অসম

assam

By

Published : May 25, 2021, 5:08 PM IST

ETV Bharat / state

বিয়লি 5 বজাৰ শীৰ্ষ দহটা বাতৰি

বিয়লি 5 বজাৰ শীৰ্ষ দহটা বাতৰি

Top 10 News at 5pm
বিয়লি 5 বজাৰ শীৰ্ষ দহটা বাতৰি

নগাঁৱত আনন্দ মিশ্ৰৰ বাবে নিদ্ৰাহৰণ ড্ৰাগছ ব্যৱসায়ীৰ

নগাঁও জিলা আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছৰে পৰা নগাঁৱত ধাৰাবাহিকভাৱে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ জিলাখনত সংঘটিত হৈ থকা বিভিন্ন ধৰণৰ অপৰাধৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নৱ নিযুক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

অন্ধকাৰৰ সুযোগ গ্ৰহণ দুৰ্বৃত্তৰ: কাটি তহিলং কৰিলে গছ

ৰঙিয়াৰ খন্দিকৰত দুৰ্বৃত্তৰ তাণ্ডৱ । খন্দিকৰ গাঁৱত এগৰাকী শিক্ষকে আঢ়ৈ বিঘা মাটিত তামোল, কল, ভিন্ন সোৱাদৰ টেঙাকে ধৰি বহু ঔষধিযুক্ত গছপুলি ৰোপণ কৰিছিল । কিন্তু নিশাৰ অন্ধকাৰৰ সুযোগ লৈ কোনো দুৰ্বৃত্তই এফালৰ পৰা গছসমূহ কাটি তহিলং কৰে । এই ঘটনাই সমগ্ৰ খন্দিকৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

এজন যুৱকৰ উদ্ভাৱনে দৃষ্টি আকৰ্ষণ কৰিছে দিখৌমুখবাসীৰ

শিৱসাগৰৰ দিখৌমুখৰ ৰাজতিলক সাউদ নামৰ যুৱকজনে উদ্ভাৱন কৰিছে হেণ্ড চেনিটাইজাৰ মেচিন আৰু পানীৰ টেপ ৷ কোনো ধৰণৰ ছুইছৰ প্ৰয়োজন নোহোৱাকৈ হেণ্ড চেনিটাইজাৰ মেচিন আৰু পানীৰ টেপৰ সন্মুখত হাতখন দিলে নিজে নিজে চেনিটাইজাৰ আৰু পানী ওলাই আহে ।

গ্ৰেপ্তাৰ কৰা ৰাইজৰ দলৰ সদস্যক মুকলি

শিৱসাগৰ আৰু শিমলুগুৰি আৰক্ষীয়ে সোমবাৰে নিশা আটক কৰা জাতীয় সংগঠন আৰু ৰাইজৰ দলৰ চাৰিওগৰাকী যুৱ নেতাক মঙলবাৰে পুৱা প্ৰায় 10 বজাত মুকলি কৰি দিয়ে আৰক্ষীয়ে । কোনো কাৰণ নোহোৱাকৈ জাতীয় সংগঠন কেইটাৰ প্ৰতিনিধিক আটক কৰা ঘটনাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ৷

য়াছৰ ফলত ওড়িশা-পশ্চিমবংগৰ সীমান্তত ভূমিস্খলনৰ সম্ভাৱনা

আসন্ন তীব্ৰবেগী ঘূৰ্ণী বতাহ য়াছৰ ফলত ওড়িশা আৰু পশ্চিমবংগৰ সীমান্তত ভূমিস্খলন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ এই তথ্যৰ ভিত্তিত ইতিমধ্যে জিলা দুখনৰ প্ৰশাসনে স্থানীয় লোকসকলক বাসগৃহৰ পৰা জগতসিংপুৰ জিলাৰ আশ্ৰয়গৃহলৈ স্থানান্তৰ কৰিছে ।

অৰুণাচলক চীনৰ অংশ বুলি কৈ গ্ৰেপ্তাৰ লুধিয়ানাৰ ইউ টিউবাৰ

শেহতীয়াকৈ সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ লগতে ইউ টিউবৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰিছে দেশৰ বহু যুৱক-যুৱতীয়ে । কিন্তু একাংশ ইউ টিউবাৰে ভুল তথ্য যোগান ধৰি বিভ্ৰান্তি সৃষ্টি কৰাও দেখা গৈছে । এইবাৰ ইউ টিউবত ভুল তথ্য দি গ্ৰেপ্তাৰ লুধিয়ানাৰ এজন ইউ টিউবাৰ ।

পিআৰএলৰ পৰা নিৰ্গত ক'লা ধোঁৱাত আতংকিত ৰাইজ

নগাঁৱৰ পুৰণিগুদামৰ কাষৰ গাঁৱত অৱস্থিত পিআৰএল নামৰ পথ নিৰ্মাণ কৰা কোম্পানীটোৱে যোৱা এটা বছৰ ধৰি উৰিয়াগাঁৱৰ পৰা টেলিয়াগাঁৱলৈকে চাৰিলেনযুক্ত পথ নিৰ্মাণ কাৰ্যত নিয়োজিত হৈ আছে । কিন্তু বিগত কিছুদিন ধৰি সেই কোম্পানীটোৰ পৰা অহৰহ ক'লা ধোঁৱা ওলাই থকা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

কামপুৰৰ কপিলী নদীত সন্ধানহীন যুৱক

কপিলী নদীত সন্ধানহীন যুৱক ৷ সাতুৰি কপিলী নদী পাৰ হ’বলৈ চেষ্টা কৰোতেই নদীৰ মাজত ডুৱ যায় যুৱকজন ৷ অব্যাহত এছ ডি আৰ এফৰ বাহিনীৰ অভিযান ৷

পুত্ৰ হোম আইচ'লেশ্যনত, প্ৰশাসনে কৰিলে মাতৃৰ অন্তিত সৎকাৰ

পুত্ৰ ক'ভিডত আক্ৰান্ত হৈ হোম আইচ'লেশ্যনত থকাৰ বাবে ত্ৰিপুৰাত প্ৰশাসনে কৰিলে এগৰাকী বৃদ্ধাৰ অন্তিত সৎকাৰ । ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সন্দেহত বৃদ্ধাগৰাকীৰ জীয়েক তথা আত্মীয় আৰু স্থানীয় লোকো নাহিল অন্ত্যেষ্টিক্ৰিয়ালৈ ।

তেলেংগানাত আৰম্ভ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কাৰ্যসূচী

তেলেংগানা চৰকাৰে আৰম্ভ কৰিলে ক’ভিড 19 ৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী । ৰাজ্য চৰকাৰে মঙলবাৰৰ পৰা আৰম্ভ কৰে এই কাৰ্যসূচী । এই কাৰ্যসূচী ৰাজ্যৰ সকলো চৰকাৰী চিকিৎসালয়ত আৰম্ভ হৈছে । লগতে প্ৰতিখন জিলাৰ চৰকাৰী টীকাকৰণ কেন্দ্ৰসমূহতো এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে ।

ABOUT THE AUTHOR

...view details