্যা হত্যাকাণ্ডৰ মূল অভিযুক্ত

অৱশেষত অযোধ্যাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ মূল অভিযুক্ত আৰক্ষীৰ জালত । কুচেৰা অঞ্চলত মূল অভিযুক্ত পৱনক অযোধ্যা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । প্ৰথমে পৱন আৰু আৰক্ষীৰ মাজত গুলীয়াগুলী সংঘটিত হৈছিল । পৱনৰ গুলীত এগৰাকী অযোধ্যা আৰক্ষী আঘাতপ্ৰাপ্ত হৈছিল যদিও অৱশেষত পৱনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

ABOUT THE AUTHOR

...view details