আনুষ্ঠানিকভাৱে ৰাজ্যসভালৈ নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল
ৰাজ্যসভাৰ সাংসদৰূপে নিৰ্বাচিত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । সোমবাৰে বিয়লি ৩ বজাৰ লগে লগে অসম বিধানসভা সচিবালয়ত ৰাজ্যসভা নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়াই বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷
হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাচত ব্যৱসায় ভাল হৈছে আজমলৰ : ভূপেন বৰা
'এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷' বদৰুদ্দিন আজমলক কটাক্ষ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, এই দুয়োগৰাকী নেতাৰ মাজত নিৰ্বাচনৰ আগত ভোটৰ কথা আৰু নিৰ্বাচনৰ পাচত নোটৰ কথা আলোচনা হয় ৷
বগীবিলত টোলগেট স্থাপনৰ বিৰুদ্ধে আছুৰ ব্যাপক প্ৰতিবাদ
বগীবিল দলঙৰ সমীপত স্থাপন কৰা টোলগেট মুকলিৰ লগে লগে উত্তৰ আৰু দক্ষিণপৰীয়া লোকসকল ব্যাপক সমস্যাৰ সন্মুখীন হ’ব । ইয়াকে লৈ সোমবাৰে আছুৰ ডিব্ৰুগড় জিলা, ধেমাজি জিলা আৰু লক্ষীমপুৰ জিলা সমিতিৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় টোলগেটৰ সমীপত ।
গৰুখুঁটি ৰক্তাক্ত কৰাৰ আঁৰত কোন তিনিটা সংগঠন ?
ৰাজ্য চৰকাৰৰ চোৰাংচোৱাই গৰুখুঁটিৰ ঘটনাৰ সৈতে তিনিটা সংগঠন জড়িত থকাৰ তথ্য সদৰি কৰিছে ৰাজ্য চৰকাৰৰ আগত ৷ এই সমগ্ৰ ঘটনাৰ আঁৰত থকা ছয়জন ব্যক্তিৰ নামো সদৰি কৰিছে ৰাজ্যৰ চোৰাংচোৱা বিভাগে ৷ বেদখলকাৰী সকলক আৰক্ষীক আক্ৰমণৰ বাবে উচতনি দিছিল এই চক্ৰটোৱে ।
নগাঁৱত অৰ্ধ শতাধিক বন্ধ সমর্থকক আটক আৰক্ষীৰ
বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত সংযুক্ত কিষাণ মৰ্চাই সোমবাৰে আহ্বান জনোৱা ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে নগাঁৱত ৷ কেইবাটাও বামপন্থী দলৰ সমৰ্থনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উলিওৱা প্ৰতিবাদত বাধা প্ৰদান আৰক্ষীৰ ৷ প্ৰায় অৰ্ধ শতাধিক বন্ধ সমর্থকক আটক কৰি নগাঁও সদৰ থানালৈ নিয়ে আৰক্ষীয়ে ৷